Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (136.00 kb ) version to your machine and then use respective software to print the story.
Date: 16/12/2016
প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ জমা আঁচনি (পি এম জি কে ডি এছ), ২০১৬ কাৰ্যপৰিচালনা নিৰ্দেশনামা

আৰ বি আই/২০১৬-১৭/১৮৮
আই ডি এম ডি. চিডিডি. নং ১৪৫৪/১৪.০৪.০৫০/২০১৬-১৭

১৬ ডিচেম্বৰ,২০১৬

অধ্যক্ষ আৰু পৰিচালন সঞ্চালক
সকলো কৰ্তৃত্বপ্ৰাপ্ত বেংক

মহাশয়/মহাশয়া,

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ জমা আঁচনি (পি এম জি কে ডি এছ), ২০১৬ কাৰ্যপৰিচালনা নিৰ্দেশনামা

ইয়াত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ জমা আঁচনি (পি এম জি কে ডি এছ), ২০১৬ (ইয়াৰ পাছত আঁচনি হিচাপে উল্লেখিত) সম্পৰ্কীয় Central Government Notification S.O.4061(E) আৰু RBI Circular DMD.CDD.No.1453/14.04.050/2016-17 dated December 16, 2016 ৰ সন্দৰ্ভ আছে। এই বিষয়ক সঘনাই সোধা প্ৰশ্ন (FAG)বিলাক আমাৰ ৱেবছাইটত (www.rbi.org.in)ত আছে। আঁচনিখনত পৰিচালনা নিৰ্দেশনামা তলত দিয়া হল-

১. আবেদন –

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ জমা আঁচনি (পি এম জি কে ডি এছ), ২০১৬ৰ অন্তৰ্গত জমাৰ বাবে ঘোষণাকাৰীৰ পৰা (প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনা,২০১৬ৰ বাবে কৰ আৰু বিনিয়োগ বিধি ব্যৱস্থাৰ ধাৰা ১৯৯গৰ উপ-ধাৰা (১)ৰ অধীনত অঘোষিত আয় ঘোষণা কৰা যিকোনো ব্যক্তি) আবেদন প্ৰপত্ৰসমূহ ১৭ ডিচেম্বৰ,২০১৬ৰ পৰা ৩১ মাৰ্চ,২০১৭ পৰ্যন্ত স্বাভাৱিক বেংকিং সময়ছোৱাত কৰ্তৃত্বপ্ৰাপ্ত বেংকৰ (বেংকিং বিনিয়ম আইন,১৯৪৯ (১৯৪৯ৰ ১ৰ) প্ৰযোজ্য হোৱা যিকোনো বেংকিং কোম্পানীৰ) শাখাসমূহত লোৱা হব।

২. আপোনাৰ গ্ৰাহকৰ আৱশ্যকতা জানক

(ক) আঁচনিখনৰ অধীনত জমাৰ বাবে আবেদন, ৰাশি, সম্পূৰ্ণ নাম, স্থায়ী একাউণ্ট নম্বৰ (ইয়াৰ পাছত পি এ এন ৰূপে উল্লেখিত), বেংক একাউণ্টৰ সবিশেষ (বিমোচনান্তিক সমূহপন্ন ধন গ্ৰহণৰ বাবে) আৰু ঘোষণাকাৰীৰ ঠিকনা স্পষ্টকৈ উল্লেখ কৰি Form II ত কৰিব লাগিব।

(খ) কোনো ঘোষণাকাৰীৰ পি এ এন ধাৰক নহলে তেওঁ পি এ এনৰ বাবে আবেদন কৰিব আৰু এনে আবেদনৰ সবিশেষ তাৰ প্ৰাপ্তি স্বীকাৰমূলক নম্বৰসহ দাখিল কৰিব লাগিব। প্ৰয়োজন সাপেক্ষে, প্ৰয়োজনীয় অতিৰিক্ত সবিশেষ (ই-মেইল আই ডি আদি) আবেদনকাৰীৰ পৰা সংগ্ৰহ কৰিব। কৰ্তৃত্বপ্ৰাপ্ত বেংকে আবেদনখন সকলো দিশৰ পৰা সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিব।

(গ) আবেদনৰ সৈতে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনা, ২০১৬ৰ বাবে থকা কৰ আৰু বিনিয়োগ বিধি ব্যৱস্থাৰ অন্তৰ্গত ঘোষণা কৰা অঘোষিত আয়ৰ কমেও ২৫ শতাংশ ৰাশি নগদ বা ড্ৰাফ্ট বা চেকৰ আকাৰত অথবা ইলেকট্ৰনিক স্থানান্তৰণযোগে জমা দিব লাগিব।

(ঘ) ঘোষণাকাৰীক আবেদনৰ প্ৰাপ্তি স্বীকাৰ (ফৰ্ম IIৰ অংশ) ৰছিদ বেংকে সমুচিত অনুমোদনৰ অন্তত দিব।

৩. ভাৰত চৰকাৰক জমাৰ সবিশেষ যোগান

(ক) কৰ্তৃত্বপ্ৰাপ্ত বেংকে Form IVত কৰা জমাৰ সবিশেষ পৰৱৰ্ত্তী কৰ্মদিন শেষ হোৱাৰ পূৰ্বে ৰাজহ বিভাগ, বিত্ত মন্ত্ৰণালয়, ভাৰত চৰকাৰক ইলেকট্ৰনিক পদ্ধতিৰে জমা দিব লাগিব যাতে বিভাগে ঘোষণাটো গ্ৰহণৰ আগতে জমাৰ তথ্যসমূহৰ যথাৰ্থতা নিৰূপণ কৰিব পাৰে।

(খ) এই সন্দৰ্ভত লাভ কৰা তথ্যসমূহৰ গোপনীয়তা কৰ্তৃত্বপ্ৰাপ্ত বেংকে ৰক্ষা কৰিব।

৪. ধাৰকত্ব আৰু মনোনয়নৰ শৈলী

(ক) আৰ বি আইত সবিশেষ প্ৰাপ্তিত বণ্ডছ লেজাৰ একাউণ্ট সৃষ্টি কৰা হব আৰু আঁচনিৰ অন্তৰ্গত জমাৰাশি ঘোষণাকাৰীৰ প্ৰাপ্য ধন হিচাপে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰাখিব।

(খ) ক ধাৰকত্ব প্ৰমাণপত্ৰ এখন Form I ত ঘোষণাকাৰীক দিয়া হব।

(গ) নগদ জমা দাখিলৰ বা ড্ৰাফ্ট, চেক আদায়ৰ বা ইলেকট্ৰনিক স্থানান্তৰণ আদায়ৰ তাৰিখৰ পৰাই বণ্ডছ লেডাৰ একাউণ্ট খোলাৰ কাৰ্যকৰী তাৰিখ হব।

(ঘ) ধাৰকে এক বা একাধিক ব্যক্তিক মনোনয়ন দিব পাৰিব।

৫. সুত প্ৰদান

এই জমাৰ বাবদ কোনো সুত প্ৰদান কৰা নহব।

৬. আৰ বি আইৰ ই-কুবেৰ প্ৰণালীৰে প্ৰচেছিং

কৰ্তৃত্বপ্ৰাপ্ত বেংকে, নগদ উপস্থাপন বা ইলেকট্ৰনিক প্ৰদান বা ড্ৰাফ্ট/চেক আদায়ৰ তাৰিখতে জমাৰ সবিশেষবোৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কৰ বেংকিং চলিউশ্যন ই-কুবেৰত আপলড কৰিব। জমাৰ ৰাশি একেদিনাই ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ হস্তান্তৰণ কৰা হব।

ইনফিনেট বা ইণ্টাৰনেটযোগে ই-কুবেৰ চিষ্টেম একচেছ কৰিব পৰা যাব। কৰ্তৃত্বপ্ৰাপ্ত বেংকে তেওঁলোকে পোৱা জমাৰ বাবদ ডাটা এণ্টাৰ কৰিব লাগিব। অবাঞ্ছিত ভ্ৰান্তি প্ৰতিৰোধৰ কাৰণে তেওঁলোকে ডাটাৰ যথাৰ্থতা সুনিশ্চিত কৰিব। আবেদন প্ৰাপ্তিৰ বাবদ ঘোষণাকাৰীক তত্কালে প্ৰতিপাদন কৰা হব। ধাৰকত্ব প্ৰমাণপত্ৰসমূহ ই-কুবেৰযোগে কৰ্তৃত্বপ্ৰাপ্ত বেংকলৈ পঠোৱা হব আৰু তেওঁলোকে গ্ৰাহকক জাৰি কৰিব।

৭. সেৱা আৰু অনুসৰণ প্ৰক্ৰিয়া

কৰ্তৃত্বপ্ৰাপ্ত বেংকে জমাকাৰীক বেংক একাউণ্ট সবিশেষ শেহতীয়া কৰা, মনোনয়ন বাতিল আদি এই জমা সম্পৰ্কীয় আৱশ্যকীয় সেৱাসমূহ আগবঢ়াব। কৰ্তৃত্বপ্ৰাপ্ত বেংকে পৰিশোধ নোহোৱালৈকে আবেদনসমূহ সংৰক্ষিত কৰিব লাগিব।

৮. কৰ্তৃত্বপ্ৰাপ্ত বেংকৰ বাবে কমিছন/এজেন্সি বেংক মাচুল

আঁচনিখনৰ অন্তৰ্গত জমা ৰখাৰ বাবদ বা ঘোষণাকাৰীলৈ আগবঢ়োৱা সেৱাৰ বাবদ বেংকবিলাকক কোনো কমিছন/এজেন্সি বেংক মাচুল দিয়া নহয়।

৯. যোগাযোগৰ সবিশেষ

যিকোনো প্ৰশ্ন বা স্পষ্টীকৰণৰ বাবে e-mail কৰিব পাৰে।

আপোনাৰ বিশ্বাসী,

স্বাক্ষৰ

(ৰাজেন্দ্ৰ কুমাৰ)
মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt