Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (102.00 kb ) version to your machine and then use respective software to print the story.
Date: 07/02/2018
পণ্য আৰু সেৱা কৰ (জিএছটি)ৰ অধীনত পঞ্জীভুক্ত এম এছ এম ই ঋণীসকললৈ সকাহ

আৰবিআই/২০১৭-১৮/১২৯
ডিবিআৰ.নং.বিপি.বিচি.১০০/২১.০৪.০৪৮/২০১৭-১৮

৭ ফেব্ৰুৱাৰী, ২০১৮

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা বিনিয়মিত
সকলো বেংক আৰু এনবিএফচি

মহাশয়/মহাশয়া,

পণ্য আৰু সেৱা কৰ (জিএছটি)ৰ অধীনত পঞ্জীভুক্ত এম এছ এম ই ঋণীসকললৈ সকাহ

বৰ্তমানে ভাৰতত বেংক আৰু এনবিএফচিসমূহক একোটা ঋণ একাউণ্টৰ যথাক্ৰমে ৯০ দিন আৰু ১২০ দিনৰ ঋণ পৰিশোধ নকৰাৰ ওপৰত ভিত্তি কৰি অনুত্পাদনশীল সম্পদ (এনপিএ) হিচাপে শ্ৰেণীভুক্ত কৰা হয়। আমাক আৰ্জি দিয়া হৈছে যে জিএছটিৰ অন্তৰ্গত পঞ্জীয়নৰ জৰিয়তে ব্যৱসায় আনুষ্ঠানিকৰণে সঞ্চৰণ পৰ্যায়ৰ সময়ছোৱাত ক্ষুদ্ৰ সত্ত্বাবোৰৰ নগদী প্ৰৱাহত বিৰূপ প্ৰভাৱ পৰা হেতুকে বেংক আৰু এনবিএফচি সমূহত থকা সিবিলাকৰ পৰিশোধ বাধ্যবাধকতা মানি চলাত আহুকাল হয়। এনে সত্ত্বাবোৰক এটা ৰীতিসন্মত ব্যৱসায়িক পৰিবেশৰ লগত খাপ খোৱাত সমৰ্থন যোগোৱাৰ উদ্দেশ্যে সিদ্ধান্ত লোৱা হৈছে যে অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান উন্নয়ন (এম এছ এম ই) আইন,২০০৬ৰ অন্তৰ্গত অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান হিচাপে শ্ৰেণীভুক্ত ঋণীলৈ বেংক আৰু এনবিএফচিৰ উন্মুক্তি, নিম্নোক্ত চৰ্তসাপেক্ষে বেংক আৰু এনবিএফচিৰ খাটাত মানবিশিষ্ট সম্পদ হিচাপে শ্ৰেণীভুক্ত হৈ থাকিব।

১. ঋণী ৩১ জানুৱাৰী, ২০১৮ত জিএছটি বিধি ব্যৱস্থাৰ অন্তৰ্গত পঞ্জীভুক্ত হ’ব লাগিব।

২. ৩১ জানুৱাৰী, ২০১৮ত ঋণীৰ প্ৰতি বেংক আৰু এনবিএফচিৰ সমুদায় উন্মুক্তি, অনা-পুঁজিভিত্তিক সুবিধাকে ধৰি, ২৫০ নিযুত টকাৰ অধিক হ’ব নালাগিব।

৩. ৩১ আগষ্ট, ২০১৭ত ঋণীৰ একাউণ্টটো মানবিশিষ্ট হ’ব লাগিব।

৪. ১ ছেপ্তেম্বৰ, ২০১৭ ঋণীৰ সময়াতীত দেনা আৰু ১ ছেপ্তেম্বৰ,২০১৭ আৰু ৩১ জানুৱাৰী,২০১৮ৰ ভিতৰত দেয় ঋণীৰ প্ৰদানৰাশিসমূহ সংশ্লিষ্ট মূল দেয় তাৰিখৰ পৰা ১৮০ দিশৰ পিছত প্ৰদত্ত হব নালাগিব।

৫. এই চাৰ্কুলাৰ অনুযায়ী এনপিএ হিচাপে শ্ৰেণীভুক্ত নোহোৱা উন্মুক্তিৰ বিপৰীতে বেংক/এনবিএফচিৰ দ্বাৰা ৫ শতাংশ ব্যৱস্থা ৰখা হব। প্ৰযোজ্য মতে ৯০/১২০ দিনৰ আচাৰ অতিক্ৰম নকৰা ৰাশিৰ একাউণ্ট ক্ষেত্ৰত এই ব্যৱস্থা প্ৰতিপাপন কৰিব।

৬. সম্পদ বৰ্গীকৰণৰ উদ্দেশ্যতহে অতিৰিক্ত সময় আগবঢ়োৱা হৈছে আৰু আয় স্বীকৃতিৰ বাবে নহয়, তদৰ্থে ঋণীৰ পক্ষৰ পৰা যদি সুত ৯০/১২০ দিনৰ অধিক কালৰ বাবে অপৰিশোধিত হৈ থাকে, সেইটোক প্ৰাপ্তিৰ ভিত্তিত গণ্য কৰা নহ’ব।

আপোনাৰ বিশ্বাসী,

(এছ কে কৰ)
মুখ্য মহা প্ৰৱন্ধক


৩১ মাৰ্চ, ২০১৮ৰ পৰা কাৰ্যকৰী হোৱা ৯০ দিনীয়া অপৰিশোধ আচাৰলৈ সঞ্চৰণ হেতু, ব্যৱস্থা প্ৰত্যাহাৰ এনবিএফচিৰ ক্ষেত্ৰত ৯০ দিনীয়া আচাৰ মতে হব।

৩১ মাৰ্চ, ২০১৮ৰ পৰা কাৰ্যকৰী হোৱা ৯০ দিনীয়া সঞ্চৰণ আচাৰ হেতু, প্ৰাপ্তিভিত্তিক আয় স্বীকৃতি বিষয়ক বাধানিষেধ ৯০ দিনৰ অধিক সময়ৰ বাবে দেয় হৈ থকা সুদ সাপেক্ষে হব।

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt