Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (279.00 kb ) version to your machine and then use respective software to print the story.
Date: 30/12/2016
হোৱাইট লেবেল এটিএম অপাৰেটৰ (ডব্লিউ এল এ অ) – খুচুৰা আউটলেটৰ পৰা নগদ প্ৰৱৰ্তন

আৰ বি আই/২০১৬-১৭/২০২
ডি পি. এছ এছ. চি অ. পি ডি নং ১৬২১/০২.১০.০০২/২০১৬-১৭

৩০ ডিচেম্বৰ,২০১৬

অধ্যক্ষ /পৰিচালন সঞ্চালক/ মুখ্য কাৰ্যবাহী বিষয়াসকল
সকলো সূচীভুক্ত বাণিজ্যিক বেংক আৰ আৰ বি সমন্বিতে/নগৰীয়া সমবায় বেংক/ৰাজ্যিক সমবায়
বেংক/জিলা কেন্দ্ৰীয় সমবায় বেংক/কৰ্তৃত্বপ্ৰাপ্ত এটিএম নেটৱৰ্ক অপাৰেটৰ/কাৰ্ড পেমেণ্ট নেটৱৰ্ক
অপাৰেটৰ/হোৱাইট লেবেল এটিএম অপাৰেটৰসকল

মহাশয়া/মহাশয়,

হোৱাইট লেবেল এটিএম অপাৰেটৰ (ডব্লিউ এল এ অ) – খুচুৰা আউটলেটৰ পৰা নগদ প্ৰৱৰ্তন

আমাৰ চাৰ্কুলাৰ নং ডিচিএম(পিএলজি)নং ১২২৬/১০.২৭.০০/২০১৬-১৭ দিনাংক ৮ নৱেম্বৰ,২০১৬যোগে প্ৰচলিত ৫০০ টকীয়া আৰু ১০০০ টকীয়া বেংকনোট (এছবিএন)ৰ বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰৰ পাছত আমাৰ দৃষ্টিগোচৰ হৈছে যে হোৱাইট লেবেল এটিএম অপাৰেটৰসকলে (ডব্লিউএলএঅ) তেওঁলোকৰ পৃষ্ঠপোষক বেংকসমূহৰ পৰা নগদ আহৰণৰ ক্ষেত্ৰত সমস্যাৰ সম্মুখীন পাইছে।

২. ডব্লিউএলএঅবোৰৰ বাবে নগদ প্ৰাপ্ততা সূচল কৰাৰ অৰ্থে খুচুৰা নিবেদকসমূহৰ পৰা নগদ প্ৰৱৰ্তন কৰিবলৈ নিম্নোক্ত চৰ্ত সাপেক্ষে সিদ্ধান্ত লোৱা হৈছে-

(ক) নিজ নিজ এটিএমযোগে নিবেদিত কাৰেন্সি নোটৰ মান আৰু যথাৰ্থতাৰ বাবে ডব্লিউএলএঅসমূহ সম্পূৰ্ণ দায়ী হব। এই উদ্দেশ্যে কেৱল এটিএম উপযোগী নোটহে ব্যৱহাৰ কৰিব।

(খ) ডব্লিউএলএঅবিলাকে নিজৰ বোৰ্ড অনুমোদিত নীতিৰ ওপৰত ভিত্তি কৰি নগদ কৰিবলৈ বিচৰা খুচুৰা নিবেদকবোৰৰ সৈতে দ্বিপাক্ষিক চুক্তি কৰি লব।

(গ) এনে বন্দবস্তিৰ পৰা উদ্ভূত দেয়তা আৰু বিবাদ থাকিলে ডব্লিউএলএঅ বিলাকেই দায়ী হব।

(ঘ) গ্ৰাহক বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত ডব্লিউএলএঅবিলাক দায়বদ্ধ হব আৰু জালনোটকে ধৰি গ্ৰাহকৰ লগত হোৱা লোকচানৰ ক্ষতিপূৰণ কৰিব লাগিব।

(ঙ) এনে যোগাৰেৰে প্ৰৱৰ্তন কৰা নগদৰ ৬০ শতাংশ গ্ৰামাঞ্চল আৰু অৰ্ধ-চহৰ অঞ্চলৰ বিতৰণ কৰিব লাগিব।

(চ) ডব্লিউএলএঅ সম্পৰ্কীয় অন্যান্য সকলো নিৰ্দেশনা অপৰিৱৰ্তিত থাকিব।

৩. এই চাৰ্কুলাৰ জাৰি কৰা তাৰিখৰ পৰা ওপৰোক্ত ব্যৱস্থা কাৰ্যকৰী হব আৰু ইয়াৰ পদ্ধতি/প্ৰচলন অবধি পুনৰীক্ষণ সাপেক্ষে বাহাল থাকিব।

৪. প্ৰদান আৰু বন্দোবস্তি প্ৰণালী বিধি, ২০০৭ (২০০৭ৰ আইন ৫১)ৰ ধাৰা ১০(২) সমন্বিতে ধাৰা ১৮ৰ অন্তৰ্গত এই নিৰ্দেশ জাৰি কৰা হল।

আপোনাৰ বিশ্বাসী,

(নিলিমা ৰামটেকে)
মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt