Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (98.00 kb ) version to your machine and then use respective software to print the story.
Date: 16/03/2017
প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ জমা আঁচনি (PMGKDS) - স্পষ্টীকৰণ

আৰ বি আই/২০১৬-১৭/২৫১
আইডিএমডি.চিডিডি নং ২৩৪৭/১৪.০৪.০৫১/২০১৬-১৭

১৬ মাৰ্চ, ২০১৭

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া,
সকলো কৰ্তৃত্বপ্ৰাপ্ত বেংক,
(বেংকিং বিনিয়ম আইন, ১৯৪৯ প্ৰযোজ্য সকলো বেংক)

মহাশয়/মহাশয়া,

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ জমা আঁচনি (PMGKDS) - স্পষ্টীকৰণ

অনুগ্ৰহ কৰি আমাৰ পত্ৰ আইডিএমডি নং ১৪৫১/০৮/০৩.০১৬/২০১৬-১৭ দিনাংক ১৬ ডিচেম্বৰ, ২০১৬ আৰু “Pradhan Mantri Garib Kalyan Deposit Scheme” (PGGKDS) 2016 ঘোষণাৰ বিষয়ে ভাৰত চৰকাৰে জাৰি কৰা Notification No. S.0.4061 (E) dated December, 2016 ৰ সন্দৰ্ভলৈ আহক। আমাৰ দৃষ্টিগোচৰ হৈছে আয়কৰ কৰ্তৃপক্ষলৈ আপাল’ড কৰোতে Form V ত উদ্ধৃত কৰিবলগীয়া উল্লেখ নম্বৰটো লৈ বিনিয়োগকাৰীসকলৰ মাজত সহজ বোধগম্যতাৰ অভাৱ হৈছে।

বৰ্তমানে, পিএমজিকেডিএছৰ অধীনত প্ৰাপ্ত ৰাশিৰ বাবদ বেংকবিলাকে প্ৰাপ্তি স্বীকাৰ ৰছিদ দি আছে। জমাৰ সবিশেষবোৰ তেতিয়া বেংকৰ ই-কুবেৰ এপ্লিকেশ্যনত এণ্টাৰ কৰা হয়, যিটোৱে ছাবস্ক্ৰিপশ্যন ৰিচিপ্ট জেনেৰেট কৰে। চিষ্টেমে জেনেৰট কৰা চাবস্ক্ৰিপশ্যন ৰিচিপ্টত এটা ইছ্যু ৰেফাৰেন্স নশ্বৰ থাকে। আপল’ড কৰাৰ আগতে আয়কৰ কৰ্তৃপক্ষৰ Form V ত বিনিয়োগকাৰীসকলে এই উল্লেখ নম্বৰটো উদ্ধৃত কৰিব লাগিব।

অধিকতৰ বোধগম্যতা আনিবৰ কাৰণে ই-কুবেৰে জেনেৰেট কৰা ইছ্যু ৰেফাৰেন্স নম্বৰ নামকৰণটোৰ ঠাইত এতিয়া ডিপজিট ৰেফাৰেন্স নম্বৰ কৰা হৈছে। এই পৰিৱৰ্তন প্ৰতিফলিত কৰিব পৰাকৈ আৰ বি আইৰ ই-কুবেৰ এপ্লিকেশ্যনত আৱশ্যকীয় সালসলনি ঘটোৱা হৈছে। পিএমজিকেডিএছৰ অন্তৰ্গত গ্ৰহণকাৰী বেংকবিলাকৰ কৰ্মচাৰীসকলক ওপৰোক্ত সালসলনিৰ বিষয়ে সংবেদী কৰিব আৰু পিএমজিকেডিএছ ২০১৬ৰ জমাকাৰীসকলক সেইমতে দিহা দিব।

আপোনাৰ বিশ্বাসী,

(এ. মংগলাগিৰি)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt