Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (535.00 kb ) version to your machine and then use respective software to print the story.
Date: 24/05/2017
বিত্তীয় সাক্ষৰতা সপ্তাহ

আৰ বি আই/২০১৬-১৭/২৭৫
এফআইডিডি.এফএলচি.বিচি.নং.২৭/১২.০১.০১৮/২০১৬-১৭

১৩ এপ্ৰিল, ২০১৭

প্ৰতিঃ অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া,
সূচীভুক্ত বাণিজ্যিক বেংকসমূহ
(আৰ আৰ বিক অন্তৰ্ভুক্ত কৰি)

মহাশয়/মহাশয়া,

বিত্তীয় সাক্ষৰতা সপ্তাহ

বিত্তীয় সাক্ষৰতাৰ প্ৰভাৱক গুৰুত্ব দিবলৈ, জুন ৫-৯, ২০১৭ সপ্তাহটোক সমগ্ৰ দেশজুৰি বিত্তীয় সাক্ষৰতা সপ্তাহ হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে।

২. সাক্ষৰতা সপ্তাহে দৃষ্টিপাত কৰিব চাৰিটা প্ৰশস্ত মূল বিষয়বস্তুত, তদৰ্থে KYC, Exercising Credit Discipline, Grievance Redressal আৰু ডিজিটেল হোৱা (UPI আৰু *99#)। ওপৰোক্ত প্ৰশস্ত বিষয়বস্তুত ভিত্তি কৰি সাধাৰণ মানুহৰ মাজত প্ৰচাৰ কৰাৰ বাবে যুগুতোৱা পাঁচটা বাৰ্তা, financial education webpage of RBI ৰ ডাউনলড শাখাত “Financial Literacy Week ৰ অধীনত উপলব্ধ।

৩. বেংক শাখাবোৰত প্ৰদৰ্শন কৰিবলগীয়া পোষ্টাৰবোৰ (A3 আকাৰৰ), শিবিৰ অংশগ্ৰহণকাৰীসকলক বিতৰণ কৰিবলগীয়া ফ্লায়াৰবোৰ (A5 আকাৰৰ) আৰু শিবিৰৰ সময়ত প্ৰশিক্ষকসকলে ব্যৱহাৰ কৰিবলগীয়া চাৰ্টবোৰৰ (A2 আকাৰৰ) স্থানীয় ভাষাৰ ৰূপান্তৰ বিলাক ছপা কৰা হব আৰু আৰ বি আইৰ আঞ্চলিক কাৰ্যালয়সমূহে যোগান ধৰিব। প্ৰতিটো বেংক শাখাক ৫খন A2 আকাৰৰ চাৰ্ট (৫ চাৰ্টৰ এটা চেট) যোগান ধৰা হব। প্ৰতিটো গ্ৰামীণ শিবিৰ আৰু বেংক শাখাত বিতৰণৰ বাবে অতিৰিক্তভাৱে ৫০০খন A5 আকাৰৰ ফ্লায়াৰ (৫খন ফ্লায়াৰ ১০০টা চেট), আৰু শিবিৰ অনুষ্ঠিত কৰাৰ সময়ত শাখা পৰিচালকসকলে ব্যৱহাৰ কৰাৰ বাবে ৫খন A2 আকাৰৰ চাৰ্ট (৫খন চাৰ্টৰ ১টা চেট) দিয়া হব। শিবিৰ অনুষ্ঠিত কৰাৰ সময়ত এফ এল চি কাউন্সেলৰসকলে ব্যৱহাৰ কৰাৰ বাবে প্ৰতিটো এফ এল চিক ৫খন A2 আকাৰৰ চাৰ্ট (৫খন চাৰ্টৰ এটা চেট) আৰু এফ এল চি শিবিৰৰ সময়ত শিবিৰ অংশগ্ৰহণকাৰীক বিতৰণৰ বাবে ১০০০খন A5 ফ্লায়াৰ (৫ ফ্লায়াৰৰ ২০০টা চেট) যোগান ধৰা হব।

৪. মে’ৰ প্ৰথম দুটা সপ্তাহত আৰ বি আইৰ আঞ্চলিক কাৰ্যালয়সমূহৰ পৰা পোষ্টাৰ/ফ্লায়াৰ/চাৰ্টবোৰ সংগ্ৰহ কৰা আৰু সেইবিলাক বিত্তীয় সাক্ষৰতা সপ্তাহৰ যথেষ্ট আগতে নিজ নিজ শাখাবোৰ আৰু এফ এল চিবিলাকক বিতৰণৰ বাবে যাৱতীয় সঞ্চালক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বেংকবিলাকক দিহা দিয়া হল।

৫. সপ্তাহটোত নিম্নোক্ত কাৰ্যকলাপ বিলাকৰ পৰিকল্পনা কৰা হৈছে-

ক. বেংকবিলাকে নিজৰ বিত্তীয় সাক্ষৰতা কেন্দ্ৰসমূহক সেই পাঁচ দিনৰ প্ৰতি দিনতে পিছপৰা/বেংকবিহীন অঞ্চলবোৰত বিশেষ শিবিৰ অনুষ্ঠিত কৰিবলৈ দিহা দিব। এফ এল চি কাউন্সেলৰসকলে A2 আকাৰৰ চাৰ্টবিলাক প্ৰশিক্ষণ উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। এফ এল চি বিলাকে A5 আকাৰৰ প্ৰচাৰ সামগ্ৰীবোৰ অংশগ্ৰহণকাৰীসকলক বিতৰণ কৰিব।

খ. দেশৰ সকলো বেংক শাখাই, স্থানীয় ভাষাত বাৰ্তা পাঁচটাৰ A3 আকাৰৰ পোষ্টাৰবোৰ শাখা চৌহদৰ ভিতৰত চকুত পৰাকৈ প্ৰদৰ্শন কৰিব। বিত্তীয় সাক্ষৰতা সপ্তাহ হৈ যোৱাৰ পাছতো শাখাবোৰত কমেও ছমাহলৈ এই পোষ্টাৰবোৰ প্ৰদৰ্শিত হৈ থাকিব।

গ. বেংকবিলাকে নিজা ৱেবছাইটৰ হ’মপেজত প্ৰতিটো দিনত এটাকৈ বাৰ্তা ইংৰাজী আৰু হিন্দীত প্ৰদৰ্শন কৰিব আৰু সমগ্ৰ দেশৰ এ টি এম স্ক্ৰীণত একোটাকৈ বাৰ্তা ইংৰাজী আৰু স্থানীয় ভাষাত (সংলগ্ন) প্ৰদৰ্শন কৰিব।

ঘ. সকলো গ্ৰামীণ শাখাই সপ্তাহটোৰ পাঁচটা দিনৰ যিকোনো এদিনত বেংক কৰ্মসময়ৰ পাছত শিবিৰ অনুষ্ঠিত কৰিব।

ঙ. বিত্তীয় সাক্ষৰতা সম্পৰ্কে আগ্ৰহ/সজাগতা বৃদ্ধি কৰিবলৈ প্ৰশস্ত বিষয়বস্তু চাৰিটাৰ ওপৰত জনসাধাৰণৰ মাজত অনলাইন কুইজ পতা হব। কুইজৰ সবিশেষ আমাৰ ৱেবছাইট www.rbi.org.in ত শীঘ্ৰে জনোৱা হব।

৬. বিত্তীয় সাক্ষৰতা সপ্তাহ উদযাপনৰ সময়ত সাধাৰণ মানুহৰ ওচৰ চাপিবলৈ আমি প্ৰয়াস কৰিছো আৰু এই প্ৰয়াসৰ অতি সফল ৰূপায়ণত বেংকিং পৰিয়ালৰ পৰা সৰ্বাত্মক সহযোগিতা আমি কামনা কৰিছো।

আপোনাৰ বিশ্বাসী

(উমা শংকৰ)
ভাৰপ্ৰাপ্ত মুখ্য মহা প্ৰৱন্ধক

সংলগ্ন – ওপৰৰ মতে

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt