Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (60.00 kb ) version to your machine and then use respective software to print the story.
Date: 24/11/2016
বেংকিং কোম্পানীসমূহৰ বাবে বিশেষ জ্ঞান বা ব্যৱহাৰিক অভিজ্ঞতা দৰকাৰী

আৰ বি আই/২০১৬-১৭/১৫২
ডিবিআৰ.এপিপিটি.বিচি.নং ৩৯/২৯.৩৯.০০১/২০১৬-১৭

২৪ নৱেম্বৰ, ২০১৬

সকলো বাণিজ্যিক বেংক আৰ আৰ বি বাদে

মহাশয়/মহাশয়া

বেংকিং কোম্পানীসমূহৰ বাবে বিশেষ জ্ঞান বা ব্যৱহাৰিক অভিজ্ঞতা দৰকাৰী

বেংকিং ব্যৱসায় আৰু প্ৰযুক্তিত উদ্ভাৱনৰ পৰিপ্ৰেক্ষিতত, বেংকসমূহক তেওঁলোকৰ ভিন্নমুখী ব্যৱসায় পৰ্টফলিঅ আৰু বিপদশংকা পৰিচালনাত পথ নিৰ্দেশনা দিব পৰাকৈ বাণিজ্যিক বেংকসমূহত (আৰ আৰ বি বাদে) সঞ্চালক মণ্ডলীৰ বাবে থকা বিভিন্ন বিধিগত প্ৰাৱধানসমূহৰ অধীনত তেওঁলোকৰ জ্ঞান আৰু অভিজ্ঞতা অন্যান্য় বিষয়ৰ ক্ষেত্ৰতো বৃদ্ধি কৰাৰ আৱশ্যকতা অনুভৱ কৰা হৈছে। সেয়ে বেংকৰ সঞ্চালক নিযুক্তিৰ কাৰণে ব্যক্তিবিশেষক বাছনিৰ বাবে (১) তথ্যপ্ৰযুক্তি, (২) প্ৰদান তথা বন্দোবস্তি প্ৰণালী, (৩) মানৱ সম্পদ, (৪) বিপদশংকা ব্যৱস্থাপনা আৰু (৫) বিজনেছ মেনেজমেণ্টক অন্তৰ্ভুক্ত কৰিবলৈ ব্যুত্পত্তিৰ ক্ষেত্ৰ পৰিব্যাপ্ত কৰা হৈছে।

২. সংশ্লিষ্ট অধিসূচনা DBR.Appt.BC.No.38/29.39.001/2016-17 dated November 24, 2016 এটা প্ৰতিলিপি ইয়াত সংলগ্ন কৰা হল।

আপোনাৰ বিশ্বাসী

(অজয় কুমাৰ চৌধুৰী)
মুখ্য মহা প্ৰৱন্ধক

সংলগ্ন - অধিসূচনা


ডিবিআৰ.এপিপিটি.বিচি. নং ৩৮/২৯.৩৯.০০১/২০১৬-১৭

২৪ নৱেম্বৰ, ২০১৬

বেংকিং কোম্পানীৰ বাবে বিশেষ জ্ঞান বা ব্যৱহাৰিক অভিজ্ঞতা দৰকাৰী

বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ১০ ক(২)(ক)(৯), ভাৰতীয় ষ্টেট বেংক আইন, ১৯৫৫ৰ ধাৰা ১৯ ক (১)(ক)(৮ম), ভাৰতীয় ষ্টেট বেংক, উপ-কোম্পানী বেংক আইন, ১৯৫৯ৰ ধাৰা ২৫ক(১)(ক)(৮ম) আৰু বেংকিং কোম্পানী আইন (অধিগ্ৰহণ তথা প্ৰতিষ্ঠানৰ স্থানান্তৰ আইন, ১৯৭০/১৯৮০ৰ ধাৰা ৯(৩ক)(ক)(৮ম)ৰ দ্বাৰা প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে ইয়াৰ দ্বাৰা অধিসূচিত কৰে যে (১) তথ্যপ্ৰযুক্তি, (২) প্ৰদান আৰু বন্দোবস্তি প্ৰণালী, (৩) মানৱ সম্পদ, (৪) বিপদশংকা ব্যৱস্থাপনা আৰু (৫) বিজনেছ মেনেজমেণ্ট সম্পৰ্কীয় বিষয় বা ক্ষেত্ৰত ব্যুত্পত্তি অথবা ব্যৱহাৰিক জ্ঞান, বেংকিং কোম্পানী, ষ্টেট বেংক অব ইণ্ডিয়া, উপ-কোম্পানী বেংক আৰু তদনুযায়ী নতুন বেংকৰ বাবে ক্ষেত্ৰবিশেষে দৰকাৰী।

(সুদৰ্শন সেন)
কাৰ্যবাহী সঞ্চালক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt