Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (124.00 kb ) version to your machine and then use respective software to print the story.
Date: 20/10/2016
চভাৰেইন গল্ড বণ্ডছ ২০১৬-১৭ শৃংখলা তৃতীয়

আৰবিআই/২০১৬-১৭/৯৮
আইডিএমডি.চিডিডি.নং ৮৯৩/১৪.০৪.০৫০/২০১৬-১৭

২০ অক্টোবৰ,২০১৬

অধ্যক্ষ আৰু পৰিচালন সঞ্চালক
সকলো সূচীভুক্ত বাণিজ্যিক বেংক (আৰআৰবিসমূহ বাদে)
মনোনীত ডাকঘৰসমূহ
ষ্টক হোল্ডিং কংৰ্পোৰেচন অব ইণ্ডিয়া লিমিটেড (এছএইছচিআইএল)
নেশ্যনেল ষ্টেক এক্সচেঞ্জ অব ইণ্ডিয়া লিমিটেড আৰু বম্বে ষ্টক এক্সচেঞ্জ

মহাশয়/মহাশয়া,

চভাৰেইন গল্ড বণ্ডছ ২০১৬-১৭ শৃংখলা তৃতীয়

ভাৰত চৰকাৰে ইয়াৰ জাননী এফ নং ৪(১৬)-ডব্লিউ এণ্ড এম/২০১ দিনাংক ২০ অক্টোবৰ,২০১৬ যোগে ঘোষণা কৰে যে চভাৰেইন গল্ড বণ্ডছ ২০১৬-শৃংখলা তৃতীয় (বণ্ডসমূহ) ২৪ অক্টোবৰ ২০১৬ৰ পৰা ২ নৱেম্বৰ,২০১৬ পৰ্যন্ত বিক্ৰীৰ বাবে মুকলি কৰা হব। ভাৰত জাননী সাপেক্ষে নিৰ্দিষ্ট অবধিৰ পূৰ্বেই আঁচনিখন বন্ধ কৰিব পাৰে। এই বণ্ডসমূহ জাৰিৰ চৰ্তাৱলী নিম্নোক্ত ধৰণৰ-

১. বিনিয়োগ যোগ্যতা-

এই আঁচনিৰ বণ্ডসমূহ ভাৰতত বাস কৰা লোকে এনে ব্যক্তিৰ সামৰ্থ্যত বা নাবালক শিশুৰ হকে বা অন্য ব্যক্তিৰ সৈতে যুটীয়াভাৱে ধাৰণ কৰিব পাৰিব। এই বণ্ড কোনো ন্যাস, দাতব্য প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়েও ল'ব পাৰিব। ভাৰতত বসবাস কৰা লোকৰ সংজ্ঞা বিদেশী বিনিময় মুদ্ৰা ব্যৱস্থাপনা আইন,১৯৯৯ৰ ধাৰা ২(ভি), ধাৰা ২(ইউ) প্ৰাৱধান মতে প্ৰযোজ্য হ’ব।

২. প্ৰতিভূতিৰ আকাৰ

বণ্ডসমূহ চৰকাৰী প্ৰতিভূতি আইন,২০০৬ৰ ধাৰা ৩ সাপেক্ষে ভাৰত চৰকাৰৰ সম্ভাৰৰ আকাৰত জাৰি কৰা হ’ব। বিনিয়োগকাৰীসকলক হল্ডিং চাৰ্টিফিকেট (ফৰ্ম চি) দিয়া হ’ব। বণ্ডসমূহ ডি-মেট আকাৰলৈ ৰূপান্তৰযোগ্য হ’ব।

৩. জাৰিৰ তাৰিখ

জাৰিৰ তাৰিখ হব ১৭ নৱেম্বৰ, ২০১৬

৪. মূল্য বৰ্গ

বণ্ডসমূহ এক গ্ৰাম সোণৰ একক আৰু তাৰ গুণিতকৰ মূল্যবৰ্গৰ হব। বণ্ডত ন্যূনতম বিনিয়োগ ১ গ্ৰাম হব আৰু প্ৰতি বিত্তীয় বৰ্ষত (এপ্ৰিল-মাৰ্চ) প্ৰতিজন ব্যক্তিৰ বাবে ক্ৰয়ৰ সৰ্বোচ্চ সীমা হব পাঁচশ গ্ৰাম।

৫. জাৰি মূল্য

ক্ৰয় অবধিৰ পূৰ্বে ভাৰতীয় বুলিয়ন আৰু জুৱেলাৰ্ছ এচোচিয়েছনে সপ্তাহটোৰ বাবে (সোমবাৰৰ পৰা শুক্ৰবাৰলৈ) প্ৰকাশ কৰা ৯৯৯ শুদ্ধতাৰ সোণৰ মূল্যৰ সৰল গড় হিচাপৰ ভিত্তিত ভাৰতীয় টকাত বণ্ডৰ সাধাৰণ মূল্য স্থিৰ কৰিব। সাধাৰণ মূল্যতকৈ জাৰি মূল্য প্ৰতি গ্ৰামত ৫০ টকা কম হব।

৬. সুদ

বণ্ডসমূহত সাধাৰণ মূল্যৰ ওপৰত বছৰি ২.৫০ শতাংশ হাৰত (নিৰ্দিষ্ট হাৰ) সুদ প্ৰযোজ্য হব। ছমাহৰ অন্তৰত সুদ প্ৰদান কৰা হব আৰু অন্তিম সুদখিনি, অবধি পূৰ্ণতাৰ অন্তত মূলৰ সৈতে দিয়া হব।

৭. গ্ৰহণকাৰী কাৰ্যালয়সমূহ

সূচীভুক্ত বাণিজ্যিক বেংক (আৰ আৰ বি বাদে) মনোনীত ডাকঘৰসমূহ (অধিসূচিত হব পৰা), ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া (এছএইছচিআইএল) আৰু স্বীকৃতিপ্ৰাপ্ত ষ্টক এক্সচেঞ্জসমূহ যেনে- নেচনেল ষ্টক এক্সচেঞ্জ অব ইণ্ডিয়া লিমিটেড আৰু বম্বে ষ্টক এক্সচেঞ্জক প্ৰত্যক্ষ বা এজেণ্টযোগে বণ্ডৰ বাবে আবেদন গ্ৰহণ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰা হৈছে।

৮. প্ৰদান বিকল্পসমূহ

ভাৰতীয় টকাৰে নগদ আকাৰত (সৰ্বাধিক ২০,০০০ টকা পৰ্যন্ত) বা ডিমাণ্ড ড্ৰাফ্ট বা চেক বা ইলেকট্ৰনিক বেংকিঙৰ জৰিয়তে প্ৰদান গ্ৰহণ কৰা হব। চেক বা ডিমাণ্ড ড্ৰাফ্টযোগে দিয়া প্ৰদান গ্ৰহণকাৰী কাৰ্যালয়ৰ নামত লিখিত লাগিব।

৯. দায়ভুক্তি

(ক) গল্ড বণ্ডসমূহ জাৰিৰ তাৰিখ ১৭ নৱেম্বৰ,২০১৬ৰ পৰা আঠ বছৰ উকলি যোৱাৰ পাছত বণ্ডসমূহ পৰিশোধযোগ্য হব। বণ্ডৰ প্ৰাক-অবধিপূৰ্ণ খালাচ জাৰিৰ তাৰিখৰ পঞ্চম বৰ্ষৰ পৰা সুদ প্ৰদান তাৰিখবোৰত লব পৰা যাব।

(খ) দায়মুক্তি মূল্য, আই বি জে এই প্ৰকাশ কৰা পূৰ্বৰ সপ্তাহটোৰ (সোম-শুকুৰবাৰ) ৯৯৯ শুদ্ধতাৰ সোণৰ সৰল গড় সামৰণি মূল্যৰ আধাৰত বাৰতীয় টকাত নিৰ্দ্ধাৰণ কৰা হব।

(গ) গ্ৰহণকাৰী কাৰ্যালয়ে গল্ড বণ্ডৰ অবধি পূৰ্ণতাৰ এমাহ পূৰ্বে অবধি পূৰ্ণতাৰ তাৰিখটো বিনিয়োগকাৰীক জনাব।

১০. পৰিশোধ

গ্ৰহণকাৰী কাৰ্যালয়ে অবধি পূৰ্ণতাৰ এমাহ পূৰ্বে বণ্ডৰ পৰিপক্কতাৰ তাৰিখটো বিনিয়োগকাৰীক জনাব।

১১. বিধিগত নগদ ধন সংগ্ৰহ ক্ষমতাৰ (এছ এল আৰ) যোগ্যতা

এই বণ্ডত কৰা বিনিয়োগ এছ এল আৰৰ বাবে যোগ্য হ’ব।

১২. বণ্ডৰ বিপৰীতে ঋণ

বণ্ডসমূহ ঋণৰ বাবে সমপাৰ্শ্বিক হিচাপে ব্যৱহাৰযোগ্য হ’ব। মূল্যৰ বিপৰীতে ঋণ অনুপাত আৰ বি আইয়ে সময়ে সময়ে আজ্ঞা দিয়া সাধাৰণ স্বৰ্ণ ঋণত প্ৰযোজ্য মতে হ’ব। বণ্ডসমূহত কৰ্তৃত্বপ্ৰাপ্ত বেংকৰ দ্বাৰা চিহ্নিত কৰি খাজঞ্চীখানাত ৰখা হ’ব।

১৩. কৰ প্ৰযোজ্যতা

বণ্ডসমূহত দিয়া সুদ আয়কৰ আইন, ১৯৬১ ব্যৱস্থা মতে কৰ আৰোপ কৰা হ’ব। একোজন ব্যক্তিক দিয়া দায়মুক্তিৰ ফলত হোৱা মূলধনী লাভ কৰ ৰেহাই দিয়া হৈছে। বণ্ডৰ হস্তান্তৰত কোনো ব্যক্তিয়ে লাভ কৰা দীৰ্ঘম্যাদী মূলধনী লাভক সূচক স্বৰূপাৰ্থক হিতসমূহ প্ৰদান কৰা হ’ব।

১৪. আবেদন

বিহিত আবেদন প্ৰপত্ৰত (ফৰ্ম এ) বা সমলক্ষণৰ অন্য আকাৰত সোণৰ গ্ৰাম আৰু আবেদনকাৰীৰ সম্পূৰ্ণ নাম আৰু ঠিকনা সংশ্লিষ্ট উল্লেখ কৰি বণ্ড ক্ৰয় কৰিব পাৰিব। গ্ৰহণকাৰী কাৰ্যালয়ে আবেদনকাৰীক ফৰ্ম বিত প্ৰাপ্তি স্বীকাৰমূলক ৰছিদ দিব।

১৫. মনোনয়ন

চৰকাৰী প্ৰতিভূতি আইন, ২০০৬ (২০০৬ৰ ৩৮) আৰু ভাৰতৰ ৰাজপত্ৰৰ শাখা ৪, অংশ IIIত ১ ডিচেম্বৰ,২০০৭ত প্ৰকাশিত চৰকাৰী প্ৰতিভূতি অধিনিয়ম ২০০৭ৰ প্ৰাৱধানসমূহৰ মতে ক্ৰমে ফৰ্ম ডি আৰু ফৰ্ম ইত মনোনয়ন আৰু ইয়াৰ বাতিল কৰিব লাগিব।

১৬. হস্তান্তৰণযোগ্যতা

চৰকাৰী প্ৰতিভূতি আইন,২০০৬ (২০০৬ৰ ৩৮) আৰু ১ ডিচেম্বৰ,২০০৭ দিনাংক ভাৰতৰ ৰাজপত্ৰৰ শাখা ৪, অংশ IIIত প্ৰকাশিত চৰকাৰী প্ৰতিভূতি অধিনিয়ম,২০০৭ৰ প্ৰাৱধান মতে ফৰ্ম এফত হস্তান্তৰৰ লিখিত সম্পাদন কৰি বণ্ডসমূহ হস্তান্তৰকৰণ কৰিব পৰা যাব।

১৭. বণ্ডৰ কিনা-বেচা

ভাৰতীয় ৰিজাৰ্ভে বেংকে অধিসূচীত কৰা তাৰিখত বণ্ডসমূহ কিনা-বেচাৰ যোগ্য হ’ব।

১৮. বিতৰণৰ বাবদ কমিছন

গৃহীত আবেদনৰ ওপৰত গ্ৰহণকাৰী কাৰ্যালয়ে পোৱা মুঠ ক্ৰয়মূল্যৰ প্ৰতি ১০০ টকাত এটকা হাৰত বিতৰণৰ কমিছন দিয়া হব আৰু গ্ৰহণকাৰী কাৰ্যালয়ে তেওঁলোকৰ যোগেদি আহৰণ কৰা ব্যৱসায়ৰ বাবদ এজেণ্ট বা চাব-এজেণ্টৰ সৈতে প্ৰাপ্ত কমিছনৰ কমেও ৫০ শতাংশ ভগাই ল’ব।

১৯. ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ (অৰ্থনৈতিক পৰিক্ৰমা বিভাগ)ৰ, নং এফ.নং৪(১৩) ডব্লিউ এণ্ড এম/২০০৮, দিনাংক ৮ অক্টোবৰ,২০০৮যোগে দিয়া অধিসূচনাত নিৰ্দ্ধাৰণ কৰি দিয়া অন্যান্য চৰ্ত আৰু প্ৰতিবন্ধসমূহ এই বণ্ডত প্ৰযোজ্য হ’ব।

২০. চাৰ্কুলাৰ আইডিএমডি.চিডিডি.নং৮৯৪/১৪.০৪.০৫০/২০১৬-১৭ যোগে জাৰি কৰা চভাৰেইন গল্ড বণ্ডছ ২০১৬-১৭-শৃংখলা তিনি সম্পৰ্কীয় পৰিচালনা নিৰ্দেশনানামা প্ৰযোজ্য হ’ব।

আপোনাৰ বিশ্বাসী

(ৰাজেন্দ্ৰ কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

সংলগ্ন – ওপৰত উল্লেখ মতে।

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt