Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (96.00 kb ) version to your machine and then use respective software to print the story.
Date: 27/10/2016
জালনোট চিনাক্তকৰণ আৰু জব্দ

আৰবিআই/২০১৬-১৭/১০২
ডিচিএম (এফএনভিডি) নং ১১৩৪/১৬.০০.০৫/২০১৬-১৭

২৭ অক্টোবৰ, ২০১৬

অধ্যক্ষ আৰু পৰিচালন সঞ্চালক
মুখ্য কাৰ্যবাহী বিষয়া,
সকলো বেংক

মহাশয়/মহাশয়া,

জালনোট চিনাক্তকৰণ আৰু জব্দ

আমাৰ দৃষটিগোচৰ হৈছে যে একাংশ অসাধু শক্তিয়ে স্বাভাৱিক লেন-দেন প্ৰক্ৰিয়াত উচ্চ মূল্যবৰ্গৰ নকল ভাৰতীয় পত্ৰমুদ্ৰা (নোট), জনসধাৰণৰ সৰলচিতিয়া আৰু শংকামুক্ত লোকচামৰ সুবিধা লৈ স্বাভাৱিক লেনদেন প্ৰক্ৰিয়াত সুমুৱাই দিছে।

২. এই পৰিপ্ৰেক্ষিতত জনসাধাৰণক এক বিজ্ঞপ্তিযোগে (প্ৰতিলিপি সংলগ্ন) দৈনন্দিন স্বাভাৱিক লেনদেনৰ সময়ত নোটবোৰ গ্ৰহণ কৰোতে ভালকৈ চোৱাচিতা কৰি লোৱাটো অভ্যাস কৰিবলৈ আৰু ভাৰতীয় পত্ৰমুদ্ৰাৰ জালকৰণ প্ৰতিৰোধ কৰিবলৈ অনুৰোধ কৰা হৈছে।

৩. এই সন্দৰ্ভত জাল নোট চিনাক্তকৰণ আৰু জব্দকৰণ সম্পৰ্কীয় আমাৰ মাষ্টাৰ চাৰ্কুলাৰ ডিচিএম (এফএনভিডি) নং ১১৩৪/১৬.০০.০৫/২০১৬-১৭ দিনাংক ২০ জুলাই,২০১৬ উনুকিয়াওক যত বেংকসমূহক বেংকিং প্ৰণালীত জালনোট সোমোৱাটো ক্ষিপ্ৰতাৰে ধৰা পেলোৱাটো নিশ্চিত কৰিবলৈ আৰু কোনো পধ্যে যাতে দিওতাক ঘূৰাই দিয়া বা সেইবোৰ পুনৰজাৰি নহয় তাৰ বাবে পৰামৰ্শ দিয়া হৈছে। জালনোট চিনাক্তকৰণ নিশ্চয়াৰ্থে সকলো বেংক শাখা/বাছনিভুক্ত পৃষ্ঠ কাৰ্যালয়ক আলট্ৰা ভায়লেট লেম্প/অন্যান্য যথোপযুক্ত বেংকনোট বচা/চিনাক্তকৰণ যন্ত্ৰৰে সজ্জিত কৰিবলৈকে আহ্বান জনোৱা হৈছে। তদুপৰি, বেংকবোৰে নিশ্চিত কৰিব লাগিব যে ১০০ টকা বা ততোধিক মূল্যবৰ্গৰ নগদ প্ৰাপ্তিবোৰ, যথাৰ্থতা প্ৰতিপাদক যন্ত্ৰত পৰীক্ষণ নকৰাকৈ পুনৰ প্ৰচলন যাতে পুনৰ প্ৰচলন কৰা নহয়। দৈনিক নগদপ্ৰাপ্তিৰ পৰিমাণ নিৰ্বিশেষে এই নিৰ্দেশাৱলী সকলো বেংক শাখাৰ বাবে প্ৰযোজ্য হব। অন্যথা ইয়াৰ অমান্যতাক ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা নিৰ্দেশ নং ৩১৫৮/০৯.৩৯.০০ (পলিচি)/২০০৯-১০ দিনাংক ১৯ নৱেম্বৰ,২০০৯ৰ উলংঘন বিবেচিত হব।

৪. ফ্ৰণ্টলাইন আৰু পৃষ্ঠ কাৰ্যালয়ত নগদ টকাৰ ব্যৱসায়িক লেনদেন কৰা কৰ্মচাৰীসকল যাতে বেংক নোটৰ সুৰক্ষা বৈশিষ্ট্যবোৰৰ বিষয়ে খুটিনাতিবোৰ ধৰা পেলোৱাকৈ জনাবুজা আৰু প্ৰশিক্ষিত হয়, বেংকবোৰে তাকো সুনিশ্চিত কৰিব লাগিব। কৰ্মচাৰী আৰু গ্ৰাহকসকলক জালনোট চিনাক্তকৰণৰ বিষয়ে শিক্ষিত কৰিবৰ কাৰণে আমাৰ ৱেবছাইট http://paisaboltahai.rbi.org.in উপলব্ধ তথ্যসমূহ দৃষ্টিগোচৰ কৰাব লাগিব।

৫. জালনোট প্ৰচলনৰ পোষকতা কৰা লোকসকলৰ চিনাক্তকৰণ সূচল কৰিবৰ কাৰণে বেংকিং কক্ষ/অঞ্চল আৰু কাউণ্টাৰবোৰত চিচি টিভি নিৰীক্ষণৰ অধীনলৈ আনি সমগ্ৰ দৃশ্যাৱলী ৰেকৰ্ডিং কৰিবলৈ আৰু সেইবোৰ সংৰক্ষিত কৰিবলৈকো বেংকসমূহক কোৱা হল।

৬. আমি পুনৰ দৃঢ়তাৰে জনাও যে, জাল নোট চিনাক্তকৰণ আৰু জব্দ কৰাৰ ক্ষেত্ৰত আৰু এনে নোটৰ পুনৰ প্ৰচলন ৰোধত বেংকৰ ব্যৰ্থতাক ওপৰোল্লেখিত নিৰ্দেশনাৰ উলংঘন বুলি গণ্য কৰা হব আৰু সেয়ে তাৰ বাবে শাস্তিমূলক ব্যৱস্থা গ্ৰহণযোগ্য হব।

৭. প্ৰাপ্তি স্বীকাৰ কৰে যেন।

আপোনাৰ বিশ্বাসী

(পি বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

সংলগ্ন – ওপৰত উল্লেখ মতে।

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt