Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (132.00 kb ) version to your machine and then use respective software to print the story.
Date: 14/01/2016
চভাৰেইন গল্ড বণ্ডছ – ২০১৫-১৬

আৰ বি আই/২০১৬-১৭/২৯০
আইডিএমডি.চিডিডি নং ১৫৭৩/১৪.০৪.০৫০/২০১৫-১৬

১৪ জানুৱাৰী, ২০১৬

অধ্যক্ষ তথা পৰিচালন সঞ্চালক
সকলো সূচীভুক্ত বাণিজ্যিক বেংক (আৰ আৰ বি বাদে)
ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া লিঃ (এছএইছচিআইএল)

মহাশয়/মহাশয়া,

চভাৰেইন গল্ড বণ্ডছ – ২০১৫-১৬

ভাৰত চৰকাৰে ইয়াৰ Notification F.No.4(19) W&M/2014 dated January 14, 2016 যোগে ঘোষণা কৰিছিল যে জানুৱাৰী ১৮, ২০১৬ ৰ পৰা জানুৱাৰী ২২, ২০১৬ লৈকে চভাৰেইন গল্ড বণ্ডছ ২০১৬ (“the Bonds”) ক্ৰয় নিবিদাৰ বাবে মুকলি হ’ব। ভাৰত চৰকাৰে নিৰ্ধাৰিত অবধিৰ পূৰ্বে আগতিয়া জাননীৰে আঁচনিখন বন্ধ কৰিব পাৰে। বণ্ডসমূহ জাৰিৰ চৰ্তাৱলী নিম্নোক্ত ধৰণৰ হ’বঃ

১. বিনিয়োগৰ যোগ্যতা

ভাৰতত নিবাসী এজন ব্যক্তিয়ে ব্যক্তি হিচাপে, গাইগুটিয়া বা নাবালক শিশুৰ হৈ বা অন্য কোনো ব্য়ক্তিৰ সৈতে যৌথভাৱে এই আঁচনিখনৰ অধীনত বণ্ডবোৰ ধাৰণ কৰিব পাৰিব। কোনো ন্যাস, দাতব্য প্ৰতিষ্ঠান বা বিশ্ববিদ্যালয়েও এই বণ্ড ধাৰণ কৰিব পাৰিব। বিদেশী বিনিময় মুদ্ৰা ব্যৱস্থাপনা আইন, ১৯৯৯ ৰ ধাৰা ২(ফ) সমন্বিতে ধাৰা ২(ব)ৰ অধীনত ভাৰতত নিবাসী ব্যক্তিৰ সংজ্ঞাৰোপন হৈছে।

২. প্ৰতিভূতিত আকাৰ

চৰকাৰী প্ৰতিভূতি আইন,২০০৬ৰ ধাৰা ৩ অনুসাৰে ভাৰত চৰকাৰ ষ্টকৰ আকাৰত এই বণ্ডসমূহ জাৰি কৰা হ’ব। বিনিয়োগকাৰীসকলক একোখন হল্ডিং চাৰ্টিফিকেট (Form C) দিয়া হ’ব। বণ্ডসমূহ ডি-মেট আকাৰলৈ ৰূপান্তৰিত কৰিব পৰা যাব।

৩. জাৰিৰ তাৰিখ

জাৰিৰ তাৰিখ হ’ব ৮ ফেব্ৰুৱাৰী, ২০১৬।

৪. মুদ্ৰাবৰ্গ

বণ্ডবোৰ এক গ্ৰাম সোণৰ গোট আৰু গুণীতকত মুদ্ৰাবৰ্গিত হ’ব। বণ্ডত ন্যূনতম বিনিয়োগ দুই গ্ৰাম হ’ব আৰু সৰ্বোচ্চ সীমা প্ৰতি বিত্তীয় বৰ্ষত (এপ্ৰিল-মাৰ্চ) প্ৰতি ব্যক্তিত পাঁচশ গ্ৰাম হ’ব।

৫. জাৰি মূল্য

ইণ্ডিয়া বুলিয়ন আৰু জুৱেলাৰ্ছ এছোচিয়েশ্যন (আইবিজেএ)ই প্ৰকাশ কৰা, আগৰ সপ্তাহটোৰ (সোমবাৰ-শুকুৰবাৰ) ৯৯৯ শুদ্ধতাৰ সোণৰ সৰল গড় সামৰণি মূল্যৰ ভিত্তিত ভাৰতীয় টকাত বণ্ডবোৰৰ মূল্য স্থিৰ কৰা হ’ব।

৬. সুদ

প্ৰাৰম্ভিক বিনিয়োগ ৰাশিৰ ওপৰত বছৰি ২.৭৫ হাৰত (স্থিৰ হাৰ) বণ্ডবোৰত সুদ থাকিব। অৰ্ধ-বাৰ্ষিক নিবৃত্তিত কৰ প্ৰদান কৰা হ’ব আৰু অন্তিমখিনি সুদ, পৰিপক্কতাৰ অন্তত মূলধনৰাশিৰ সৈতে একেলগে প্ৰদেয় হ’ব।

৭. গ্ৰহণকাৰী কাৰ্যালয়

সূচীভুক্ত বাণিজ্যিক বেংক (আৰ আৰ বি বাদে) মনোনীত ডাকঘৰসমূহ (জ্ঞাপন হোৱা মতে) আৰু ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া (এছএইছচিআইএল)ক প্ৰত্যক্ষ বা এজেণ্টযোগে বণ্ডৰ আবেদন গ্ৰহণ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰা হৈছে।

৮. প্ৰদান বিকল্প

নগদ সৰ্বাধিক ২০,০০০ টকালৈকে বা ডিমাণ্ড ড্ৰাফ্ট বা চেকযোগে বা ইলেকট্ৰনিক বেংকিংযোগে প্ৰদান গ্ৰহণ কৰা হ’ব। চেক বা ডিমাণ্ড ড্ৰাফ্টযোগে কৰা প্ৰদান, গ্ৰহণকাৰী কাৰ্যালয়টোৰ নামত লিখিব লাগিব।

৯. বিমোচন

ক. স্বৰ্ণ বণ্ডসমূহৰ জাৰিৰ তাৰিখ ৮ ফেব্ৰুৱাৰী, ২০১৬ৰ পৰা আঠ বছৰ উকলি যোৱাত বণ্ডবোৰ পৰিশোধ কৰা হ’ব। জাৰিৰ তাৰিখটোৰ পঞ্চম বৰ্ষৰ পৰা, সুদ প্ৰদান কৰা তাৰিখবোৰত প্ৰাক্-পৰিপক্ককালীন বিমোচন কৰিব পৰা যাব।

খ. আই বি জে এই প্ৰকাশ কৰা ৯৯৯ শুদ্ধতাৰ সোণৰ পূৰ্বৱৰ্ত্তী সপ্তাহটোৰ সৰল গড় সামৰণি মূল্যৰ ভিত্তিত ভাৰতীয় টকাত বিমোচন মূল্য নিৰ্ধাৰণ কৰা হ’ব।

১০. বিমোচন

বণ্ড পৰিপক্ক হোৱাৰ এমাহ আগতে বণ্ড পৰিপক্কতাৰ তাৰিখটো গ্ৰহণকাৰী কাৰ্যালয়ে বিনিয়োগকাৰীক জনাব।

১১. বিধিগত চলনিধি অনুপাতৰ যোগ্যতা (এছ এল আৰ)

এই বণ্ডত বিনিয়োগখিনি এছ এল আৰ উপযোগী হ’ব।

১২. বণ্ডৰ বিপৰীতে ঋণ

এই বণ্ডসমূহ ঋণৰ বাবে বন্ধকী হিচাপে ব্যৱহাৰ কৰিব পৰা যাব। আৰ বি আয়ে সময়ে সময়ে আজ্ঞা দিয়া সাধাৰণ সোণৰ ঋণ হাৰখিনি প্ৰযোজ্য হ’ব। কৰ্তৃত্বপ্ৰাপ্ত বেংকবোৰে খাজাঞ্চীত বণ্ডবোৰত পূৰ্বস্বত্ব চিহ্নিত কৰিব।

১৩. কৰ উপচাৰ

আয়কৰ আইন, ১৯৬১ৰ ব্যৱস্থাৱলী অনুযায়ী বণ্ডৰ সুদখিনি কৰযোগ্য হ’ব। মূলধনী লাভ কৰ উপচাৰ, আৱয়বিক সোণৰ দৰে একে হ’ব।

১৪. আবেদন

নিৰ্ধাৰিত আবেদন প্ৰপত্ৰ (Form ‘A’) বা তাৰ প্ৰায় অনুৰূপ অন্য প্ৰপত্ৰত সোণৰ গ্ৰামখিনি আৰু আবেদনকাৰীৰ সম্পূৰ্ণ নাম-ঠিকনা স্পষ্টকৈ লিখি বণ্ডৰ বাবে ক্ৰয় নিবিদা দিব লাগিব। গ্ৰহণকাৰী কাৰ্যালয়ে আবেদনকাৰীক “Form B” ত প্ৰাপ্তি স্বীকাৰ ৰছিদ দিব।

১৫. মনোনয়ন

চৰকাৰী প্ৰতিভূতি আইন, ২০০৬ (২০০৬ৰ ৩৮) আৰু ভাৰতৰ ৰাজপত্ৰ দিনাংক ১ ডিচেম্বৰ, ২০০৭ৰ অংশ III, ধাৰা ৪ত প্ৰকাশিত মতে চৰকাৰী প্ৰতিভূতি বিনিয়ম, ২০০৭ৰ ব্যৱস্থাৱলী অনুযায়ী যথাক্ত যে Form ‘D’ আৰু Form ‘E’ ত মনোনয়ন আৰু বাতিলকৰণ কৰিব লাগিব।

১৬. হস্তান্তৰযোগ্যতা

চৰকাৰী প্ৰতিভূতি আইন, ২০০৬ (২০০৬ৰ ৩৮) আৰু ভাৰতৰ ৰাজপত্ৰ দিনাংক ১ ডিচেম্বৰ, ২০০৭ৰ অংশ III, ধাৰা ৪ত প্ৰকাশিত মতে চৰকাৰী প্ৰতিভূতি বিনিয়ম, ২০০৭ৰ ব্যৱস্থাৱলী অনুযায়ী Form ‘E’ ত হস্তান্তৰণ লিখত সম্পাদন কৰি বণ্ডবোৰ হস্তান্তৰ কৰিব পৰা যাব।

১৭. বণ্ডৰ ক্ৰয়-বিক্ৰয়

ভাৰতীয় ৰিজাৰ্ভ বেংকে জ্ঞাপন কৰিবলগীয়া তাৰিখৰ পৰা বণ্ডবোৰ ক্ৰয়-বিক্ৰয় কৰিব পৰা যাব।

১৮. বিতৰণ কমিছনপ্ৰাপ্ত আবেদনত গ্ৰহণকাৰী কাৰ্যালয়ে পোৱা মুঠ ক্ৰয়-নিবিদাৰ এশ টকাত এটকা হাৰত বিতৰণৰ কমিছন দিয়া হ’ব আৰু গ্ৰহণকাৰী কাৰ্যালয়ে এজেণ্ট/উপ-এজেণ্টৰ যোগেদি আহৰণ কৰা কমিছনখিনিৰ কমেও ৫০ শতাংশ তেওঁলোকক ভগাই দিব।

১৯. অধিসূচনা নং এফ. নং ৪ (১৩) ডব্লিউ এণ্ড এম/২০০৮, দিনাংক ৮ অক্টোবৰ, ২০০৮যোগে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ (অৰ্থনৈতিক পৰিক্ৰমা বিভাগ)ৰ অধিসূচনাখনত নিৰ্ধাৰণ কৰি দিয়া অন্য সকলো চৰ্ত এই বণ্ডবোৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।

আপোনাৰ বিশ্বাসী,

(অৰুণ ভাগ’লিৱাল)
উপ মহা প্ৰৱন্ধক

সংলগ্ন – ওপৰৰ মতে

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt