আৰবিআই/২০১৭-১৮/১৯১
ডিবিআৰ.ডিইএ. ফাণ্ড চেল.বিচি.নং১১০/৩০.০১.০০২/২০১৭-১৮
৭ জুন, ২০১৮
পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়াসকল,
সকলো সূচীভুক্ত বাণিজ্যিক বেংক (আৰ আৰ বি সমন্বিতে)
স্থানীয় অঞ্চল বেংক (এল এ বি)
চহৰীয়া সমবায় বেংক/ৰাজ্যিক সমবায় বেংক/
জিলা কেন্দ্ৰীয় সমবায় বেংক/ক্ষুদ্ৰ বিত্ত বেংক/
প্ৰদান বেংকসমূহ
মহাশয়/মহাশয়া,
বেংকিং বিনিয়মন আইন, ১৯৪৯- ধাৰা ২৬ক জমাকাৰী শিক্ষা আৰু সজাগতা পুঁজি আঁচনি, ২০১৪- পৰিচালন নিৰ্দেশনামা – সুতৰ প্ৰদান
অনুগ্ৰহ কৰি শিৰোনাম বিষয়ক Circular DBOD.No.DEA Fund cell.126/30.01.002/2013-14 dated June 26, 2014ৰ সন্দৰ্ভলৈ আহক, যিখনত ৰিজাৰ্ভ বেংকে সুনিৰ্দিষ্ট কৰি দিছিল যে জমাকাৰী/দাবীদাৰক বেংকে দিবলগীয়া ডি.ই.এ পুঁজিলৈ হস্তান্তৰিত সুদবাহী জমাৰাশিত সুতৰ হাৰ এতদাধিক জাননী পৰ্যন্ত বছৰি ৪ শতাংশ সৰল সুত হ’ব।
২. সুতৰ হাৰ তদন্তৰত পুনৰীক্ষণ কৰা হ’ল আৰু সিদ্ধান্ত লোৱা হ’ল যে জমাকাৰী/দাবীদাৰক পুঁজিটোলৈ হস্তান্তৰিত সুদবাহী জমাৰাশিত বেংকে দিবলগা সুতৰ হাৰ ১ জুলাই, ২০১৮ৰ পৰা কাৰ্যকৰী হোৱাকৈ বছৰি ৩.৫ শতাংশ সৰল সুত মতে হ’ব। ১ জুলাই, ২০১৮ বা তাৰ পাছত বেংকে পোৱা সকলো দাবীৰ নিষ্পত্তি, এতদাধিক আদেশ পৰ্যন্ত, এই হাৰতে হ’ব।
৩. দিনাংক ২৬ জুন, ২০১৪ চাৰ্কুলাৰখনৰ অন্যান্য কথাখিনি অপৰিৱৰ্ত্তিত থাকিব।
আপোনাৰ বিশ্বাসী,
(প্ৰকাশ বালিয়াৰসিং)
মুখ্য মহা প্ৰৱন্ধক
|