Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (100.00 kb ) version to your machine and then use respective software to print the story.
Date: 01/03/2018
কাৰেন্সি বিতৰণ আৰু বিনিময় আঁচনি (চিডিইএছ)ৰ পৰ্যালোচনা

আৰবিআই/২০১৭-১৮/১৩৬
ডিচিএম(চিচি)নং ৩০৭১/০৩.৪১.০১/২০১৭-১৮

১ মাৰ্চ, ২০১৮

অধ্যক্ষ তথা পৰিচালন সঞ্চালক/
মুখ্য কাৰ্যবাহী বিষয়া,
সকলো বেংক

মহাশয়/মহাশয়া,

কাৰেন্সি বিতৰণ আৰু বিনিময় আঁচনি (চিডিইএছ)ৰ পৰ্যালোচনা

অনুগ্ৰহ কৰি Bi-Monthly Review of Monetary Policy dated February, 2018 ৰ অংশ খত কৰা ঘোষণাৰ সন্দৰ্ভ লওক। আৰবিআয়ে গ্ৰাহক সেৱা উন্নত কৰিবৰ কাৰণে বেংকবিলাকক কাৰেন্সি শোষণৰ প্ৰযুক্তিত উত্সাহিত কৰিবলৈ সিবিলাকৰ দ্বাৰা বিভিন্ন যন্ত্ৰ স্থাপনৰ কাৰণে সময়ে সময়ে বেংকবোৰলৈ উদগণি আগবঢ়াই আহিছে। আঁচনিখনৰ উদ্দেশ্য বুজনভাৱে সাধিত হোৱা পৰিলক্ষিত হৈছে।

২. সেয়ে পৰ্যালোচনা কৰি, Master Direction DCM(C.C)No.G-4/03.41.01/2016-17 dated July 20, 2016ত সন্নিৱিষ্ট মতে কেশ্ব-ৰিচাইক্লাৰ্ছ আৰু নিম্ন মূল্যৰ নোট বিতৰক এটিএম স্থাপনৰ কাৰণে বেংকবোৰলৈ আগবঢ়োৱা উদগণিবোৰ প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে।

৩. ওপৰোক্ত নিৰ্দেশনাবোৰ তত্কালে কাৰ্যকৰী হব। এইখন চাৰ্কুলাৰৰ তাৰিখৰ আগতে আৰু এই তাৰিখত বেংকবোৰক বিলি কৰা যন্ত্ৰৰ ক্ষেত্ৰত দাবীবোৰ, উপৰিউক্ত Master Direction dated July 20, 2016ত ইতিপূৰ্বে পৰামৰ্শ দিয়া সীমা সাপেক্ষে আমাৰ আঞ্চলিক কাৰ্যালয়বোৰে বন্দোৱস্ত কৰিব।

৪. এই চাৰ্কুলাৰ আমাৰ ৱেবছাইট www.rbi.org.in ত উপলব্ধ।

আপোনাৰ বিশ্বাসী,

(অজয় মিচ্যাৰী)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt