আৰবিআই/২০১৬-১৭/১৩৬ ডিচিএম(পিএলজি)নং ১২৯১/১০.২৭.০০/২০১৬-১৭
১৬ নৱেম্বৰ,২০১৬
অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া, ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী খণ্ডৰ বেংক/বিদেশী বেংক/ক্ষুদ্ৰ বিত্ত বেংক/আঞ্চলিক গ্ৰামীণ বেংক/স্থানীয় এলেকা বেংক/সকলো সমবায় বেংক
মহাশয়/মহাশয়া,
৫০০ আৰু ১০০০ টকীয়া বেংকনোটৰ বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ – দৈনিক ৰিপৰ্টিং
অনুগ্ৰহ কৰি নিৰ্দিষ্ট বেংক নোট (এছবিএন)ৰ সবিশেষ সহকাৰে আৰবিআইক দৈনিক ৰিপৰ্টিং কৰাৰ দিহা দি পঠোৱা আমাৰ চাৰ্কুলাৰ ডিচিএম(পিএলজি)নং ১২২৬/১০.২৭.০০/২০১৬-১৭ দিনাংক ৮ নৱেম্বৰ,২০১৬ৰ দফা(৪)ৰ সন্দৰ্ভলৈ আহে যেন। এইটো পৰিলক্ষিত হৈছে যে বেংকবিলাকে এই ৰিপৰ্ট যথেষ্ট পলমকৈ পঠোৱা হেতুকে ৰিজাৰ্ভ বেংকত সমিলমিল চোৱা আৰু তথ্য একত্ৰিতকৰণত অতিপাত আহুকাল হৈছে।
বেংকবিলাকক সেয়ে দৈনিক তথ্যবোৰ প্ৰতি দিনে ২৩:০০ বজাৰ আগতে ই-মেইলযোগে আৰবিআই.ডিচিএম.চিঅলৈ পঠিয়াবলৈ নিৰ্দেশ দিয়া হল।
আপোনাৰ বিশ্বাসী
(সুমন ৰয়) মহা প্ৰৱন্ধক
su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt