Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (263.00 kb ) version to your machine and then use respective software to print the story.
Date: 08/02/2017
সঞ্চয় বেংক একাউণ্টৰ পৰা নগদ উলিওৱাৰ ক্ষেত্ৰত থকা সীমা প্ৰত্যাহাৰ

আৰ বি আই/২০১৬-১৭/২২৪
ডি চি এম (পি এল জি) ৩১০৭/১০.২৭.০০/২০১৬-১৭

৮ ফেব্ৰুৱাৰী, ২০১৭

সকলো বেংক

মহোদয়/মহোদয়া,

সঞ্চয় বেংক একাউণ্টৰ পৰা নগদ উলিওৱাৰ ক্ষেত্ৰত থকা সীমা প্ৰত্যাহাৰ

অনুগ্ৰহ কৰি শিৰোনাম বিষয়ক আমাৰ circular DCM(Plg)2905/10.27.00/2016-17 dated January 30, 2017 ৰ উল্লেখ লওক।

২. ৯ নৱেম্বৰ,২০১৬ৰ পৰা নিৰ্দিষ্ট বেংক নোটসমূহৰ (এছ বি এন) প্ৰত্যাহাৰৰ পৰিপ্ৰেক্ষিতত ৰিজাৰ্ভ বেংকে সঞ্চয়/কাৰেণ্ট/কেছ ক্ৰেডিট/অভাৰ ড্ৰাফ্ট একাউণ্ট আৰু এটিএমৰ পৰা নগদ উলিওৱাৰ ক্ষেত্ৰত কেতবোৰ সীমা আৰোপ কৰিছিল। পুনৰ মুদ্ৰাকৰণৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি ৰিজাৰ্ভ বেংকে কাৰেণ্ট/কেছ ক্ৰেডিট/অভাৰ ড্ৰাফ্ট একাউণ্ট আৰু এটিএমৰ পৰা নগদ উলিওৱাৰ ক্ষেত্ৰত আৰোপিত সীমা যথাক্ৰমে ৩১ জানুৱাৰী,২০১৭ আৰু ১ ফেব্ৰুৱাৰী,২০১৭ৰ পৰা কাৰ্যকৰী হোৱাকৈ আংশিকভাৱে পূৰ্বৰ স্থিতাৱস্থাত পুনৰ বাহাল কৰিছিল। অৱশ্যে সঞ্চয় বেংক একাউণ্টৰ পৰা নগদ উলিওৱাৰ ক্ষেত্ৰত আৰোপিত সীমা আৰোপিত হৈ আছিল।

৩. পুনৰ মুদ্ৰাকৰণৰ অগ্ৰগতিৰ লগত সংগতি ৰাখি এতিয়া সঞ্চয় বেংক একাউণ্ট (পি এম জে ডি ৱাইৰ অধীনত খোলা একাউণ্টকে ধৰি)ৰ পৰা নগদ উলিওৱাৰ সীমা তলত দিয়া ধৰণে দুটা ধাপৰ পদ্ধতিৰে প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে-

ক. ২০ ফেব্ৰুৱাৰী,২০১৭ৰ পৰা কাৰ্যকৰী হোৱাকৈ সঞ্চয় বেংক একাউণ্টৰ পৰা নগদ উলিওৱাৰ সীমা প্ৰতি সপ্তাহত ৫০,০০০ টকালৈ (বৰ্তমানৰ প্ৰতি সপ্তাহত ২৪,০০০ টকাৰ পৰা) বৃদ্ধি কৰা হ’ব; আৰু

খ. ১৩ মাৰ্চ,২০১৭ৰ পৰা কাৰ্যকৰী হোৱাকৈ, সঞ্চয় বেংক একাউণ্টৰ পৰা নগদ উলিওৱাৰ ক্ষেত্ৰত কোনো সীমা নাথাকে।

৪. অনুগ্ৰহ কৰি প্ৰাপ্তি স্বীকাৰ কৰে যেন।

আপোনাৰ বিশ্বাসী,

(পি. বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt