| ক্ষুদ্ৰ সঞ্চয় আঁচনিবোৰৰ বাবে সুদৰ হাৰ |
আৰ বি আই/২০১৬-১৭/২৬৭
ডিজিবিএ.জিএডি.২৬১৮/১৫.০২.০০৫/২০১৬-১৭
৬ এপ্ৰিল, ২০১৭
অধ্যক্ষ/মুখ্য কাৰ্যবাহী বিষয়া,
ৰাজহুৱা ভৱিষ্য নিধি, কিষাণ বিকাশ পত্ৰ-২০১৪
সুকন্যা সমৃদ্ধি একাউণ্ট, জ্যেষ্ঠ নাগৰিক
সঞ্চয় আঁচনি-২০০৪ ব্যৱসায়িক লেনদেন কৰা বেংকসমূহ
মহাশয়/মহাশয়া,
ক্ষুদ্ৰ সঞ্চয় আঁচনিবোৰৰ বাবে সুদৰ হাৰ
অনুগ্ৰহ কৰি ওপৰোক্ত বিষয় সম্পৰ্কে আমাৰ circular DGBA.GAD.2012/15.02.005/2016-17 dated February 9,2017 সন্দৰ্ভলৈ আহক। ভাৰত চৰকাৰে তেওঁলোকৰ অফিচ মেমৰেণ্ডাম (অ এম) নং এফ. নং ১/৪/২০১৬-এন.এছ.II দিনাংক ৩১ মাৰ্চ,২০১৭ যোগে, ২০১৭-১৮ বিত্তীয় বৰ্ষটোৰ প্ৰথমটো ত্ৰিমাসিকৰ বাবে বিভিন্ন ক্ষুদ্ৰ সঞ্চয় আঁচনিবোৰত সুদৰ হাৰ জ্ঞাপন কৰিছিল (প্ৰতিলিপি সংলগ্ন হৈছে)।
২. এই চাৰ্কুলাৰৰ বিষয়বস্তু, আৱশ্যকীয় কাৰ্যব্যৱস্থাৰ বাবে চৰকাৰী ক্ষুদ্ৰ সঞ্চয় আঁচনিবোৰ সঞ্চলন কৰি থকা আপোনাৰ বেংকৰ শাখাবোৰৰ দৃষ্টিগোচৰ কৰে যেন। এই আঁচনিবোৰৰ গ্ৰাহকসকলৰ অৱগতিৰ কাৰণে এইবিলাক আপোনাৰ শাখাবোৰৰ নটিছ বৰ্ডতো প্ৰদৰ্শন কৰিব।
আপোনাৰ বিশ্বাসী
(হৰ্ষ বৰ্দ্ধন)
পৰিচালক
সংলগ্ন – ওপৰৰ উল্লেখ মতে |
|