Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (101.00 kb ) version to your machine and then use respective software to print the story.
Date: 02/12/2016
কাৰ্ড দাখিল লেনদেনৰ বাবে আধাৰ ভিত্তিক প্ৰমাণীকৰণ

আৰ বি আই/২০১৬-১৭/১৭০
ডি পি এছ এছ. চি অ.পি ডি. নং ১৪২১/০২.১৪.০০৩/২০১৬-১৭

২ ডিচেম্বৰ,২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া
সকলো সূচীভূক্ত বাণিজ্যিক বেংক আৰু আৰ আৰ বি সমন্বিতে/চহৰীয়া সমবায় বেংক/ৰাজ্যিক সমবায় বেংক/জিলা কেন্দ্ৰীয় সমবায় বেংক/কৰ্তৃত্বপ্ৰাপ্ত কাৰ্ড পেমেণ্ট নেটৱৰ্ক/হোৱাইট লেবেল এ টি এম অপাৰেটৰ/প্ৰদান বেংকসমূহ/ক্ষুদ্ৰ বিত্তীয় বেংক

মহাশয়/মহাশয়া,

কাৰ্ড দাখিল লেনদেনৰ বাবে আধাৰ ভিত্তিক প্ৰমাণীকৰণ

আমাৰ circular DPSS.CO.PD.No.892/02.14.003/2016-17 dated September 29, 2016 ৰ সন্দৰ্ভলৈ মনোযোগ আকৰ্ষণ কৰা হল যাৰ জৰিয়তে ১ জানুৱাৰী,২০১৭ৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো নতুন কাৰ্ড দাখিল গ্ৰহণ আন্তঃগাঁথনিক আধাৰভিত্তিক বায়োমেট্ৰিক প্ৰমাণীকৰণ ব্যৱহাৰ কৰিও প্ৰদান লেনদেন প্ৰক্ৰিয়াভুক্ত সন্মত কৰাটো নিশ্চিত কৰিবলৈ বেংকবোৰক দিহা দিয়া হৈছিল।

২. আমাৰ দৃষ্টিগোচৰ হৈছে যে এনে আধাৰ-ভিত্তিক প্ৰণালীৰ চাহিদা আৰু যোগানৰ ব্যৱধান হেতুকে গ্ৰহণ আন্তঃগাঁথনিৰ প্ৰয়োগ হাৰ মন্থৰ হৈছে। সেয়ে পৰ্যালোচনাক্ৰমে আধাৰসন্মত প্ৰণালী প্ৰয়োগৰ সময় ৩০ জুন,২০১৭ পৰ্যন্ত বঢ়াই দিবলৈ সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে ওপৰোক্ত নিৰ্দেশাৱলী মানি চলাটো নিশ্চিত কৰাৰ আৱশ্যকতা হিচাপে বেংকবিলাকে পোষক পৰ্যায়, নেটৱৰ্ক পৰ্যায়ৰ সালসলনি আৰু যতন প্ৰস্তুতি সমন্বিতে আৱশ্যকীয় যা-যোগাৰবোৰ কৰি থাকিব।

৩. তদুপৰি এইটোও স্পষ্ট কৰি দিয়া হল যে আমাৰ circular dated September 29, 2016 ত প্ৰদত্ত নিৰ্দেশাৱলী নতুন কাৰ্ড গ্ৰহণ আন্তঃগাঁথনি প্ৰয়োগৰ বাবেহে। বৰ্তমানে থকা কাৰ্ড গ্ৰহণ আন্তঃগাঁথনিক আধাৰভিত্তিক বায়োমেট্ৰিক প্ৰমাণীকৰণ ব্যৱহাৰ কৰি প্ৰদান লেনদেন সন্মত কৰাৰ সন্দৰ্ভত প্ৰযোজ্য হবলগীয়া সময়সীমাৰ বিষয়ে উচিত সময়ত জনোৱা হব।

৪. প্ৰদান তথা বন্দোবস্তি প্ৰণালী আইন, ২০০৭ (২০০৭ৰ আইন ৫১)ৰ ধাৰা ১৮ সমন্বিতে ধাৰা ১০(২)ৰ অধীনত এই নিৰ্দেশ জাৰি কৰা হল।

৫. এই চাৰ্কুলাৰৰ প্ৰাপ্তি স্বীকাৰ কৰে যেন।

আপোনাৰ বিশ্বাসী,

(নন্দ এছ. ডাৱে)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt