আৰ বি আই/২০১৬-১৭/১৫৫
ডিচিএম (পিএলজি) নং ১৩৯১/১০.২৭.০০/২০১৬-১৭
২৪ নৱেম্বৰ, ২০১৬
অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া,
ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী বেংক/বিদেশী বেংক/আঞ্চলিক গ্ৰামীণ বেংক/
চহৰীয়া সমবায় বেংক/ৰাজ্যিক সমবায় বেংক
মহাশয়/মহাশয়া
কাউণ্টাৰেদি এছ বি এনৰ বিনিময় স্থগন
অনুগ্ৰহ কৰি বৰ্তমানৰ ৫০০ আৰু ১০০০ টকীয়া বেংকনোটৰ বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ – কাউণ্টাৰেদি বিনিময় সম্পৰ্কীয় আমাৰ Circular DCM (plg) No. 1302/10.27.00/2016-17 dated November 17, 2016 ৰ সন্দৰ্ভলৈ আহক।
২. পৰ্যালোচোনাৰ অন্তত এই মৰ্মে সিদ্ধান্ত লোৱা হল যে ২৪ নৱেম্বৰ, ২০১৬ৰ মাজনিশাৰ পৰা কাউণ্টাৰেদি এছ বি এনৰ (নগদ) বিনিময়ৰ অনুমতি দিয়া নহব। কাউণ্টাৰেদি এছ বি এন বিনিময় কৰিবলৈ বিচৰা ৰাইজক তেওঁলোকৰ এছ বি এনবোৰ নিজ নিজ বেংক একাউণ্টত জমা কৰিবলৈ প্ৰোত্সাহিত কৰিব।
৩. বেংকত একাউণ্ট নথকা ব্যক্তিসকলক নতুন একাউণ্ট খোলাটো বেংকবিলাকে সূচল কৰিব।
আপোনাৰ বিশ্বাসী
(পি. বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক |