Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (99.00 kb ) version to your machine and then use respective software to print the story.
Date: 15/02/2018
মুদ্ৰাৰ গ্ৰহণ সমৰ্থন

আৰবিআই/২০১৭-১৮/১৩২
ডিচিএম.(আৰএমএমটি)নং ২৯৪৫/১১.৩৭.০১/২০১৭-১৮

১৫ ফেব্ৰুৱাৰী, ২০১৮

অধ্যক্ষ তথা পৰিচালন সঞ্চালক/
পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া
সকলো বেংক

মহাশয়,

মুদ্ৰাৰ গ্ৰহণ সমৰ্থন

নোট আৰু মুদ্ৰাৰ বিনিময় সুবিধা বিষয়ক আমাৰ Master Circular DCM (NE)No.G-1/08.07.18/2017-18 dated July 3, 2017ৰ পৰিচ্ছেদ ১(ঘ)ৰ সন্দৰ্ভলৈ আহে যেন যত দিহা দিয়া হৈছিল যে কোনো বেংক শাখাই তেওঁলোকৰ কাউণ্টাৰত উত্থাপন কৰা ক্ষুদ্ৰ মূল্যৰ নোট আৰু/অথবা মুদ্ৰা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিব নালাগে। পিচে, বেংক শাখাবোৰে মুদ্ৰা গ্ৰহণ নকৰাৰ বিষয়ে ৰিজাৰ্ভ বেংকে অভিযোগ পাই আছে। এনে সেৱা অস্বীকাৰৰ পৰিণামস্বৰূপে দোকানী আৰু ক্ষুদ্ৰ বেপাৰীসকলে বিক্ৰী কৰা পণ্য আৰু সেৱাৰ বাবদ প্ৰদান হিচাপে মুদ্ৰা লবলৈ অমান্তি হোৱাত সৰ্বসাধাৰণ ৰাইজ আহুকালত পৰিছে। আপোনাক সেয়ে বেংক শাখাৰ কাউণ্টাৰত বিনিময় অথবা একাউণ্টত জমাৰ বাবে উত্থাপন কৰা সকলো মূল্যৰ মুদ্ৰা গ্ৰহণ কৰিবৰ কাৰণে আপোনাৰ সকলো শাখাক তত্কালে নিৰ্দেশ দিবলৈ দিহা দিয়া হ’ল।

২. লগতে আমি এই দিহাও দিওঁ যে বিশেষকৈ এটকীয়া আৰু দুটকীয়া মুদ্ৰাবোৰে পাৰ্যমানে ওজন হিচাপত গ্ৰহণ কৰিব। অৱশ্যে ১০০ টকাৰ পলিথিন চেছেত পেকেট কৰা মুদ্ৰা গ্ৰহণ কৰিলে কেশ্বিয়াৰৰ লগতে গ্ৰাহকৰো বেচি সুবিধা হ’ব। এনে পলিথিন চেছেবোৰ কাউণ্টাৰত ৰাখিব আৰু গ্ৰাহকক সুলভ্য কৰিব। এই সম্পৰ্কীয় এখন জাননী ৰাইজৰ জ্ঞাতাৰ্থে বেংক শাখা চৌহদৰ ভিতৰত আৰু বাহিৰতো সুবিধাজনকভাৱে প্ৰদৰ্শিত কৰিব।

৩. শাখাবোৰত মুদ্ৰাৰ নাটনিৰ সমস্যা নিৰাকৰণৰ বাবে বৰ্তমানৰ পদ্ধতি অনুযায়ী মুদ্ৰাবোৰ কাৰেন্সি চেষ্টলৈ প্ৰেৰণ কৰিব। এনেকৈ কাৰেন্সি চেষ্টl মজুত হোৱা মুদ্ৰাখিনি পুনৰ প্ৰচলনৰ উদ্দেশ্যত ব্যৱহাৰ কৰিব। চাহিদাৰ অভাৱত মুদ্ৰাৰ মজুত অৱস্থা কাৰেন্সি চেষ্টৰ ধাৰণ ক্ষমতাতকৈ অধিক হ’লে, চক্ৰটোৰ ইছ্যু বিভাগক মুদ্ৰা প্ৰেৰণৰ বাবে কাষ চাপিব।

৪. নিয়ন্ত্ৰক কাৰ্যালয়বোৰক শাখাবোৰত আকস্মিক ভ্ৰমম কৰিবলৈ আৰু এই সন্দৰ্ভত প্ৰৰিপালন স্থিতিৰ বিষয়ে মুখ্য কাৰ্যালয়ক জনাবলৈ দিহা দিয়ে যেন। মুখ্য কাৰ্যালয়ত প্ৰতিবেদনসমূহ পৰিযালোচনা কৰিব আৰু আৱশ্যক অনুযায়ী নিৰাময়ক ব্যৱস্থা গ্ৰহণ কৰিব।

৫. এই সম্পৰ্কীয় যিকোনো অ-পৰিপালনক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা জাৰি নিৰ্দেশনা উলংঘন হিচাপে গণ্য কৰিব আৰু সময়ে সময়ে প্ৰযোজ্য মতে, দণ্ডমূলক ব্যৱস্থাকে ধৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব।

৬. প্ৰাপ্তি স্বীকাৰ কৰে যেন।

আপোনাৰ বিশ্বাসী,

(উমা শংকৰ)
কাৰ্যবাহী সঞ্চালক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt