Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (331.00 kb ) version to your machine and then use respective software to print the story.
Date: 03/01/2017
গ্ৰামীণ অঞ্চলৰ বাবে নগদ ধনৰ আবণ্টন

আৰ বি আই/২০১৬-১৭/২০৭
ডি চি এম(পি এল জি) নং ২২০০/১০.২৭.০০/২০১৬-১৭

৩ জানুৱাৰী,২০১৭

অধ্যক্ষ /পৰিচালন সঞ্চালক/ মুখ্য কাৰ্যবাহী বিষয়া
(কাৰেন্সি চেষ্ট থকা সকলো বেংক)

মহাশয়,

গ্ৰামীণ অঞ্চলৰ বাবে নগদ ধনৰ আবণ্টন

অনুগ্ৰহ কৰি গ্ৰামীণ অঞ্চলৰ বাবে নগদ ধনৰ আবণ্টন সম্পৰ্কীয় আমাৰ Circulars DCM(Plg) No,1345/10.27.00/2016-17 dated November 22, 2016 আৰু DCM (Plg) No.1508/10.27.00/2016-17 dated December 02, 2016 ৰ সন্দৰ্ভলৈ আহক।

২. গ্ৰামীণ অঞ্চললৈ বৰ্তমানে যোগান ধৰা বেংক নোট গ্ৰামাঞ্চলৰ চাহিদা অনুযায়ী পৰ্যাপ্ত নোহোৱাটো লক্ষ্য কৰি, ওপৰত উল্লেখ কৰা চাৰ্কুলাৰ দুখনত আভাস দিয়া মতে কেতবোৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে। কমেও ৪০ শতাংশ বেংকনোট গৰামাঞ্চললৈ যোগান ধৰাটো নিশ্চিত কৰিবলৈ আৰু বিষয়টো অধিক সহনশীল ধৰণে লাঘৱ কৰাৰ অৰ্থে ওপৰৰ অনুক্ৰম অনুসৰি, কাৰেন্সি চেষ্ট চলোৱা বেংকসমূহক নিম্নোক্ত ব্যৱস্থাৱলী লবলৈ কোৱা হল-

বিতৰণ প্ৰণালী আৰু মুদ্ৰাস্ৰোতৰ অনুপাত

(১) বিতৰণৰ ঘাই গ্ৰামীণ প্ৰণালী হিচাপে বিবেচিত আৰ আৰ বি, ডি চি চি বিবোৰৰ গ্ৰামীণ শাখাসমূহ আৰু গ্ৰামাঞ্চলৰ বাণিজ্যিক বেংক, হোৱাইট লেবেল এটিএম আৰু ডাকঘৰসমূহলৈ অগ্ৰাধিকাৰ ভিত্তিত পৰিস্কাৰ নোট উলিয়াই দিয়াৰ কাৰণে খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰিবলৈ বেংকবিলাকে নিজৰ কাৰেন্সি চেষ্টবিলাকক নিৰ্দেশ দিব লাগে।

(২) চি এ এচ এ জমা আৰু জমা একাউণ্টৰ সংখ্যাত তুলনামূলক অংশৰ হিচাপত প্ৰতিখন জিলাৰ গ্ৰামীণ আৰু চহৰীয়া মিশ্ৰৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি জিলাই জিলাই গ্ৰামীণ চাহিদা ভিন্ন হব পাৰে হেতুকে, এই সন্দৰ্ভত চাহিদা ভিত্তিক পদক্ষেপ হিচাপে গ্ৰামীণ আৰু চহৰীয়া মিশ্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি Annexure-1 অনুসাৰে প্ৰতিখন জিলালৈ নিৰ্দিষ্ট শতাংশ আবণ্টন নিৰ্দ্ধাৰিত কৰা হৈছে।

(৩) তদনুযায়ী, একোখন জিলাত চলি থকা সকলো চেষ্টে উল্লেখিত অনুপাতত ওপৰোল্লেখিত বিতৰণ প্ৰণালীবোৰক বেংকনোট দিবই লাগিব। এই অনুপাত দৈনিক ভিত্তিত ৰক্ষা কৰাটো অসুবিধাজনক হব পাৰে কাৰণে উল্লেখিত অনুপাত সাপ্তাহিক গড় ভিত্তিত ৰক্ষা কৰিব।

নিৰীক্ষণৰ বাবে ৰিপোৰ্টিং

(৪)কাৰেন্সি চেষ্টবিলাকে প্ৰতি শুকুৰবাৰে ব্যৱসায় সামৰা সাপ্তাহিক সংক্ষিপ্ত বিৱৰণসহ চেষ্ট-শ্লিপৰ সৈতে ওপৰোল্লেখিত শ্ৰেণীসমূহক উলিয়াই দিয়া দৈনিক হিচাপ নিজ নিজ লিংক অফিচ (এলঅ)ক দিবই লাগিব। এইবোৰৰ পুনৰীক্ষণ কৰিব পৰাকৈ এলঅবিলাকে সেইবিলাক তথ্য (সংলগ্ন ৰিপোৰ্টিং ফৰমেটত) সংশ্লিষ্ট আৰ বি আইৰ আঞ্চলিক কাৰ্যালয়লৈ পঠিয়াব লাগিব। এইখিনি চেষ্ট-উদ্বৃত্ত ৰিপোৰ্টিং পদ্ধতি (সংলগ্ন-২)ৰ অনুৰূপ হব পাৰে। নোট প্ৰপ্ৰেৰণ থুপ খোৱাটো পৰিহাৰ কৰিবলৈ আৰু একেআগী হোৱাকৈ নিশ্চিত কৰিবলৈ এল অবিলাকে দৈনিক প্ৰতিবেদনবোৰ নিৰীক্ষণ কৰিব।

মুদ্ৰাবৰ্গীয় মিশ্ৰণ

(৫) চেষ্টবিলাকে ৫০০ টকা আৰু তলৰ মুদ্ৰাবৰ্গৰ বেংকনোট উলিয়াই দিব লাগিব। বিশেষকৈ মুদ্ৰাবৰ্গৰ বেংকনোট উলিয়াই দিব লাগিব। বিশেষকৈ এটিএম আৰু ডব্লিউ এল অবিলাকক ৫০০ টকীয়া আৰু ১০০০ টকীয়া দিব আৰু এটিএম শ্ৰেণীসমূহৰ ভিতৰৰে সূচল স্থানৰ এটিএমৰ বিপৰীতে অ-সূচল স্থানৰ এটিএমবোৰক বৰ্ধিত অনুপাতৰ নগদ বণ্টন কৰিব লাগিব, যিহেতু মুদ্ৰা যোগাযোগৰ অন্তিম স্থলী হিচাপে সেইবিলাক অধিক গুৰুত্বপূৰ্ণ।

(৬) বৰ্তমানে মজুত থকা ১০০ টকাৰ তলৰ মুদ্ৰাবৰ্গৰ অন্যান্য নোটবোৰ অবাধে যোগান ধৰিব।

(৭) বেংকবিলাকে আৱশ্যক হলে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ইছ্যু বিভাগৰ পৰা সংভৃতি পত্ৰ প্ৰদানেৰে ধাতব মুদ্ৰাৰ যোগান লৈ জনসাধাৰণক অগ্ৰাধিকাৰ ভিত্তিত যোগান ধৰাটো নিশ্চিত কৰিব লাগিব।

৪. প্ৰাপ্তি স্বীকাৰ কৰে যেন।

আপোনাৰ বিশ্বাসী,

(পি. বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

সংযোজন – ওপৰৰ মতে

সংলগ্নপত্ৰ-১ (সংযোজিত)


সংলগ্নপত্ৰ-২

লিংক অফিচসমূহৰ দ্বাৰা আৰ বি আইৰ আৰ অবিলাকক দৈনিক ৰিপোৰ্টিং

কোটি টকাৰ সংখ্যাত
বেংক তাৰিখ গ্ৰামীণ এটিএমলৈ প্ৰেৰিত নগদ যিবিলাকৰ গ্ৰামীণ শাখালৈ নগদ প্ৰেৰিত হৈছে গ্ৰামীণ ডব্লিউ এল এলৈ প্ৰেৰিত নগদ গ্ৰামাঞ্চলৰ ডাকঘৰসমূহলৈ প্ৰেৰিত নগদ গ্ৰামাঞ্চললৈ যোগান ধৰা মুঠ নগদ
      আৰ আৰ বি বাণিজ্যিক বেংক ডি চি চি বি      
                 
 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt