Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (105.00 kb ) version to your machine and then use respective software to print the story.
Date: 01/03/2018
অগ্ৰাধিকাৰ খণ্ড ঋণদান – লক্ষ্য আৰু বৰ্গীকৰণ

আৰবিআই/২০১৭-১৮/১৩৫
এফআইডিডি.চিঅ.প্লেন.বিচি.১৮/০৪.০৯.০১/২০১৭-১৮

১ মাৰ্চ, ২০১৮

অধ্যক্ষ/পৰিচালন সঞ্চালক আৰু চিইঅসকল,
সকলো সূচীভূক্ত বাণিজ্যিক বেংক

মহাশয়/মহাশয়া,

অগ্ৰাধিকাৰ খণ্ড ঋণদান – লক্ষ্য আৰু বৰ্গীকৰণ

অনুগ্ৰহ কৰি FIDD.CO.Plan.BC.54/04.09.01/2014-15 Circular dated April 23, 2015 যোগে বেংকসমূহক জাৰি কৰা অগ্ৰাধিকাৰ খণ্ড সংশোধিত নিৰ্দেশনামাৰ প্ৰসঙ্গলৈ আহক। তাত পৰিচ্ছেদ (ii)(I)ৰ অন্তৰ্গত নিৰ্দ্ধাৰণ কৰা হৈছিল যে ক্ষুদ্ৰ আৰু উপান্ত কৃষক তথা অনু ব্যৱসায়বোৰলৈ ঋণদানৰ উপলক্ষ্যবোৰ ২০টা বা ততোধিক শাখা থকা বিদেশী বেংকবোৰৰ ক্ষেত্ৰতো প্ৰযোজ্য কৰা হ’ব।

২. সেইমতে, ওপৰোক্ত বেংকবোৰৰ অগ্ৰাধিকাৰ খণ্ড ঋণদান পৰিলেখ পুনৰীক্ষণৰ অন্তত আৰু বেংকবোৰৰ ভিতৰত সমতলীয় ক্ষেত্ৰ সৃষ্টি কৰিবৰ কাৰণে এইমৰ্মে সিদ্ধান্ত লোৱা হ’ল যে বিত্তীয় বৰ্ষ ২০১৮-১৯ৰ পৰা, ক্ষুদ্ৰ আৰু উপান্ত কৃষকলৈ ঋণদানৰ বেলিকা সমাযোজিত চূড়ান্ত বেংক ঋণ (এএনবিচি) বা উদ্ধৃত্তপত্ৰ উন্মোচন নিলগ ঋণ সমমূল্যৰ ৰাশি (চিইঅবিই) যিটোৱে অধিক হয় তাৰ ৮ শতাংশ উপলক্ষ্য ২০ বা ততোধিক শাখাযুক্ত বিদেশী বেংকত প্ৰযোজ্য হ’ব। অধিকন্তু, এএনবিচি বা চিইঅবিই যিটোৱে অধিক হয় তাৰ ৭.৫০ শতাংশ উপ-লক্ষ্য বিত্তীয় বৰ্ষৰ পৰা ২০ বা ততোধিক শাখাযুক্ত বিদেশী বেংকবোৰৰ ক্ষেত্ৰত অনু-ব্যৱসায়বিলাকলৈ ঋণ আগবঢ়োৱাৰ বেলিকা প্ৰযোজ্য হ’ব।

৩. অতিৰিক্তকৈ, বিভিন্ন জড়িত পক্ষৰ পৰা প্ৰাপ্ত মতামতৰ আধাৰত আৰু আমাৰ দেশত সেৱা খণ্ডৰ ক্ৰমবৰ্দ্ধমান গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি অগ্ৰাধিকাৰ খণ্ড বৰ্গীকৰণৰ বাবে, অনু/ক্ষুদ্ৰ আৰু মজলীয়া খণ্ড ব্যৱসায় (সেৱা)লৈ প্ৰতি ঋণীৰ ক্ষেত্ৰত থকা যথাক্ৰমে ৫ কোটি আৰু ১০ কোটি টকাৰ বৰ্তমানে প্ৰযোজ্য ঋণ সীমা প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। তদনুযায়ী, এমএছএমইডি আইন, ২০০৬ৰ অন্তৰ্গত সৰঞ্জামত বিনিয়োগৰ সংজ্ঞা সাপেক্ষে সেৱা যোগাৰ বা প্ৰদানত জড়িত এমএছএমইবোৰলৈ সকলো বেংক ঋণ, কোনো ঋণ সীমা অবিহনে অগ্ৰাধিকাৰ খণ্ডৰ অধীনত অৰ্হতাপ্ৰাপ্ত হ’ব।

আপোনাৰ বিশ্বাসী,

(গৌতম প্ৰসাদ বৰা)
প্ৰভাৰী মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt