Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (118.00 kb ) version to your machine and then use respective software to print the story.
Date: 19/12/2016
প্ৰচলিত ৫০০ টকীয়া আৰু ১০০০ টকীয়া বেংকনোটৰ (এছ বি এনৰ) বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ – বেংক একাউণ্টত নিৰ্দিষ্ট বেংক নোট (এছ বি এন)ৰ জমা

আৰ বি আই/২০১৬-১৭/১৮৯
ডিচিএম.(পিএলজি) নং ১৮৫৯/১০.২৭.০০/২০১৬-১৭

১৯ ডিচেম্বৰ,২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া
ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী খণ্ডৰ বেংক/বিদেশী বেংক/আঞ্চলিক গ্ৰামীণ বেংক/চহৰীয়া সমবায় বেংক/ৰাজ্যিক সমবায় বেংক

মহাশয়/মহাশয়া,

প্ৰচলিত ৫০০ টকীয়া আৰু ১০০০ টকীয়া বেংকনোটৰ (এছ বি এনৰ) বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ – বেংক একাউণ্টত নিৰ্দিষ্ট বেংক নোট (এছ বি এন)ৰ জমা

শিৰোনাম বিষয়ক আমাৰ Circular DCM(Plg)No.1226/10.27.00/2016-17 dated November 8, 2016 ৰ সন্দৰ্ভ লয় যেন। বেংক একাউণ্টত এছ বি এনৰ মূল্য জমাভুক্তি সম্বন্ধীয় দফা ৩ৰ গত থকা প্ৰাৱধানসমূহ ii, iii আৰু iv পুনৰীক্ষণত Pradhan Mantri Garib Kalyan Yojana, 2016ৰ বাবে থকা কৰ আৰু বিনিয়োগ বিধিব্যৱস্থাৰ অন্তৰ্গত এছ বি এনৰ জমাত উত্সাহিত কৰি বেংক একাউণ্টত এছ বি এন জমাৰ ক্ষেত্ৰত নিম্নোক্ত ধৰণে কেতবোৰ সীমাবদ্ধতা আৰোপ কৰিবলৈ সিদ্ধান্ত লোৱা হ’ল-

ক. বেংক একাউণ্টত ৫০০০ টকাৰ অধিক ৰাশিৰ এছ বি এন জমা ৩০ ডিচেম্বৰ,২০১৬ পৰ্যন্ত অৱশিষ্ট অবধিত এবাৰহে জমাভূক্তিৰ বাবে গ্ৰহণ কৰা হব। এনে ক্ষেত্ৰৰ জমাভূক্তিবিলাক উপস্থাপকক সোধা-পোছাৰে লিপিভুক্ত কৰিহে সম্পন্ন হব, য’তনেকি কমেও দুজন বেংক বিষয়া উপস্থিত থাকিব আৰু ইতিপূৰ্বে কিয় জমা কৰা নহল বুলি সুধি তাৰ সন্তোষজনক সমাধান পালেহে হব। পাছৰ পৰ্যায়ত হিচাপ পৰীক্ষণ প্ৰক্ৰিয়াত সুবিধা হোৱাকৈ উক্ত ব্যাখ্যাবোৰ নথিভুক্ত কৰা হব। আৰু অধিক টকা যাতে জমা দিবলৈ আহিব নোৱাৰে তাৰ বাবে চি বি এছত সমুচিত ধ্বজা লগাব।

খ. ৫০০০ টকালৈকে অনা এছ বি এন, ৩০ ডিচেম্বৰ,২০১৬লৈকে স্বাভাৱিক প্ৰথাৰে কাউণ্টাৰেদি গ্ৰহণত অনুমোদন দিয়া হব। আনকি ৫০০০ টকাতকৈ কম পৰিমাণৰ এচ বি এন একাউণ্টত উপস্থাপন কৰা হলেও এনেকৈ সৰু সৰু ভাগত পুনঃপৌণিক উপস্থাপিত ৰাশি ৫০০০ টকাৰ অধিক হলে তেনে উপস্থাপনক ৫০০০ টকাৰ অধিক হিচাপে গণ্য কৰা পদ্ধতিত অন্তৰ্ভুক্ত কৰিব লাগিব আৰু ৩০ ডিচেম্বৰ, ২০১৬ পৰ্যন্ত আৰু কোনো উপস্থাপনত অনুমতি দিব নোৱাৰিব।

গ. এইটোও সুনিশ্চিত কৰিব লাগিব যে ৫০০০ টকাৰ অধিক উপস্থাপিত এছ বি এনৰ সম্পূৰ্ণ মূল্য কেৱল কে ৱাই চি নমনীয় একাউণ্টতহে জমাভুক্ত কৰা হব আৰু একাউণ্টটো কে ৱাই চি সন্মত নহলে, এনে একাউণ্টৰ আচৰণ নিয়ন্ত্ৰক চৰ্তাৱলী সাপেক্ষে ৫০,০০০ টকালৈকে জমাভুক্তি সীমাবদ্ধ ৰাখিব।

ঘ. প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনা, ২০১৬ৰ বাবে থকা কৰ তথা বিনিয়োগ বিধিব্যৱস্থাৰ অন্তৰ্গত জমাৰ উদ্দেশ্যে অনা এছ বি এনত ওপৰোক্ত সীমাবদ্ধতা প্ৰযোজ্য নহব।

ঙ. উপস্থাপিত নিৰ্দিষ্ট বেংকনোটৰ সমপৰিমাণৰ মূল্য নিয়মিত বেংকিং পদ্ধতিৰে উপস্থাপকৰ যিকোনো বেংকৰ একাউণ্টত বৈধ পৰিচয় প্ৰমাণ উপস্থাপনেৰে জমাভুক্ত কৰিব পাৰিব।

চ. উপস্থাপিত নিৰ্দিষ্ট বেংকনোটৰ সম মূল্য তৃতীয় পক্ষৰ একাউণ্টত জমাভুক্ত কৰিব পাৰিব যদিহে তৃতীয় পক্ষই তাৰ বাবে নিৰ্দিষ্টকৈ কৰা কৰ্তৃত্ব ৰোপন বেংকত দাখিল কৰা হয় আৰু প্ৰচলিত বেংকিং প্ৰথা অনুসৰণ কৰি আৰু ওপৰত উল্লেখিত আমাৰ চাৰ্কুলাৰৰ সংযোজন পত্ৰ-৫ মতে প্ৰকৃত উপস্থাপক ব্যক্তিৰ বৈধ পৰিচয় প্ৰমাণ দাখিল সাপেক্ষেহে সম্পন্ন কৰিব।

২. প্ৰাপ্তি স্বীকাৰ কৰে যেন।

আপোনাৰ বিশ্বাসী,

(পি বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

Related Links
Dec 16, 2016 Pradhan Mantri Garib Kalyan Deposit Scheme (PMGKDS), 2016
Dec 16, 2016 Pradhan Mantri Garib Kalyan Deposit Scheme (PMGKDS), 2016
Dec 16, 2016 Pradhan Mantri Garib Kalyan Deposit Scheme (PMGKDS), 2016 - Operational Guidelines
Dec 16, 2016 FAQs on Pradhan Mantri Garib Kalyan Deposit Scheme (PMGKDS), 2016
 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt