Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (242.00 kb ) version to your machine and then use respective software to print the story.
Date: 15/12/2016
আপোনাৰ গ্ৰাহকক জনা (কে ৱাই চি) সম্পৰ্কীয় মাষ্টাৰ ডিৰেকশ্যনৰ দিহাসমূহ মানি চলা

আৰ বি আই/২০১৬-১৭/১৮৩
ডি বি আৰ.এ এম এল. বি চি. নং ৪৮/১৪.০১.০১/২০১৬-১৭

১৫ ডিচেম্বৰ,২০১৬

সকলো বিনিয়মিত সত্তা

মহাশয়/মহাশয়া,

আপোনাৰ গ্ৰাহকক জনা (কে ৱাই চি) সম্পৰ্কীয় মাষ্টাৰ ডিৰেকশ্যনৰ দিহাসমূহ মানি চলা

Master Direction on Know Your Customer (KYC)ৰ নিম্নোক্ত প্ৰাৱধানসমূহৰ সন্দৰ্ভলৈ আহে যেন-

ক. ধাৰা ৮(ঘ) আৰু (ঙ)ত উল্লেখ যে বিনিয়ামিত সত্তাৰ (আৰ ই) সমৱৰ্তী/আভ্যন্তৰীণ হিচাপ পৰীক্ষণ প্ৰণালীয়ে কে ৱাই চি/এ এম এল নীতি আৰু পদ্ধতি নমনীয়তা সাব্যস্ত কৰিব লাগিব আৰু অডিট কমিটীক ত্ৰৈমাসিক হিচাপ পৰীক্ষণ টোকা আৰু নমনীয়তা টোকা দাখিল কৰিব লাগিব।

খ. ধাৰা ২৩ য’ত ক্ষুদ্ৰ একাউণ্টৰ পৰিচালনা নিৰ্দেশাৱলী দিয়া আছে আৰু

গ. ধাৰা ৬৭, য‘ত দিহা দিয়া আছে যে বেংকত প্ৰযোজ্য আয়কৰ (আই টি) নিয়ম ১১৪খৰ ব্যৱস্থা মতে সময়ে সময়ে সংশোধিত, লেনদেন কৰাওতে গ্ৰাহকৰ স্থায়ী একাউণ্ট নম্বৰ (পিএএন) লব আৰু সাৱ্যস্ত কৰিব লাগিব। পিএএন নথকা গ্ৰাহকৰ পৰা ফৰ্ম-৬০ লব লাগিব। এইটো স্পষ্ট কৰি দিয়া হৈছে যে আই টি নিয়ম ১১৪খৰ সংজ্ঞা মতে লেনদেনত বেংক, এনবিএফচি আদিত একাউণ্ট খোলাটোও অন্তৰ্ভুক্ত আছে।

২. এই কথা আৰ বি আইৰ দৃষ্টিগোচৰ কৰা হৈছে যে কোনো কোনো ক্ষেত্ৰত ওপৰোক্ত দিহাবোৰৰ কটকটীয়া নমনীয়তা নিশ্চিত কৰা হোৱা নাই। এই পৰিপ্ৰেক্ষিতত আৰ ইসমূহক নিম্নোল্লেখিত মতে দিহা দিয়া হল-

১. তেওঁলোকে ধাৰা (ঘ) আৰু (ঙ)ত বান্ধি দিয়া বিস্তাৰিত নিৰ্দেশাৱলী কটকটীয়াকৈ পালন কৰিব-

২. ক্ষুদ্ৰ একাউণ্টৰ ক্ষেত্ৰত নিৰ্দ্ধাৰিত সীমা/চৰ্তাৱলী উলংঘা নকৰিব আৰু তাৰ নমনীয়তা কঠোৰভাৱে নিৰীক্ষণ কৰিব। যদি কোনো গ্ৰাহকে নিৰ্ধাৰিত সীমাতকৈ অধিক ৰাশি পৰিচালনা কৰিবলৈ বিচাৰে, ধাৰা ১৬/১৭ত উল্লেখিত চিডিডি/কেৱাইচি আৰু মাষ্টাৰ ডিৰেকশ্যনৰ ধাৰা ৬৭ৰ ব্যৱস্থাৱলী পূৰণ কৰি য’ত নেকি বেংক/এনবিএফচি আদিত একাউণ্ট খোলোতে প্ৰযোজ্য পিএএন/ফৰ্ম-৬০ উল্লেখ কৰাকে ধৰি, স্বাভাৱিক একাউণ্ট খোলাৰ বাবে আৱশ্যকীয় নমনীয়তা হোৱাৰ পাছতহে তেনে অনুমতি দিব। যদি কোনো একাউণ্ট, অনুমতিযোগ্য সীমাতকৈ অধিকতৰ ব্যয়ভুক্ত/অৱশিষ্ট হোৱা হেতুকে ‘ক্ষুদ্ৰ একাউণ্ট’ ৰূপে শ্ৰেণীভুক্ত হোৱা বাবে অযোগ্য বিবেচিত হয়, ক্ষুদ্ৰ একাউণ্টৰ বাবে নিৰ্দ্ধাৰিত সীমাৰ ভিতৰত টকা উঠাবলৈ দিব পাৰে যত তাৰ সীমা অতিক্ৰম হোৱা নাই।

৩. বি এছ বি ডি একাউণ্ট (পি এম জে ডি ৱাই একাউণ্টবোৰ বি এছ বি ডি এ সদৃশ) যিবোৰ কেৱাইচি নমনীয় নহয় সেইবোৰক ক্ষুদ্ৰ একাউণ্ট হিচাপে গণ্য কৰিব লাগিব আৰু এনে একাউণ্টত প্ৰযোজ্য সীমাৰেখাৰ ভিতৰত ৰখা হব। গতিকে এনে একাউণ্টত স্বাভাৱিক পৰিচালনাৰ অনুমতিৰ বাবে ওপৰৰ (II) ব্যাখ্যা কৰা পদ্ধতি মানিব লাগিব। যদি কোনো একাউণ্ট অনুমতিযোগ্য সীমাতকৈ অধিক ৰাশিৰ ব্যয়ভুক্ত/অৱশিষ্ট ৰাশি হোৱা হেতুকে ক্ষুদ্ৰ একাউণ্ট ৰূপে পৰিগণিত হৈছে, ক্ষুদ্ৰ একাউণ্টৰ বাবে নিৰ্দ্ধাৰিত সীমাৰ ভিতৰত টকা উলিয়াবলৈ দিব পাৰে যত তাৰ সীমা অতিক্ৰম হোৱা নাই।

৪. কে ৱাই চি নমনীয় একাউণ্টৰ ক্ষেত্ৰত যত নেকি আৱশ্যকীয় চি ডি ডি পদ্ধতি মানি চলা আছে, আয়কৰ নিয়ম ১৪৪খত সংজ্ঞাৰোপিত মতে, যত বেংক/এন বি এফ চি আদি একাউণ্ট খোলাকে ধৰি প্ৰযোজ্য পি এ এন উল্লেখ কৰা/ফৰ্ম-৬০ লোৱা সম্পৰ্কীয় নমনীয়তা আৰ ইবিলাকে নিশ্চিত কৰিব। ওপৰত উল্লেখিত আৱশ্যকতা নমনীয় নোহোৱা একাউণ্টত কোনো ব্যয়ভুক্তি, স্থানান্তৰণ বা অন্যথা হবলৈ নিদিব। আৰম্ভণি হিচাপে নিম্নোল্লেখিত উভয়সন্ধিত উপনীত একাউণ্টবোৰত এই নিয়ম কটকটীয়াকৈ প্ৰয়োগ কৰিব-

ক. পাঁচ লাখ বা ততোধিক টকাৰ অৱশিষ্ট ৰাশি আছে, আৰু

খ. ৯ নৱেম্বৰ, ২০১৬ৰ পাছত জমা হোৱা মুঠ ৰাশি (ইলেকট্ৰনিক বা অন্য উপায়েৰে কৰা জমাভুক্তিকে ধৰি) দুই লাখ টকাৰ অধিক হৈছে।

৩. এইটো স্পষ্ট কৰি দিয়া হয় যে এম ডিৰ ধাৰা ৬৭ৰ প্ৰাৱধানসমূহ আয়কৰ নিয়ম ১১৪খত প্ৰদত্ত দিহা মতে চৰকাৰী কনচুলাৰ কাৰ্যালয়ক মঞ্জুৰ কৰা অব্যাহতি সাপেক্ষে হব।

আপোনাৰ বিশ্বাসী,

(লিলি ৱাদেৰা)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt