Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (135.00 kb ) version to your machine and then use respective software to print the story.
Date: 20/04/2017
চভাৰেইন গল্ড বণ্ডছ ২০১৭-১৮ – শৃংখলা-২ সঞ্চালন নিৰ্দেশিকা

আৰ বি আই/২০১৬-১৭/২৯০
আই ডি এম ডি.চি ডি ডি. নং ২৭৫৯/১৪.০৪.০৫০/২০১৬-১৭

২০ এপ্ৰিল,২০১৭

অধ্যক্ষ আৰু পৰিচালন সঞ্চালক
সকলো সূচীভূক্ত বাণিজ্যিক বেংক(আৰ আৰ বি বাদে)
মনোনীত ডাকঘৰসমূহ
ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া লিমিটেড (এছ এইছ চি আই এল)
নেশ্যনেল ষ্টক একচেঞ্জ অব ইণ্ডিয়া লিমিটেড আৰু
বম্বে ষ্টক একচেঞ্জ

মহাশয়/মহাশয়া,

চভাৰেইন গল্ড বণ্ডছ ২০১৭-১৮ – শৃংখলা-২ সঞ্চালন নিৰ্দেশিকা

চভাৰেইন গল্ড বণ্ডছ,২০১৭-১৮ – শৃংখলা-২ বিষয়ক Gol Notification F.No.4(8)-W&M/2017 আৰু RBI Circular IDMD.CDD.No.2760/14.04.050/2016-17 dated April 20, 2017-ত ইয়াৰ সন্দৰ্ভ লওক। এই সন্দৰ্ভত সঘনাই সোধা প্ৰশ্নবোৰ (FAQs) আমাৰ ৱেবছাইট (www.rbi.org.in) ত স্থাপন কৰা হৈছে। এই আঁচনি সংক্ৰান্তীয় সঞ্চালন নিৰ্দেশিকা তলত দিয়া হ’ল-

১. আবেদন

বিনিয়োগকাৰীসকলৰ পৰা আবেদন প্ৰ-পত্ৰসমূহ ২৪ এপ্ৰিল, ২০১৭ৰ পৰা ২৮ এপ্ৰিল,২০১৭লৈ স্বাভাৱিক বেংকিং সময়ছোৱাত সকলো শাখাত গ্ৰহণ কৰা হ’ব। গ্ৰহণকাৰী কাৰ্যালয়ে নিশ্চিত কৰিব লাগিব যাতে আবেদনখন সকলো দিশৰ পৰা সম্পূৰ্ণ হয় যিহেতু অসম্পূৰ্ণ আবেদন অগ্ৰাহ্য হ’ব পাৰে। আৱশ্যক অনুসাৰে, আবেদনকাৰীৰ পৰা সংশ্লিষ্ট অতিৰিক্ত তথ্যপাতি ল’ব পাৰে। উন্নত গ্ৰাহক সেৱাৰ স্বাৰ্থত, গ্ৰহণকাৰী কাৰ্যালয়ে বিনিয়োগকাৰীক অন-লাইনযোগে আবেদন কৰাৰ বন্দোৱস্ত কৰিব।

২. যুটীয়া ধাৰকত্ব আৰু মনোনয়ন

একাধিক যৌথ ধাৰকত্ব আৰু মনোনয়ন (প্ৰথম ধাৰকৰ) অনুমতিযোগ্য। প্ৰথা অনুযায়ী আবেদনকাৰীৰ পৰা আৱশ্যকীয় তথ্যপাতিসমূহ ল’ব।

৩. আপোনাৰ গ্ৰাহকক জনা (কে ৱাই চি) আৱশ্যিকতা

আপোনাৰ গ্ৰাহকক জনা (কে ৱাই চি) ৰীতিবোৰ ভৌতিক সোণ ক্ৰয়ৰ ক্ষেত্ৰত প্ৰযোজ্যখিনিৰ অনুৰূপ হ’ব। পাৰপত্ৰ, স্থায়ী একাউণ্ট নম্বৰ (পি এ এন) কাৰ্ড, ভোটদাতাৰ পৰিচয় কাৰ্ড, আধাৰ কাৰ্ড আদি চিনাক্তকাৰক নথিবোৰ আৱশ্যক। নাবালকৰ ক্ষেত্ৰতহে বেংক একাউণ্ট নম্বৰটোক কে ৱাই চি প্ৰমাণীকৰণৰ বাবে বৈধ নথি হিচাপে গণ্য কৰিব। জাৰিকাৰক বেংক/এছএইছচিআইএল/ডাকঘৰ/এজেণ্টসকলে কে ৱাই চি সম্পাদন কৰিব।

৪. আবেদন ধনত সুদ

প্ৰদান আদায়ৰ তাৰিখৰ পৰা বন্দোৱস্তিৰ তাৰিখলৈকে অৰ্থাত্ আবেদনকাৰীৰ পুঁজি বহিৰ্ভূত অবধিৰ বাবে প্ৰচলিত সঞ্চয় বেংক হাৰত সুদ প্ৰদান কৰা হ’ব। গ্ৰহণকাৰী বেংকটোত আবেদনকাৰীৰ একাউণ্ট নথকা ক্ষেত্ৰত, আবেদনকাৰীয়ে উল্লেখ কৰা একাউণ্টটোত বৈদ্যুতিন পুঁজি স্থানান্তৰণ প্ৰণালীযোগে সুদখিনি জমাভূক্ত কৰিব।

৫. বাতিলকৰণ

জাৰিৰ সামৰণি পৰ্যন্ত অৰ্থাত্ ২৮ এপ্ৰিল,২০১৭লৈ আবেদন বাতিলকৰণ অনুমতিযোগ্য। স্বৰ্ণ বণ্ড ক্ৰয়ৰ বাবে দাখিল কৰা অনুৰোধৰ আংশিক বাতিলকৰণ অনুমতিযোগ্য নহয়। বাতিল হোৱা আবেদনত আবেদন ধনৰ সুদ প্ৰদেয় নহ’ব।

৬. পূৰ্বস্বত্ত্ব চিহ্নিতকৰণ

বণ্ডবোৰ চৰকাৰী প্ৰতিভূতি হোৱা হেতুকে চৰকাৰী প্ৰতিভূতি আইন, ২০০৬ আৰু তদঅন্তৰ্গত নিয়মাৱলীৰ বৰ্তমানে বিদ্যমান বিধিগত দিহা অনুযায়ী পূৰ্বস্বত্ত্ব চিহ্নিতকৰণ আদি হ’ব।

৭. এজেন্সি ব্যৱস্থা

সূচীভূক্ত বাণিজ্যিক বেংকবোৰে তেওঁলোকৰ হকে আবেদন সংগ্ৰহ কৰিবলৈ এন বি এফ চি, এন এছ চি এজেণ্ট আৰু অন্যান্যসকলক নিয়োজিত কৰিব পাৰে। এনেবোৰ সত্ত্বাৰ সৈতে বেংকবিলাকে যা-যোগাৰ বা জোঁটবন্ধন কৰি ল’ব পাৰে। গৃহীত আবেদনবোৰৰ ওপৰত গ্ৰহণকাৰী কাৰ্যালয়বোৰে পোৱা মুঠ ক্ৰয়-নিবিদা ৰাশিৰ প্ৰতি এশ টকাত এটকা হাৰত বিতৰণ কমিছন প্ৰদান কৰা হ’ব আৰু গ্ৰহণকাৰী কাৰ্যালয়সমূহে এজেণ্ট বা উপ-এজেণ্টৰ যোগেদি আহৰণ কৰা ব্যৱসায়খিনিৰ বাবদ তেওঁলোকক কমেও ৫০ শতাংশ ভগাই দিব।

৮. আৰ বি আইৰ ই-কুবেৰ প্ৰণালীযোগে প্ৰক্ৰিয়াকৰণ

সূচীভূক্ত বাণিজ্যিক বেংকবোৰৰ শাখা আৰু মনোনীত ডাকঘৰসমূহত আৰ বি আইৰ ই-কুবেৰ প্ৰণালীৰ জৰিয়তে ক্ৰয় নিবিদাৰ বাবে চভাৰেইন গল্ড বণ্ড উপলব্ধ হ’ব। ইনফিনেট অথবা ইণ্টাৰনেটৰ জৰিয়তে ই-কুবেৰ প্ৰণালীত একচেছ কৰিব পাৰিব। গ্ৰহণকাৰী কাৰ্যালয়ে ডেটা এণ্টাৰ কৰিব লাগিব আৰু তেওঁলোকৰ দ্বাৰা প্ৰাপ্ত ক্ৰয় নিবিদাখিনি বাল্ক আপলড কৰিব লাগিব। যিকোনো অবাঞ্ছিত ভ্ৰান্তিৰ সংঘটন প্ৰতিৰোধৰ কাৰণে তেওঁলোকে ডেটা এণ্ট্ৰি নিখুঁট হোৱাটো নিশ্চিত কৰিব। আবেদন প্ৰাপ্তিৰ বাবদ তেওঁলোকক তাত্ক্ষণিক প্ৰতিপাদন কৰা হ’ব। গ্ৰহণকাৰী কাৰ্যালয়বোৰক তেওঁলোকৰ ডেটাবেছ আপডেট কৰিব পৰাকৈ ফাইল আপলডিঙৰ কাৰণে অতিৰিক্তকৈ একোখন কনফাৰ্মেশ্বন স্ক্ৰলও দিয়া হ’ব; ধাৰ্যৰ তাৰিখত অৰ্থাত্ ২২ মে’, ২০১৭ত। একমাত্ৰ/প্ৰধান ধাৰকৰ নামত সকলো ক্ৰয়-নিবিদাৰ বাবে ধাৰকত্ব প্ৰমাণ-পত্ৰ জেনেৰেট কৰা হ’ব। গ্ৰহণকাৰী কাৰ্যালয়ে সেইবোৰ ডাউনল’ড কৰি প্ৰিণ্ট-আউট উলিয়াই ল’ব পাৰে। ই-মেইল এড্ৰেছ দাখিল কৰা বিনিয়োগকাৰীলৈ ই-মেইলযোগেও ধাৰকত্ব প্ৰমাণপত্ৰ পঠোৱা হ’ব। ধাৰ্যৰ ২-৩ দিনৰ ভিতৰত প্ৰতিভূতিবোৰ তেওঁলোকৰ ডি-মেট একাউণ্টতো জমাভুক্ত কৰা হ’ব, যদিহে আবেদনত দাখিল কৰা তথ্যপাতিবোৰ খাজাঞ্জীৰ অভিলেখৰ সৈতে মিল পোৱা যায়।

৯. ধাৰকত্ব প্ৰমাণপত্ৰৰ ছপা

ধাৰকত্ব প্ৰমাণপত্ৰবোৰ A4 আকাৰৰ ১০০ জিএছএম কাগজত ৰঙীন ছপা হ’ব লাগিব।

১০. পৰিচৰ্যা আৰু অনুগমন

গ্ৰহণকাৰী কাৰ্যালয়বোৰে তদৰ্থে সূচীভুক্ত বাণিজ্যিক বেংকৰ শাখা, মনোনীত ডাকঘৰ, এছএইছচিআইএল আৰু ষ্টক এক্সচেঞ্জবোৰে (এনএছই আৰু বিএছই) গ্ৰাহকক ‘আপোন’ কৰি ল’ব আৰু এই বণ্ড সন্দৰ্ভত আৱশ্যকীয় সেৱাবোৰ আগবঢ়াব, যেনে- যোগাযোগৰ তথ্যপাতিবোৰ শেহতীয়া কৰা, প্ৰাক্-পৰিপক্ককালীন ভঙোৱাৰ বাবে অহা অনুৰোধ আদি। বণ্ডবোৰ পৰিপক্ক আৰু পৰিশোধ নোহোৱালৈকে গ্ৰহণকাৰী কাৰ্যালয়ে আবেদনসমূহ সংৰক্ষিত কৰিব লাগিব।

১১. ক্ৰয়-বিক্ৰয়

আৰ বি আয়ে অধিসূচীত কৰা একোটা তাৰিখত জাৰিৰ এপষেকৰ ভিতৰত বণ্ডবোৰ বেচা-কিনা কৰিবৰ যোগ্য হ’ব (উল্লেখ্য যে খাজাঞ্চীত ডি-মেট আকাৰত ধাৰণ কৰা বণ্ডবোৰহে ষ্টক এক্সচেঞ্জত কিনা-বেচা কৰিব পাৰিব)।

১২. যোগাযোগৰ সবিশেষ

যিকোনো প্ৰশ্ন আৰু স্পষ্টীকৰণৰ বাবে নিম্নোক্তলৈ ই-মেইল কৰিব-

(ক) চভাৰেইন গল্ড বণ্ড সন্দৰ্ভত – ই-মেইল প্ৰেৰণৰ বাবে অনুগ্ৰহ কৰি Click here কৰিব।

(খ) আই টি সম্পৰ্কীয় – ই-মেইলৰ বাবে অনুগ্ৰহ কৰি Click here কৰিব।

আপোনাৰ বিশ্বাসী

(শ্বাইনি সুনীল)
উপ মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt