আৰবিআই/২০১৭-১৮/১৬০ ডিজিবিএ.জিবিডি.২৫৭৩ /১৫.০২.০০৫/২০১৭-১৮
১২ এপ্ৰিল,২০১৮
চেয়াৰমেন/মুখ্য কাৰ্যপালক বিষয়া ক্ষুদ্ৰ সঞ্চয় আঁচনি সঞ্চালন কৰা সকলো এজেঞ্চী বেংকসমূহ
মহাশয়,
ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সুদৰ হাৰ সমূহ
অনুগ্ৰহ কৰি উপৰোক্ত বিষয়ৰ ১১ জানুৱাৰী, ২০১৮ ৰ আমাৰ পৰিপত্ৰ ডিজিবিএ.জিবিডি.১৭৮১ /১৫.০২.০০৫/২০১৭-১৮ লৈ মন কৰিব । ভাৰত চৰকাৰে কাৰ্যালয় মেমোৰেণ্ডাম(ওএম) নংএফ.০১/০৪/২০১৬- এনএচ দিনাংক ২৮ মাৰ্চ , ২০১৮ৰ দ্বাৰা জনাইছে যে ১ এপ্ৰিল ২০১৮ৰ পৰা আৰম্ভ হোৱা ২০১৮-১৯ বিত্তীয় বৰ্ষৰ পহিলা ত্ৰৈমাসিক সময়ৰ বাবে ক্ষুদ্ৰ সঞ্চয় আঁচনি বিলাকৰ সুদৰ হাৰ ২০১৭-১৮ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিক সময়ৰ বাবে ঘোষনা কৰা সময়ৰ পৰা ক্ষুদ্ৰ সঞ্চয় আঁচনি বিলাকৰ সুদৰ হাৰসমূহ অপৰিৱৰ্তিত থাকিব (প্ৰতিলিপি সংলগ্ন) ।
২। উক্ত পৰিপত্ৰৰ অন্তৰ্নিহিত বিষয়বস্তু চৰকাৰী ক্ষুদ্ৰ সঞ্চয় আঁচনি সঞ্চালন কৰা সকলো বেংকৰ শাখাৰ দৃষ্টিগোচৰ কৰে যেন। তদুপৰি এই সমূহ সকলো বেংকৰ শাখাৰ জাননী ফলকত আৰি দিয়াৰ লগতে আঁচনিসমূহলৈ বৰঙণি আগবঢ়োৱা ব্যক্তিসকলৰ নজৰত আনে যেন ।
আপোনাৰ বিশ্বাসী -
(হৰ্ষ ৱৰ্ধন) প্ৰৱন্ধক অনুলগ্নক : যথোক্ত
su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt