আৰবিআই/২০১৬-১৭/৯৬
আইডিএমডি.চিডিডি নং৮৯২/১৪.০৪.০৫০/২০১৬-১৭
২০ অক্টোবৰ,২০১৬
অধ্যক্ষ আৰু পৰিচালন সঞ্চালক
সকলো সূচীভুক্ত বাণিজ্যিক বেংক
(আৰ আৰ বিসমূহ বাদে)
মনোনীত ডাকঘৰসমূহ
ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া লিমিটেড (এছ এইছ চি আই এল)
নেশ্যনেল ষ্টক এক্সচেঞ্জ অব ইণ্ডিয়া লিমিটেড তথা, বম্বে
ষ্টক এক্সচেঞ্জ লিমিটেড
মহাশয়/মহাশয়া,
চভাৰেইন গল্ড বণ্ডছ্- বিনিয়োগৰ সৰ্বোচ্চ সীমা আৰু ওপৰঞ্চি বন্ধকী - স্পষ্টীকৰণ
আপোনালোক অৱগত যে চভাৰেইন গল্ড বণ্ড আঁচনিখন ভাৰত চৰকাৰে চৰকাৰী প্ৰতিভূতি আইন,২০০৬ (২০০৬ৰ ৩৮)ৰ ধাৰা ৩ৰ উপবন্ধ (iii)ৰ দ্বাৰা প্ৰদত্ত ক্ষমতা অনুসাৰে- অধিসূচিত কৰিছিল। আঁচনিখনত নিৰ্দিষ্টকৈ উল্লেখ কৰে যে প্ৰতি বিত্তীয় বৰ্ষত প্ৰতিজন ব্যক্তিয়ে ক্ৰয় কৰিব মপৰা বণ্ডৰ সৰ্বোচ্চ সীমা হল ৫০০ গ্ৰাম। এই আঁচনিৰ ক্ষেত্ৰত এই বণ্ডৰ বিপৰীতে ঋণদানৰ সাধন সম্ভাৱনা আৰু বণ্ড ক্ৰয় বিষয়ক সীমাবদ্ধতাবোৰ বদলিৰ যোগেদি কৰা আহৰণলৈকে সম্প্ৰসাৰিত হব নেকি বুলি বেংকসমূহ আৰু অন্যান্যই আমাক সুধি থকা পৰিলক্ষিত হৈছে।
এই সন্দৰ্ভত স্পষ্টীকৰণ দিয়া হয় যে,
(ক) চভাৰেইন গল্ড বণ্ডসমূহ (এছ জি বি) চৰকাৰী প্ৰতিভূতি আইনৰ ধাৰা ৩ৰ অধীনত জাৰি কৰা হৈছে। এছ জি বি ধাৰক এজনে এই প্ৰতিভূতিৰ বিপৰীতে (চৰকাৰী প্ৰতিভূতি আইন ২০০৬/চৰকাৰী প্ৰতিভূতি অধিনিয়ম ২০০৭)ৰ দিহা মতে প্ৰতিভূতিৰ বিপৰীতে পণ, বন্ধকী অথবা গ্ৰহণাধিকাৰ প্ৰদান কৰিব পাৰে, এছ জি বিসমূহক কোনো ঋণৰ বাবে ওপৰঞ্চি বন্ধকী হিচাপে লব পাৰি।
(খ) বেংক আৰু অন্যান্য যোগ্য গ্ৰাহকে বদলি আদিৰ জৰিয়তে প্ৰাপ্য ধন আদায় সম্পৰ্কীয় কাৰ্যপদ্ধতিৰ ফলত উদ্ভৱ হোৱা বদলিকৰণকে ধৰি এটা বিত্তীয় বৰ্ষত ৫০০ গ্ৰামতকৈও অধিক এছ জি বি আহৰণ কৰিব পাৰিব।
আপোনালোকৰ বিশ্বাসী
(ৰাজেন্দ্ৰ কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক |