আৰ বি আই/২০১৬-১৭/১৬৯
ডি চি এম (পি এল জি) নং ১৫০৮/১০.২৭.০০/২০১৬-১৭
২ ডিচেম্বৰ,২০১৬
অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া
(কাৰেন্সি চেষ্ট থকা সকলো বেংক)
মহাশয়/মহাশয়া,
বেংকনোটৰ আবণ্টন
ৰবি শষ্য বতৰৰ বাবে নগদ উপলব্ধ কৰা বেংকসমূহক দিহা বিষয়ক আমাৰ circular DCM (Plg) No.1345/10.27.00/2016-17 dated November 22, 2016 উনুকিয়ায় যেন।
২. উপৰোক্তৰ অনুক্ৰমে আৰু গ্ৰামীণ শাখাসমূহ, ডাকঘৰ আৰু ডি চি চি বিবোৰৰ বাবে পৰ্যাপ্ত বেংকনোটৰ আবণ্টন সুনিশ্চিত কৰাৰ অৰ্থে, কাৰেন্সি চেষ্টবোৰৰ পৰা বেংকনোটৰ বিতৰণ সম্পৰ্কীয় সুবিধাকৰণ আৰু পৰিচালনাত ৰাজ্য়িক পৰ্যায়ৰ বেংকাৰ্ছ কমিটী (এছএলবিচি)ৰ পৃষ্ঠপোষকতাত কাৰ্যনিৰ্বাহক কৰা জিলা সমন্বয়ৰক্ষীসকলক (লীড ডিষ্ট্ৰিক্ট মেনেজাৰসকলক) জড়িত কৰিবলৈ বেংকবোৰক দিহা দিয়া হল।
৩. কাৰেন্সি চেষ্ট থকা বেংকবোৰে নিজা বেংক শাখাবোৰক নগদ জমা দিয়াত অগ্ৰাধিকাৰ দিয়ে বুলি এটা অৱধাৰণা হৈছে। কাৰেন্সি চেষ্ট থকা এই বেংকবোৰক সেয়ে অন্যান্য বেংক আৰু নিজা বেংক শাখাৰ মাজত অসম আবণ্টন আঁতৰোৱাৰ বাবে চকুত লগা প্ৰচেষ্টা চলাবলৈ দিহা দিয়া হল।
আপোনাৰ বিশ্বাসী,
(সুমন ৰয়)
মহা প্ৰৱন্ধক |