Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (418.00 kb ) version to your machine and then use respective software to print the story.
Date: 02/03/2017
FLC (বিত্তীয় সাক্ষৰতা কেন্দ্ৰসমূহ) আৰু গ্ৰামীণ শাখাসমূহৰ দ্বাৰা বিত্তীয় সাক্ষৰতা - নীতি পুনৰীক্ষণ

আৰ বি আই/২০১৬-১৭/২৩৬
এফআইডিডি.এফএলচি.বিচি. নং ২২/১২.০১.০১৮/২০১৬-১৭

২ মাৰ্চ, ২০১৭

প্ৰতি,
অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া
সূচীভুক্ত বাণিজ্যিক বেংক (আৰ আৰ বিকে ধৰি)

মহাশয়/মহাশয়া,

FLC (বিত্তীয় সাক্ষৰতা কেন্দ্ৰসমূহ) আৰু গ্ৰামীণ শাখাসমূহৰ দ্বাৰা বিত্তীয় সাক্ষৰতা - নীতি পুনৰীক্ষণ

অনুগ্ৰহ কৰি এফএলচি আৰু গ্ৰামীণ শাখাসমূহৰ বাবে নিৰ্দেশনামা সম্পৰ্কীয় আমাৰ Circular FIDD.FLC.BC.No. 18/12.01.018/2015-16 dated January, 14,2016 ৰ সন্দৰ্ভলৈ আহক। এই চাৰ্কুলাৰ অনুযায়ী এফএলচি আৰু গ্ৰামীণ শাখাবোৰক দুই ধৰণৰ শিবিৰ পৰিচালনা কৰিবলৈ দিহা দিয়া হৈছিল তদৰ্থে, বিত্তীয় প্ৰণালীত নতুনকৈ অন্তৰ্ভুক্ত লোকসকলৰ বাবে বিশেষ শিবিৰ (প্ৰতি মাহত এটাকৈ শিবিৰ) এবছৰৰ বাবে আৰু লক্ষ্য গোট বিশিষ্ট শিবিৰ –এটাকৈ পাঁচটা লক্ষ্যৰ গোটৰ বাবে তদৰ্থে, কৃষক, ক্ষুদ্ৰ উদ্যোগী, স্কুলীয়া ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক আৰু আত্মসহায়ক গোট। বিত্তীয় প্ৰণালীত নতুনকৈ অন্তৰ্ভুক্ত লোকসকলৰ বাবে বিশেষ শিবিৰ পৰিচালনাৰ এবছৰীয়া অবধিৰ ২০১৭ৰ জানুৱাৰী অন্ত পৰিছে।

২. নিৰ্দিষ্ট বেংক নোটৰ বৈধ মুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ আৰু ডিজিটেল লেনদেন পদ্ধতিত দৃষ্টি নিক্ষেপৰ দৰে সাম্প্ৰতিক ঘটনাপ্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি এফএলচি আৰু বেংকসমূহৰ শাখাবোৰৰ দ্বাৰা শিবিৰ পৰিচালনা সম্পৰ্কীয় নীতি তলত দিয়া মতে সংশোধন কৰা হ’লঃ

বিত্তীয় সাক্ষৰতা কেন্দ্ৰ (এফএলচি) – এফএলচিসমূহক “Going Digital”ৰ ওপৰত UPI আৰু *99# (USSD)ৰ জৰিযতে ১ এপ্ৰিল, ২০১৭ৰ এবছৰৰ বাবে বিশেষ শিবিৰ পৰিচালনা কৰিবলৈ দিহা দিয়া হ’ল। প্ৰশিক্ষক আৰু দৰ্শকৰ সুবিধাৰ কাৰণে দুখন পষ্টাৰ, এখন UPI সম্পৰ্কে আৰু এখন *99# সম্পৰ্কে প্ৰস্তুত কৰা হৈছে। ইংৰাজী, হিন্দী আৰু স্থানীয় ভাষাৰ এই পষ্টাৰ দুখন ডাউনল’ড আৰু প্ৰিণ্টিঙৰ বাবে বেংকৰ financial education webpage ত উপলব্ধ কৰা হৈছে। প্ৰশিক্ষকৰ বাবে A2 আৰু A3 আকাৰৰ কাগজত ল’ব পাৰে আৰু শিবিৰৰ সময়ত ৰাইজক বিতৰণৰ কাৰণে A4 আৰু A5 আকাৰৰ ল’ব পাৰে।

গয়িং ডিজিটেল সম্পৰ্কীয় বিশেষ শিবিৰবোৰৰ উপৰি, এফএলচিবিলাকে আমাৰ circular dated January 14, 2016ত নিৰ্ধাৰিত কৰা বিভিন্ন লক্ষ্য গোটসমূহৰ বাবে প্ৰস্তুত শিবিৰবিলাক অনুষ্ঠিত কৰি থাকিব। প্ৰতিটো লক্ষ্য গোটৰ কাৰণে প্ৰস্তুত বিষয়বস্তু যুগুতাই থকা হৈছে আৰু উচিত সময়ত বেংক/এফএলচি বিলাকক দিয়াৰ সম্ভাৱনা আছে। এফএলচিবিলাকৰ প্ৰস্তাৱিত অভিগমন বিশেষ শিবিৰ পৰিচালনা বিষয়ক নিৰ্দেশনামা Annex-I ত বৰ্ণোৱা হৈছে।

২. বেংকবোৰৰ গ্ৰামীণ শাখা – বেংকবিলাকৰ গ্ৰামীণ শাখাবোৰে এতিয়াৰে পৰা প্ৰতি মাহত এটাহে শিবিৰ (মাহৰ তৃতীয় শুকুৰবাৰে কৰ্মসময়ছোৱাৰ পাছত) অনুষ্ঠিত কৰিব লাগিব। বিত্তীয় সজাগতা বাৰ্তাৱলী (এফএএমই) ইউপিআই তথা *99# (ইউএছএছডি)ৰ বিষয়বস্তুবোৰ সামৰি এই শিবিৰ অনুষ্ঠিত হব। গ্ৰামীণ শাখাবোৰৰ প্ৰস্তাৱিত অভিগমন Annex-I ত দিয়া হৈছে। এখন গাঁৱত দুটা বা ততোধিক শাখা থাকিলে, এলভিএমে নিশ্চিত কৰিব যাতে গ্ৰামীণ শাখাবোৰে একাদিক্ৰমে মাহত এটাকৈ শিবিৰ অনুষ্ঠিত কৰে।

এফআইএফৰ পৰা পুঁজি সমৰ্থন- প্ৰতি শিবিৰত সৰ্বোচ্চ ১৫০০০ টকাৰ সীমাৰে শিবিৰত হোৱা ব্যয়ৰ ৬০ শতাংশ পৰ্যন্ত পুঁজি সমৰ্থন এফএলচি আৰু বেংকৰ গ্ৰামীণ শাখাবোৰে পোৱাৰ যোগ্য হ’ব। পুঁজি লাভৰ সবিশেষৰ কাৰণে নাবাৰ্ডে জাৰি কৰা চৰ্কুলাৰ নং ২৪০/ডিএফআইবিটি-৩৩/২০১৫ দিনাংক ১৩ নৱেম্বৰ,২০১৫ চাওক।

ৰিপৰ্টিং কাৰ্যপ্ৰণালী- Circular FIDD.FLC.BC.No. 12/12.01.018/2016-17 dated August 25, 2016 যোগে নিৰ্ধাৰণ কৰা ৰিপৰ্টিং আৰ্হিৰ সালসলনি ঘটোৱা হৈছে আৰু সংশোধিত ৰিপৰ্টিং আৰ্হিবোৰ এফএলচিৰ বাবে Annex-II (Part A, B And C) আৰু গ্ৰামীণ শাখাবোৰৰ বাবে Annex-III মতে হব। এফএলচি সম্পৰ্কীয় Annex-II ত্ৰৈমাসিক প্ৰতিবেদন ত্ৰিমাসটো শেষ হোৱাৰ ২০ দিনৰ ভিতৰত এছএলবিচি/ইউটিএলবিচি বিলাকে আৰ বি আইৰ সংশ্লিষ্ট আঞ্চলিক কাৰ্যালয়লৈ পঠিয়াব আৰু গ্ৰামীণ শাখা সম্পৰ্কীয় Annex-III ত্ৰৈমাসিক প্ৰতিবেদন, ত্ৰিমাসটো অন্ত পৰাৰ ৩০ দিনৰ ভিতৰত দাখিল কৰিব লাগিব।

ওপৰোল্লেখিত নিৰ্দেশনামা ১ এপ্ৰিল, ২০১৭ৰ পৰা বলবত্ হ’ব আৰু ৩০ জুন, ২০১৭ত শেষ হোৱা ত্ৰিমাসটোৰ পৰা সংশোধিত ৰিপৰ্টিং ফৰমেট বলবত্ হ’ব। মাৰ্চ, ২০১৭ত শেষ হোৱা ত্ৰিমাসিকৰ বাবে ত্ৰৈমাসিক প্ৰতিবেদন Circular FIDD.FLC.BC.No. 12/12.01.018/2015-16 dated August, 25,2016 ত নিৰ্ধাৰিত ফৰমেটত দাখিল কৰিব লাগিব।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ লীড ডিষ্ট্ৰিক্ট অফিচাৰ (এল ডি অ)সকলে অগ্ৰসৰণ ভিত্তিত বিত্তীয় সাক্ষৰতা শিবিৰবোৰৰ প্ৰভাৱ মূল্যায়ন/মূল্যাংকন কৰিব।

আপোনাৰ বিশ্বাসী,

(উমা শংকৰ)
প্ৰভাৰী মুখ্য মহা প্ৰৱন্ধক

সংলগ্ন – ওপৰৰ অনুযায়ী

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt