Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (52.00 kb ) version to your machine and then use respective software to print the story.
Date: 28/11/2016
বেংক জমা একাউণ্টৰ পৰা নগদ উঠোৱা - শিথিলকৰণ

আৰ বি আই/২০১৬-১৭/১৬৩
ডিচিএম (পিএলজি) নং ১৪৩৭/১০.২৭.০০/২০১৬-১৭

২৮ নৱেম্বৰ, ২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া,
ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী বেংক/বিদেশী বেংক/আঞ্চলিক গ্ৰামীণ বেংক/
চহৰীয়া সমবায় বেংক/ৰাজ্যিক সমবায় বেংক/জিলা কেন্দ্ৰীয় সমবায় বেংক

মহাশয়/মহাশয়া

বেংক জমা একাউণ্টৰ পৰা নগদ উঠোৱা - শিথিলকৰণ

একাউণ্টৰ পৰা নগদ উঠোৱাৰ ক্ষেত্ৰত থকা বৰ্তমানৰ সীমাবোৰৰ পৰিপ্ৰেক্ষিতত একাংশ জমাকৰ্তাই নিজ একাউণ্টত টকা জমা কৰিবলৈ সংকোচ কৰাৰ বিষয়ে আমি জানিব পাৰিছো।

২. এনে সংকোচে পত্ৰমুদ্ৰা (কাৰেন্সি নোট)ৰ সক্ৰিয় প্ৰচলন বিঘ্নিত কৰা হেতুকে, সন্তপৰ্ণসূচক বিবেচনাৰে এইমৰ্মে সিদ্ধান্ত লোৱা হয় যে ২৯ নৱেম্বৰ, ২০১৬ তাৰিখে বা তাৰ পাছত চলিত বৈধ মুদ্ৰাৰে জমা ৰখা অৱশিষ্ট ৰাশিৰ পৰা বৰ্তমানৰ সীমাতকৈ অধিক ৰাশি উঠাবলৈ অনুমতি দিয়া হওক, পাৰ্যমানে, এনে নগদ উঠোৱাৰ ক্ষেত্ৰত উপলব্ধ ২০০০ টকীয়া আৰু ৫০০ টকীয়া উচ্চ মুদ্ৰাবৰ্গৰ নোট প্ৰদান কৰি।

আপোনাৰ বিশ্বাসী

(পি. বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt