Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (108.00 kb ) version to your machine and then use respective software to print the story.
Date: 30/12/2016
নিৰ্দিষ্ট বেংক নোট (এছ বি এন) বেংকত বিনিময় আঁচনিখনৰ ৩০ ডিচেম্বৰ,২০১৬ত সমাপ্তি - গণনা

আৰবিআই/২০১৬-১৭/২০১
ডি চি এম(পৰিকল্পনা)নং ২১০৩/১০.০৭.০০/২০১৬-১৭

৩০ ডিচেম্বৰ,২০১৬

অধ্যক্ষ /পৰিচালন সঞ্চালক/ মুখ্য কাৰ্যবাহী বিষয়া
ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী খণ্ডৰ বেংক/বিদেশী বেংক/আঞ্চলিক গ্ৰামীণ বেংক/নগৰীয়া
সমবায় বেংক/ৰাজ্যিক সমবায় বেংক/জিলা কেন্দ্ৰীয় সমবায় বেংক

মহাশয়,

নিৰ্দিষ্ট বেংক নোট (এছ বি এন) বেংকত বিনিময় আঁচনিখনৰ ৩০ ডিচেম্বৰ,২০১৬ত সমাপ্তি - গণনা

অনুগ্ৰহ কৰি বৰ্তমানৰ ৫০০ টকীয়া আৰু ১০০০ টকীয়া বেংক নোটৰ বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ সম্পৰ্কীয় আমাৰ Circular DCM (Plg) No.1226/10.27.00/2016-17 dated November 08, 2016 ৰ দফা ৩(গ) লক্ষ্য কৰে যেন।

২. এছ বি এন বিনিময়ৰ সুবিধাটো ৩০ ডিচেম্বৰ, ২০১৬ৰ ব্যৱসায় সামৰণিৰ পৰা সমাপ্ত হোৱাত সকলো বেংকে এছ বি এন সংগ্ৰহৰ তথ্যপাতি ৩০ ডিচেম্বৰ, ২০১৬ৰ দিনাই ই-মেইল পঠিয়াব লাগিব। তদনুসাৰে সকলো শাখাৰ পৰা তথ্যসমূহ সংগ্ৰহ কৰাৰ বাবে বেংকসমূহে ব্যৱস্থা লব লাগিব।

৩. সকলো বেংক শাখাই (ডি চি চি বিসমূহৰ বাদে) যিবিলাকে ৩০ ডিচেম্বৰ,২০১৬ৰ ব্যৱসায় সামৰণিত এছবিএন সংগ্ৰহ কৰিছে, ৩১ ডিচেম্বৰ, ২০১৬ৰ দিনাই ৰিজাৰ্ভ বেংকৰ যিকোনো নিৰ্গম কাৰ্যালয় অথবা এটা কাৰেন্সি চেষ্টত সেইখিনি জমা দিব লাগিব।

৪. ৩১ ডিচেম্বৰ, ২০১৬ৰ ব্যৱসায়িক লেনদেন সামৰাৰ পৰা এছ বি এনবোৰ বেংকৰ নগদ উদ্বৃত্তৰ অংশ হব নোৱাৰে।

৫. অৱশ্যে ডি চি চি বিসমূহে ১০ নৱেম্বৰ আৰু ১৪ নৱেম্বৰ,২০১৬ৰ মাজৰ সময়ছোৱাত পোৱা এছ বি এনবোৰ পৰৱৰ্ত্তী নিৰ্দেশ নোপোৱালৈকে ৰাখি থব পাৰে। (অনুগ্ৰহ কৰি এই সন্দৰ্ভত আমাৰ চাৰ্কুলাৰ ডি চি এম (পৰিকল্পনা) নং ১২৯৪/১০.২৭.০০/২০১৬-১৭ দিনাংক ১৭ নৱেম্বৰ,২০১৬ৰ উল্লেখ লব পাৰে)।

৬. কাৰেন্সি চেষ্ট থকা বেংকসমূহে সংযোজিত শাখা/বেংকটোৰ অন্যান্য শাখা/ডাকঘৰ যোগে পোৱা এছ বি এনবোৰ জমাৰ বাবে আৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰিব। আই চি চি অ এম এছ(ICCOMS) ত লেনদেনৰ ৰিপৰ্টিং ব্যৱস্থা, সকলো জমাৰ প্ৰাপ্তি তথা গণনা হোৱা পৰ্যন্ত নিশা ৯ বজাৰ পাছতো সূচল কৰি ৰখা হব।

৭. এছ বি এন সমূহ মজুত ৰাখিবলৈ, কাৰেন্সি চেষ্ট চলোৱা বেংকসমূহে বৰ্তমানৰ কাৰেন্সি চেষ্টতে অতিৰিক্ত ঠাই উলিয়াই লব অথবা কাৰেন্সি চেষ্টৰ দৰে সুৰক্ষিত আৰু নিৰাপদ ব্যৱস্থাৰে একে কেন্দ্ৰতে অতিৰিক্ত মজুত স্থান বনাই লব। অনুগ্ৰহ কৰি আমাৰ চাৰ্কুলাৰ ডিচিএম(পৰিকল্পনা)নং ১২৯৪/১০.২৭.০০/২০১৬-১৭ দিনাংক ১৭ নৱেম্বৰ,২০১৬ এই সন্দৰ্ভত চাওক।

৮. অনুগ্ৰহ কৰি প্ৰাপ্তি স্বীকাৰ কৰে যেন ।

আপোনাৰ বিশ্বাসী,

(পি. বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt