Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (142.00 kb ) version to your machine and then use respective software to print the story.
Date: 31/12/2016
সহৃদয়তাসূচক অবধিত নিৰ্দিষ্ট বেংকনোট (এছ বি এন)ৰ বিনিময় সুবিধা – কে ৱাই চি সত্যাসত্য নিৰূপণ আৰু একাউণ্ট সবিশেষ

আৰ বি আই/২০১৬-১৭/২০৫
ডি চি এম(পি এল জি) নং ২১৭০/১০.২৭.০০/২০১৬-১৭

৩১ ডিচেম্বৰ,২০১৬

অধ্যক্ষ /পৰিচালন সঞ্চালক/ মুখ্য কাৰ্যবাহী বিষয়া
ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী খণ্ডৰ বেংক/বিদেশী বেংক/আঞ্চলিক গ্ৰামীণ বেংক/চহৰীয়া
সমবায় বেংক/ৰাজ্যিক সমবায় বেংক/জিলা কেন্দ্ৰীয় সমবায় বেংক

মহাশয়,

সহৃদয়তাসূচক অবধিত নিৰ্দিষ্ট বেংকনোট (এছ বি এন)ৰ বিনিময় সুবিধা – কে ৱাই চি সত্যাসত্য নিৰূপণ আৰু একাউণ্ট সবিশেষ

অনুগ্ৰহ কৰি নিৰ্দিষ্ট বেংক নোট (দেয়তা পৰিসমাপ্তি) বিষয়ক ভাৰত চৰকাৰৰ অধ্যাদেশ নং ২০১৬ৰ ১০ দিনাংক ৩০ ডিচেম্বৰ, ২০১৬ৰ সন্দৰ্ভ লওক।

২. ওপৰোল্লেখিত দফা ৪.১ অনুযায়ী ১০ নৱেম্বৰৰ পৰা ৩০ ডিচেম্বৰ,২০১৬ৰ ভিতৰত ভাৰতৰ পৰা অনুপস্থিতি হেতুকে উক্ত সময়ছোৱাত এছ বি এন বিনিময়ৰ সুবিধা লব নোৱাৰা আৱাসী আৰু প্ৰবাসী নাগৰিকসকলৰ কাৰণে এটা সুবিধা দিয়া হৈছে। বিশেষতঃ এই সুবিধা কেৱল কে ৱাই চি সন্মত একাউণ্ট থকা নিবেদকসকলৰ বাবেহে আৰু ১০ নৱেম্বৰৰ পৰা ৩০ ডিচেম্বৰ,২০১৬লৈকে এছ বি এন জমা কৰিবলৈ অসমৰ্থ হোৱাসকলৰ বাবেহে উপলব্ধ হব।

৩. ওপৰোক্ত তথ্য যিহেতুকে বেংকসমূহত উপলব্ধ হৈছে আৰ বি আইৰ নিৰ্দিষ্ট কাৰ্যালয়সমূহে (i) কে ৱাই চি স্থিতি নিশ্চিত কৰিবলৈ আৰু নিবেদকৰ একাউণ্টত জমা কৰা এছ বি এনৰ তথ্য, যদি থাকে, লবৰ কাৰণে বেংকবোৰৰ কাষ চাপিব। এনে অনুৰোধ পোৱাৰ ৭ দিনৰ ভিতৰত আৱশ্যকীয় তথ্য দিব পৰাকৈ বেংকবিলাকক সেয়ে দিহা দিয়া হল। এই উদ্দেশ্যে বেংকবিলাকে মহা প্ৰৱন্ধক পদমৰ্যাদাৰ এগৰাকী বিষয়াক নডেল বিষয়া হিচাপে নিয়োজিত কৰিব যাক আমাৰ বিষয়াসকলে লগ ধৰিব পাৰে। নডেল বিষয়াগৰাকীৰ নাম, যোগাযোগৰ সবিশেষ (মেইল আই ডিকে ধৰি) mailed কৰিব।

৪. অনুগ্ৰহ কৰি প্ৰাপ্তি স্বীকাৰ কৰিব।

আপোনাৰ বিশ্বাসী,

(পি. বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক


ভাৰতীয় ৰিজাৰ্ভ বেংক
সহৃদয়তাসূচক অবধিত নিৰ্দিষ্ট বেংকনোট (এছ বি এন) বিনিময়ৰ বাবে সুবিধা

ভাৰত চৰকাৰৰ দিনাংক ৩০ ডিচেম্বৰ, ২০১৬ৰ নিৰ্দিষ্ট বেংক নোট (দেয়তাৰ পৰিসমাপ্তি) অধ্যাদেশ, ২০১৬ৰ ধাৰা ৪(১)ৰ আখ্যা আৰু তদাধীনত জাৰি কৰা অধিসূচনা এছ.অ.৪২৫১(ই) দিনাংক ৩০ ডিচেম্বৰ, ২০১৬ৰ মতে, ৯ নৱেম্বৰ, ২০১৬ৰ পৰা ৩০ ডিচেম্বৰ, ২০১৬ৰ সময়ছোৱাত দেশত উপস্থিত নথকা হেতুকে ভাৰতীয় নাগৰিকসকলক এটা সুযোগ দিয়াৰ উদ্দেশ্যে ভাৰতীয় ৰিজাৰ্ভ বেংকে শিৰোনাম বিষয়ক সুবিধাটো যুগুতাইছে।

সুবিধাটোৰ ব্যৱস্থাসমূহ তলৰ মতে হব-

২. বিনিময়ৰ স্থান

এই সুবিধা ৰিজাৰ্ভ বেংকৰ পাঁচটা কাৰ্যালয়ত উপলব্ধ হব আৰু এইকেইটা হল মুম্বাই, নতুন দিল্লী, চেন্নাই, কলকাতা আৰু নাগপুৰস্থিত ৰিজাৰ্ভ বেংক কাৰ্যালয়সমূহ।

৩. যোগ্য ব্যক্তি

৩.১. এই সুবিধা ভাৰতীয় নাগৰিকসকলে নিজ নিজ গাইগুটিয়া সামৰ্থ্যৰে আৰু অবধিটোত মাত্ৰ এবাৰহে লাভ কৰিব পাৰে। সুবিধাটোৰ অধীনত কোনো তৃতীয় পক্ষ নিবেদকক অনুমতি দিয়া নহয়।

৩.২.ভাৰতীয় নাগৰিকৰ মাজৰ দুটা শ্ৰেণীৰ এছ বি এন থকা ব্যক্তিয়ে সুবিধাটো লব পাৰিব-

(ক) আবাসী ভাৰতীয় যিসকল ৯ নৱেম্বৰৰ পৰা ৩০ ডিচেম্বৰ, ২০১৬ৰ সময়ছোৱাত বিদেশত আছিল, আৰু

(খ) প্ৰবাসী ভাৰতীয় যিসকল ৯ নৱেম্বৰৰ পৰা ৩০ ডিচেম্বৰ, ২০১৬ৰ সময়ছোৱাত ভাৰতত নাছিল।

৩.৩. নেপাল, ভূটান, পাকিস্তান আৰু বাংলাদেশৰ আবাসী ভাৰতীয় নাগৰিকৰ বাবে এই সুবিধা উপলব্ধ নহব।

৩.৪. ওপৰোল্লেখিত দুই যোগ্য শ্ৰেণীৰ বাবে চৰ্তাৱলী আৰু প্ৰক্ৰিয়া তলৰ মতে হব-

ক. আবাসী ভাৰতীয়

(১)৯ নৱেম্বৰৰ পৰা ৩০ ডিচেম্বৰ, ২০১৬ৰ লৈকে বিদেশত থকা আবাসীসকলহে এই সুবিধা চলি থকা সময়ছোৱাত মাত্ৰ এবাৰহে সুবিধাটো লোৱাৰ যোগ্য হব।

(২) বিনিময়ৰ বাবে এছ বি এন নিবেদনৰ ক্ষেত্ৰত কোনো মৌদ্ৰিক সীমা নাথাকে।

(৩) উক্ত সময়ছোৱাত বিদেশত থকা বুলি প্ৰতিপন্ন কৰিব পৰাকৈ আৱশ্যকীয় প্ৰমাণ নথিসহ সংযোজন-১ মতে উপস্থাপন প্ৰপত্ৰ এখনত পূৰাই নিবেদিত ৰাশি দাখিল কৰিব।

(৪) ৯ নৱেম্বৰৰ পৰা ৩০ ডিচেম্বৰ, ২০১৬ত দেশৰ পৰা বাহিৰত থকা বুলি ব্যক্তিগৰাকীৰ প্ৰমাণ হিচাপে ইমিগেশ্যন ষ্টাম্পসহ পাৰপত্ৰৰ এক প্ৰতিলিপি দাখিল কৰিব লাগিহ। সত্যতা নিৰূপণৰ কাৰণে আৰ বি আই কাউণ্টাৰত মূল পাৰপত্ৰ দাখিল কৰিব লাগিব।

(৫) ১০ নৱেম্বৰৰ পৰা ৩০ ডিচেম্বৰ, ২০১৬ৰ ভিতৰত কোনো এছ বি এন জমা কৰা নাই বুলি প্ৰমাণ হিচাপে সকলো বেংক একাউণ্টৰ প্ৰবিৱৰণ প্ৰতিলিপি দিব লাগিব।

(৬) উপস্থাপিত ৰাশিৰ লগতে আবেদনকাৰীৰ কে ৱাই চি সন্মত বেংক একাউণ্ট সবিশেষসহ বৈধ পৰিচয় প্ৰমাণ আৰু আধাৰ নম্বৰ থাকিব লাগিব।

(৭) আয়কৰ আইন, ১৯৬২ৰ ধাৰা ১১৪-বিৰ বিধিগত দিহামতে আৱশ্যকীয় নথি আৱশ্যক হব।

(৮) গ্ৰহণযোগ্য ৰাশিৰ জমাভুক্তি নোহোৱা পৰ্যন্ত উপস্থাপকক প্ৰাপ্তি ৰছিদ দিয়া হব।

(৯) ৯ নৱেম্বৰৰ পৰা ৩০ ডিচেম্বৰ, ২০১৬ৰ সময়ছোৱাত নিবেদকগৰাকী বিদেশত থকা, একাউণ্টটো কে ৱাই চি সন্মত, অন্যান্য চৰ্তসমূহ পৰিপূৰণ আৰু নিবেদিত নোটসমূহৰ যথাৰ্থতা নিশ্চিত কৰি গ্ৰহণযোগ্য ৰাশি নিবেদকৰ দিহা মতে একাউণ্টত অন্তৰ্ভুক্ত কৰা হব।

খ. প্ৰবাসী ভাৰতীয় (এন আৰ আই)

১. ৯ নৱেম্বৰৰ পৰা ৩০ ডিচেম্বৰ, ২০১৬ৰ ভিতৰত ভাৰতত উপস্থিত নথকা এন আৰ আইসকলেহে এই সুবিধা বাহাল থকা সময়ছোৱাত মাত্ৰ এবাৰহে সুবিধা লোৱাৰ যোগ্য হব।

২. সংলগ্ন পত্ৰ-২ মতে টেণ্ডাৰ ফৰ্মত পূৰাই উপস্থাপিত ৰাশি দাখিল কৰিব লাগিব।

৩. সংশ্লিষ্ট এফ ই এম এ নিয়মাৱলী অনুসাৰে ভাৰতৰ পৰা নোটসমূহ কেতিয়া বাহিৰলৈ নিয়া হৈছিল সেইটোত নিৰ্ভৰ কৰি প্ৰতি ব্যক্তিৰ সৰ্বোচ্চ ২৫,০০০ টকাত উপস্থাপন সীমিত হব।

৪. ব্যক্তিগৰাকীৰ ৯ নৱেম্বৰৰ পৰা ৩০ ডিচেম্বৰ, ২০১৬ত দেশত অনুপস্থিতিৰ প্ৰমাণ হিচাপে ইমিগ্ৰেশ্যন ষ্টাম্পসহ পাৰপত্ৰৰ এটা প্ৰতিলিপি দাখিল কৰিব লাগিব। সত্যতা নিৰ্ণয়ৰ বাবে মূল পাৰপত্ৰ আৰ বি আই কাৰ্যালয়ত দাখিল কৰিব লাগিব।

৫. ৩০ ডিচেম্বৰ, ২০১৬ৰ পাছত ব্যক্তিগৰাকীৰ ৰেড চেনেলযোগে আগমন সম্পৰ্কে, আমদানিকৃত ৰাশিৰ আভাস দিয়া সীমা শুল্ক বিভাগে দিয়া প্ৰমাণপত্ৰ দিব লাগিব।

৬. ১০ নৱেম্বৰৰ পৰা ৩০ ডিচেম্বৰ, ২০১৬ৰ ভিতৰত কোনো এছ বি এন জমা নকৰা বুলি ভাৰতত থকা সকলো বেংক একাউণ্টৰ প্ৰবিৱৰণ প্ৰতিলিপি দিব লাগিব।

৭. গ্ৰহণযোগ্য ৰাশিৰ জমাভুক্তি নোহোৱালৈকে উপস্থাপকক প্ৰাপ্তিৰ ৰছিদ দিয়া হব।

৮. আই টি নিয়মাৱলী ১৯৬২ৰ ধাৰা ১১৪খৰ বিধিব্যৱস্থা মতে আৱশ্যকীয় নথি লাগিব।

৯. ৯ নৱেম্বৰৰ পৰা ৩০ ডিচেম্বৰ, ২০১৬ৰ সময়ছোৱাত নিবেদকগৰাকী বিদেশত থকা, একাউণ্টটো কে ৱাই চি সন্মত হোৱা, অন্যান্য চৰ্তাৱলীৰ পৰিপূৰণ আৰু এছ বি এনসমূহৰ যথাৰ্থতা নিশ্চিত কৰাৰ পাছত গ্ৰহণযোগ্য ৰাশি নিবেদকে দিহা দিয়া একাউণ্টত অন্তৰ্ভুক্ত কৰা হব।

অবধি

আবাসীসকলৰ বাবে ২ জানুৱাৰী, ২০১৭ৰ পৰা ৩১ মাৰ্চ, ২০১৭লৈ আৰু প্ৰবাসীসকলৰ বাবে ২ জানুৱাৰী, ২০১৭ৰ পৰা ৩০ জুন,২০১৭ লৈ সুবিধা মুকলি থাকিব।

৫. আৰ্জি

উপস্থাপিত এছ বি এনৰ মূল্য জমাভুক্ত কৰিবলৈ ৰিজাৰ্ভ বেংকৰ অমান্তিত বিটুষ্ট হোৱা যিকোনো ব্যক্তিয়ে তেওঁক এনে অমান্তিৰ বিষয়ে জনোৱাৰ ১৪ দিনৰ ভিতৰত ৰিজাৰ্ভ বেংকৰ কেন্দ্ৰীয় বোৰ্ডত আৰ্জি পেছ কৰিব পাৰে। কেন্দ্ৰীয় বোৰ্ড, ভাৰতীয় ৰিজাৰ্ভ বেংক, সচিবৰ বিভাগ, কেন্দ্ৰীয় কাৰ্যালয় ভৱন, ১৬ মহলা, শ্বহীদ ভগত্ সিং মাৰ্গ, মুম্বাই- ৪০০০০১ৰ ঠিকনাত এই আৰ্জি পঠিয়াব লাগিব। আৰ্জি mailed-ও কৰিব পাৰে।

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt