Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (95.00 kb ) version to your machine and then use respective software to print the story.
Date: 13/03/2018
বাণিজ্যিক ঋণদানৰ বাবে বুজাপৰাৰ পত্ৰ (এলঅইউ) আৰু পোষকতা পত্ৰ (এলঅচি)ৰ সামৰণি

আৰবিআই/২০১৭-১৮/১৩৯
এ.পি.(ডিআইআৰ চিৰিজ) চাৰ্কুলাৰ নং ২০

১৩ মাৰ্চ, ২০১৮

সকলো কৰ্তৃত্বপ্ৰাপ্ত ডীলাৰ কেটেগৰী-১ বেংক

মহাশয়/মহাশয়া,

বাণিজ্যিক ঋণদানৰ বাবে বুজাপৰাৰ পত্ৰ (এলঅইউ) আৰু পোষকতা পত্ৰ (এলঅচি)ৰ সামৰণি

কৰ্তৃত্বপ্ৰাপ্ত বিক্ৰেতা শ্ৰেণী-১ (এ ডি কেটেগৰী-১) বেংকবোৰৰ মনোযোগ, এ ডি বেংকৰ প্ৰতিনিধিত্বপ্ৰাপ্ত ক্ষমতাৰ অধীনত ভাৰতলৈ আমদানিৰ বাবে এলঅইউ/এলঅচি/বাণিজ্যিক ঋণদানৰ গেৰাণ্টি জাৰি বিষয়ক সময়ে সময়ে সংশোধিত মতে, পৰৰাষ্ট্ৰীয় বাণিজ্যিক ধাৰ, বাণিজ্যিক আকলন আৰু কৰ্তৃত্বপ্ৰাপ্ত বিক্ৰেতা বহিঃভূত ব্যক্তিৰ দ্বাৰা বিদেশী মুদ্ৰা ঋণদান (মূল নিৰ্দেশনা)ৰ ওপৰত এ.পি. (ডিআইআৰ চিৰিজ) চাৰ্কুলাৰ নং ২৪ দিনাংক ১ নৱেম্বৰ,২০০৪ৰ পৰিচ্ছেদ ২লৈ আৰু মূল নিৰ্দেশনা নং ৫ দিনাংক ১ জানুৱাৰী,২০০৬ৰ পৰিচ্ছেদ ৫.৫লৈ আকৰ্ষণ কৰা হল।

২. বৰ্তমানে প্ৰচলিত নিৰ্দেশনামাৰ পৰ্যালোচনা কৰি, এ ডি কেটেগৰী বেংক-১বোৰৰ দ্বাৰা ভাৰতলৈ আমদানিৰ বাবে বাণিজ্যিক ঋণদানৰ কাৰণে এলঅ’ইউ/এলঅ’চি জাৰিকৰণৰ প্ৰথাটো তত্কালে সামৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। গেৰাণ্টি আৰু ক-এচেপ্তেন্স সম্পৰ্কীয় বেংকিং বিনিয়ম বিভাগৰ মাষ্টাৰ চাৰ্কুলাৰ নং ডিবিআৰ.নং.ডিআই.বিচি.১১/১৩.০৩.০০/২০১৫-১৬ দিনাংক ১ জুলাই, ২০১৫ত সন্নিৱিষ্ট ব্যৱস্থাৱলী পূৰণ সাপেক্ষে ভাৰতলৈ আমদানিৰ বাবে আকলন পত্ৰ আৰু বেংক গেৰাণ্টি জাৰি কৰি থাকিব পাৰিব।

৩. এ ডি কেটেগৰী-১ বেংকবোৰে এই চাৰ্কুলাৰৰ বিষয়বস্তুখিনি নিজৰ নিয়োজক আৰু গ্ৰাহকসকলৰ দৃষ্টিগোচৰ কৰিব।

৪. সাম্প্ৰতিক সাল-সলনিবোৰ প্ৰতিফলিত কৰি উপৰিউক্ত মূল নিৰ্দেশনা নং ৫ দিনাংক ১ জানুৱাৰী, ২০১৬ উন্নীত কৰা হ’ব। এই চাৰ্কুলাৰ জাৰিৰ তাৰিখৰ পৰাই সালসলনিবোৰ প্ৰযোজ্য হ’ব।

৫. এই চাৰ্কুলাৰত সন্নিৱিষ্ট নিৰ্দেশনাবোৰ বিদেশী মুদ্ৰা ব্যৱস্থাপনা আইন, ১৯৯৯ (১৯৯৯ৰ ৪২)ৰ ধাৰা ১০(৪) আৰু ধাৰা ১১(১)ৰ অন্তৰ্গত জাৰি কৰা হৈছে আৰু অন্য কোনো আইনৰ অন্তৰ্গত আৱশ্যক হোৱা, যদি কিবা থাকে, অনুমতি/অনুমোদনৰ অবিচাৰ অবিহনে কৰা হৈছে।

আপোনাৰ বিশ্বাসী,

(অজয় কুমাৰ মিশ্ৰ)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt