Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (274.00 kb ) version to your machine and then use respective software to print the story.
Date: 16/12/2016
৩১ মাৰ্চ, ২০১৭ পৰ্যন্ত বিশেষ ব্যৱস্থাৱলী – ইমিডিয়েট পেমেণ্ট চাৰ্ভিছ (আইএমপিএছ), ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ (ইউপিআই) তথা আনষ্ট্ৰাকচাৰ্ড চাপ্লিমেণ্টেৰী চাৰ্ভিছ ডা

আৰ বি আই/২০১৬-১৭/১৮৫
ডি পি এছ এছ. চি অ.পি ডি. নং ১৫১৬/০২.১২.০০৪/২০১৬-১৭

১৬ ডিচেম্বৰ,২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া
সকলো তত্কালিক প্ৰদান সেৱাত অংশগ্ৰহণকাৰী (আই এম পি এছ)
ইউনিফাইদ পেমেণ্ট ইণ্টাৰফেচ (ইউ পি আই) আৰু
অসংগঠিত পৰিপূৰক সেৱা তথ্য (ইউএছএছডি) ভিত্তিক *99# চিষ্টেমসমূহ

মহাশয়/মহাশয়া,

৩১ মাৰ্চ, ২০১৭ পৰ্যন্ত বিশেষ ব্যৱস্থাৱলী –

ইমিডিয়েট পেমেণ্ট চাৰ্ভিছ (আইএমপিএছ), ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ (ইউপিআই) তথা আনষ্ট্ৰাকচাৰ্ড চাপ্লিমেণ্টেৰী চাৰ্ভিছ ডাটা (ইউএছএছডি)ৰ বাবে গ্ৰাহক মাচুল নিৰসন

Circular No.DCM (Plg)No.1226/10.27.00/2016-17 dated November 8, 2016 যোগে ইতিপূৰ্বে প্ৰচলিত ৫০০ টকীয়া আৰু ১০০০ টকীয়া বেংকনোটৰ বৈধমুদ্ৰা বৈশিষ্ট্য (নিৰ্দিষ্ট বেংকনোট (এছবিএনৰ) প্ৰত্যাহাৰৰ পাছত চৰকাৰে সমাজৰ বৃহত্তৰ অংশৰ দ্বাৰা ডিজিটেল প্ৰদান ব্যৱস্থা অধিকতৰ গ্ৰহণত উদগণি যোগোৱাৰ বাবে বিভিন্ন জড়িত পক্ষৰ পৰামৰ্শ সাপেক্ষে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। সাময়িক পদক্ষেপ হিচাপে এই মৰ্মে সিদ্ধান্ত লোৱা হৈছে যে সকলো অংশগ্ৰহণকাৰী বেংক আৰু প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্ট জাৰিকাৰকে, তাত্ক্ষণিক প্ৰদান সেৱা (আইএমপিএছ), ইউএছএছডি ভিত্তিক *99# আৰু ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ (ইউপিআই) প্ৰণালীযোগে সম্পন্ন কৰা ১০০০ টকা পৰ্যন্ত লেনদেনৰ বাবদ গ্ৰাহকৰ পৰা কোনো মাচুল নলব।

২. ওপৰোক্ত ব্যৱস্থাৱলী ১ জানুৱাৰী, ২০১৭ৰ পৰা কাৰ্যকৰী হব আৰু ৩১ মাৰ্চ, ২০১৭ পৰ্যন্ত প্ৰযোজ্য হব। অন্তৱৰ্তী অৱধিত ভাৰতীয় ৰিজাৰ্ভ বেংকে সংশ্লিষ্ট জড়িত পক্ষসমূহৰ দ্বাৰা ওপৰোক্ত চেনেলসমূহৰ অধীনৰ মাচুলসমূহৰ পৰ্যালোচনাৰ দিহা কৰিব।

৩. প্ৰদান তথা নিষ্পত্তি প্ৰণালী আইন, ২০০৭ (২০০৭ৰ আইন ৫১)ৰ ধাৰা ১৮ সমন্বিতে ধাৰা ১০(২)ৰ অধীনত এই নিৰ্দেশ জাৰি কৰা হল।

আপোনাৰ বিশ্বাসী,

(নন্দ এছ ডাৱে)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt