Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (109.00 kb ) version to your machine and then use respective software to print the story.
Date: 06/12/2017
ডেবিট কাৰ্ড লেনদেনৰ বাবদ মাৰ্চেণ্ট ডিস্কাউণ্ট হাৰৰ (এমডিআৰৰ) যুক্তিসংগতকৰণ

আৰবিআই/২০১৭-১৮/১০৫
ডিপিএছএছ.চিঅ’.পিডি নং১৬৩৩/০২.১৪.০০৩/২০১৭-১৮

৬ ডিচেম্বৰ, ২০১৭

অধ্যক্ষ তথা পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়াসকল

সকলো সূচীভুক্ত বাণিজ্যিক বেংক - আৰআৰবি/চহৰীয়া প্ৰদান বেংক/ৰাজ্যিক সমবায় বেংক/জিলা কেন্দ্ৰীয় সমবায় বেংক/প্ৰদান বেংক আৰু ক্ষুদ্ৰ বিত্ত বেংক/সকলো কাৰ্ড নেটৱৰ্ক প্ৰভাইডাৰ সমন্বিতে

মহাশয়া/মহাশয়,

ডেবিট কাৰ্ড লেনদেনৰ বাবদ মাৰ্চেণ্ট ডিস্কাউণ্ট হাৰৰ (এমডিআৰৰ) যুক্তিসংগতকৰণ

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা ইয়াৰ পঞ্চম দ্বি-মাসিক মৌদ্ৰিক নীতি প্ৰবিৱৰণ-২০১৭-১৮ ঘোষিত ডেবিট কাৰ্ড লেনদেনৰ বাবদ মাৰ্চেণ্ট ডিস্কাউণ্ট হাৰ (এমডিআৰ)ৰ বাবে সংশোধিত কাঠাম সন্দৰ্ভত Statement on Developmental on Regulatory Policiesৰ দফা-১ৰ উল্লেখলৈ আহে যেন।

২. ৰিজাৰ্ভ বেংকে ডেবিট কাৰ্ড লেনদেনত প্ৰযোজ্য সৰ্বাধিক এমডিআৰখিনি ইয়াৰ Circular DPSS.CO.PD.No.2361/02.14.003/2011-12 dated June 28, 2012যোগে নিৰ্দিষ্ট কৰি দিছিল, যিখিনিৰ Circular DPSS.CO.PD.No.1515/02.14.003/2016-17 dated December 16, 2016যোগে সংশোধন ঘটোৱা হয়।

৩. খচৰা চাৰ্কুলাৰ – ডেবিট কাৰ্ড লেনদেনৰ বাবদ মাৰ্চেণ্ট ডিস্কাউণ্ট হাৰ (এমডিআৰ)ৰ যুক্তিসংগতকৰণ সম্পৰ্কত জড়িত পক্ষসমূহৰ দিহা-পৰামৰ্শৰ ভিত্তিত আৰু লগতে ব্যাপক এলানি বেপাৰীৰ দ্বাৰা, বিশেষকৈ ক্ষুদ্ৰ বেপাৰীসকলৰ দ্বাৰা ডেবিট কাৰ্ড গ্ৰহণৰ প্ৰসাৰ আৰু জড়িত সত্ত্বাবোৰৰ বাবে ব্যৱসায় বৰ্তাই ৰখাটো সুনিশ্চিত কৰাৰ দ্বৈত উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি, নিম্নোক্ত নিৰ্ণায়কবোৰৰ ভিত্তিত ডেবিট কাৰ্ডৰ এমডিআৰ যুক্তিসংগত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে-

ক) সমুচ্চয় ধনৰ ভিত্তিত বেপাৰীৰ বৰ্গীকৰণ

খ) কিউআৰ – কড ভিত্তিক লেনদেনৰ বাবে এক পৃথকীকৃত এমডিআৰৰ গ্ৰহণ

গ) কাৰ্ড প্ৰেজেণ্ট আৰু কাৰ্ড নট প্ৰেজেণ্ট উভয় লেনদেনৰ বাবে সৰ্বাধিক অনুমতিযোগ্য এমডিআৰত পৰিসীমা নিৰ্দ্ধাৰণ।

৪. তদনুযায়ী, ডেবিট কাৰ্ড লেনদেনৰ বাবদ সৰ্বাধিক এমডিআৰ নিম্নোক্ত ধৰণে হব-

ক্ৰমিক নং বেপাৰী শ্ৰেণী ডেবিট কাৰ্ড লেনদেনৰ বাবদ (লেনদেন মূল্যৰ % হিচাপে) মাৰ্চেণ্ট ডিস্কাউণ্ট হাৰ)
অনলাইন কাৰ্ড লেনদেন সমন্বিতে ফিজিকেল পিঅএছ আন্তঃগাঁঠনি কিউআৰ কড ভিত্তিক কাৰ্ড গ্ৰহণ আন্তঃগাঁঠনি
ক্ষুদ্ৰ বেপাৰী (আগৰ বিত্তীয় বছৰটোত ২০ লাখ টকা পৰ্যন্ত সমুচ্চয় ধন থকা) ০.৪০ শতাংশ অতিক্ৰম নকৰা (প্ৰতি লেনদেনৰ ২০০ টকাৰ এমডিআৰ পৰিসীমা) ০.৩০ শতংশ অতিক্ৰম নকৰা (প্ৰতি লেনদেনৰ ২০০ টকাৰ এমডিআৰ পৰিসীমা)
অন্যান্য বেপাৰী (আগৰ বিত্তীয় বছৰটোত ২০ লাখ টকা পৰ্যন্ত সমুচ্চয় ধন থকা) ০.৯০ শতাংশ অতিক্ৰম নকৰা (প্ৰতি লেনদেনৰ ১০০০ টকাৰ এমডিআৰ পৰিসীমা) ০.৮০ শতাংশ অতিক্ৰম নকৰা (প্ৰতি লেনদেনৰ ১০০০ টকাৰ এমডিআৰ পৰিসীমা)

৫. এমডিআৰৰ বিমোচন বিষয়ক আমাৰ Circulars DPSS.CO.PD.No.639/02.14.003/2016-17 dated September 1, 2016 আৰু বেপাৰী উপাৰ্জনৰ বাবে বোৰ্ড অনুমোদিত নীতি এটা বিষয়ক DPSS.CO.PD.No.2894/02.14.003/2016-17 dated May 2৬, 2016ৰ উল্লেখলৈ আহে যেন। এই কথা পুনৰ ন-দি কোৱা হল যে বেংক আৰু কৰ্তৃত্বপ্ৰাপ্ত কাৰ্ড প্ৰদান পৰিতন্ত্ৰবোৰে ওপৰৰ নিৰ্দেশনাবোৰ নিকপকপীয়াকৈ মানি চলিব। অধিকন্তু, বেংকবোৰে সুনিশ্চিত কৰিব যাতে বেপাৰীত আৰোপিত এমডিআৰখিনি ওপৰত নিৰ্ধাৰিত বন্ধনী হাৰবোৰ অতিক্ৰম নকৰে, বেপাৰী স্থানত কাৰ্ড গ্ৰহণ আন্তঃগাঁথনি নিয়োজিত কৰা সত্ত্বা যিয়ে নহওক লাগে।

৬. বেংকে বহন কৰিবলৈ লোৱা বেপাৰীয়ে যাতে ডেবিট কাৰ্ডযোগে প্ৰদান গ্ৰহণ কৰোতে এমডিআৰ ভৰনীখিনি গ্ৰাহকলৈ ঠেলি নিদিয়ে তাক নিশ্চিত কৰিবলৈকো বেংকবোৰক পৰামৰ্শ দিয়া হল।

৭. ওপৰৰ নিৰ্দেশনাবোৰ ১ জানুৱাৰী, ২০১৮ৰ পৰা কাৰ্যকৰী হব। এইবিলাক নিৰ্দেশনা পুনৰীক্ষণ সাপেক্ষ।

৮. এই নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰদান আৰু বন্দোৱস্তি প্ৰণালী আইন, ২০০৭ (২০০৭ৰ আইন ৫১)ৰ ধাৰা ১৮ সহপঠিত ধাৰা ১০(২)ৰ অন্তৰ্গত।

আপোনাৰ বিশ্বাসী,

(নন্দ এছ. ডাৱে)
প্ৰভাৰী মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt