আৰ বি আই/২০১৬-১৭/২৫৯
ডিবিআৰ.নং.এলজিই.বিচি.৫৬/০৯.০৭.০০৫/২০১৬-১৭
২৯ মাৰ্চ, ২০১৭
সকলো এজেন্সি বেংক
মহাশয়/মহাশয়া,
১ এপ্ৰিল,২০১৭ত চৰকাৰী ব্যৱসায়ৰ বাবে সকলো এজেন্সি বেংক খোলা ৰখা – সংশোধিত নিৰ্দেশাৱলী
আমাৰ circular DBR.No.Leg.BC.55/09.07.005/2016-17 dated March 24,2017 যোগে, চলিত বিত্তীয় বৰ্ষৰ সকলো দিনকেইটা আৰু এক এপ্ৰিল,২০১৭ত (শনিবাৰ, ৰবিবাৰ আৰু বন্ধৰ দিনবোৰকে ধৰি) চৰকাৰী ব্যৱসায় লেনদেন কৰা শাখাবোৰ খোলা ৰাখিবলৈ আমি সকলো এজেন্সি বেংকক জনাইছিলো।
২. এই সন্দৰ্ভত, আৰ্জি পোৱা হল যে ১ এপ্ৰিল,২০১৭ত বেংক শাখাবোৰ খোলা ৰাখিলে, বিশেষতঃ কেইটামান বেংকৰ সেই তাৰিখটোৰ পৰাই চামিলকৰণৰ পৰিপ্ৰেক্ষিতত, বাৰ্ষিক সামৰণিৰ কাম বাধাগ্ৰস্ত হব পাৰে। ভাৰত চৰকাৰৰ সৈতে মন্ত্ৰণা কৰি সেয়ে সিদ্ধান্ত লোৱা হ’ল যে ইতিপূৰ্বে দিয়া দিহা অনুযায়ী, এজেন্সি বেংকবিলাকে চলিত বিত্তীয় বৰ্ষৰ দিনকেইটাত (শনিবাৰ, ৰবিবাৰ আৰু বন্ধৰ দিনবোৰকে ধৰি) চৰকাৰী ব্যৱসায় লেনদেন কৰা শাখাবোৰ খোলা ৰাখিব লাগিব যদিও এই শাখাবোৰ ১ এপ্ৰিল,২০১৭ত খোলা ৰখাৰ প্ৰয়োজন নাই।
আপোনাৰ বিশ্বাসী
(ৰাজিন্দৰ কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক |