Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (263.00 kb ) version to your machine and then use respective software to print the story.
Date: 16/02/2017
স্বৰ্ণ ঋণ পৰিশোধ

আৰ বি আই/২০১৬-১৭/২২৯
ডি বি আৰ.আৰ আৰ বি.বি.চি. নং.৫৩/৩১.০১.০০১/২০১৬-১৭

১৬ ফেব্ৰুৱাৰী, ২০১৭

সকলো আঞ্চলিক গ্ৰামীণ বেংক

মহোদয়/মহোদয়া,

স্বৰ্ণ ঋণ পৰিশোধ

অনুগ্ৰহ কৰি আমাৰ circular RPCD.CO.RRB.BC.No.22/03.05.34/2010-11 dated September 22, 2010 উনুকিয়াওক যিটোত আঞ্চলিক গ্ৰামীণ বেংক (RRB) বিলাকক ক্ষিপ্ৰ পৰিশোধ ইচ্ছাৰে ১.০০ লাখ টকা পৰ্যন্ত ঋণ দিবলৈ অনুমতি দিয়া হৈছিল।

২. পুনৰীক্ষণ কৰি আঁচনিখনৰ অধীনত মঞ্জুৰ কৰিব পৰা ঋণৰ পৰিমাণ নিম্নোক্ত চৰ্ত সাপেক্ষে ১.০০ লাখ টকাৰ পৰা ২.০০ লাখ টকালৈ বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে-

ক. ঋণৰ অবধি মঞ্জুৰীৰ তাৰিখটোৰ পৰা ১২ মাহৰ অধিক নহ’ব।

খ. একাউণ্টটোত মাহেকীয়া বিৰতিত সুদ আৰোপ কৰা হ’ব, কিন্তু মঞ্জুৰীৰ তাৰিখৰ ১২ মাহৰ অন্তত মূলৰাশিৰ সৈতে দেয় হ’ব।

গ. আৰ আৰ বি (আঞ্চলিক গ্ৰামীণ বেংক)বিলাকে অগ্ৰসৰণ ভিত্তিত সুদকে ধৰি বকেয়া ৰাশিৰ ওপৰত ৭৫ শতাংশ মূল্যৰ বিপৰীতে ঋণৰ অনুপাত অটুট ৰাখিব লাগিব, অন্যথা ঋণটোক অনুতপাদনশীল সম্পদ (এনপিএ) হিচাপে গণ্য কৰা হ’ব।

ঘ. Circular RPCD.RRB.RCB.BC.No.08/03.05.33/2014-15 dated July 1, 2014 ৰ para 3 ত দিয়া নিৰ্দেশাৱলী মতে সোণৰ মূল্যায়ন হ’ব।

৩. স্পষ্ট কৰি দিয়া হ’ল যে স্বৰ্ণ/স্বৰ্ণালংকাৰৰ সমপাৰ্শ্বিক প্ৰতিভূতিৰ বিপৰীতে শস্য ঋণৰ মঞ্জুৰী, বৰ্তমানে বিদ্যমান আয় স্বীকৃতি, সম্পদ শ্ৰেণী নিৰ্ণয় আৰু এনে ঋণৰ বাবে প্ৰযোজ্য নিয়মৰ দ্বাৰা নিয়ন্ত্রিত হৈ থাকিব।

আপোনাৰ বিশ্বাসী,

(সৌৰভ সিনহা)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt