Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (282.00 kb ) version to your machine and then use respective software to print the story.
Date: 29/03/2017
সকলো প্ৰদান প্ৰণালী ১ এপ্ৰিল,২০১৭ত বন্ধ থাকিব

আৰ বি আই/২০১৬-১৭/২৬০
ডিপিএছএছ.চিঅ.চিএইছডি নং/২৭২০/০৩.০১.০৩/২০১৬-১৭

২৯ মাৰ্চ, ২০১৭

অধ্যক্ষ আৰু পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া,
সকলো সূচীভুক্ত বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামীণ বেংক/চহৰীয়া
সমবায় বেংক/ৰাজ্যিক সমবায় বেংক/জিলা কেন্দ্ৰীয় সমবায় বেংক/
স্থানীয় এলেকা বেংক

মহাশয়/মহাশয়া,

সকলো প্ৰদান প্ৰণালী ১ এপ্ৰিল,২০১৭ত বন্ধ থাকিব

আমাৰ সাম্প্ৰতিক circular RBI/2016-17/257 DPSS.CO.CHD.No./2695/03.01.03/2016-17 dated March 25,2017 ৰ সন্দৰ্ভলৈ আহিবলৈ অনুৰোধ কৰা হল, যাৰ যোগেদি ২৫ মাৰ্চ, ২০১৭ৰ পৰা ১ এপ্ৰিল, ২০১৭ অবধিৰ সকলো দিনত (শনিবাৰ, ৰবিবাৰ আৰু বন্ধৰ দিনবোৰকে ধৰি) স্বাভাৱিক কৰ্মদিনৰ দৰে আৰ টি জি এছ আৰু এন ই এফ টি সমন্বিতে সকলো প্ৰদান প্ৰণালী খোলা ৰাখিবলৈ কোৱা হৈছিল। অৱশ্যে পুনৰবিবেচনা কৰি এই মৰ্মে সিদ্ধান্ত লোৱা হল যে সকলো প্ৰদান প্ৰণালী ১ এপ্ৰিল, ২০১৭ত বন্ধ থাকিব। এই সন্দৰ্ভত সুকীয়া অনাতাঁৰ বাৰ্তা এটা সংশ্লিষ্ট প্ৰণালীযোগে সদস্য বেংকবোৰলৈ প্ৰেৰণ কৰা হব।

২. এই সন্দৰ্ভত স্পষ্ট কৰি দিয়া হল যে (৩০ আৰু ৩১ মাৰ্চ,২০১৭ত বিশেষ ক্লিয়েৰিং সঞ্চলন চলাই ৰখা সম্পৰ্কীয়) RBI/2016-17/255 DPSS.CO.CHD.No./2656/03.01.03/2016-17 dated March 23,2017 যোগে জাৰি কৰা আমাৰ নিৰ্দেশাৱলী অপৰিৱৰ্তিত থাকিব।

আপোনাৰ বিশ্বাসী

(নন্দ এছ. ডাভে)
মুখ্য মহা প্ৰৱন্ধক - ভাৰপ্ৰাপ্ত

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt