Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (54.00 kb ) version to your machine and then use respective software to print the story.
Date: 22/11/2016
ৰবিশস্য বতৰৰ বাবে নগদ পোৱাকৈ সাজু ৰখা – বেংকসমূহলৈ দিহা

আৰ বি আই/২০১৬-১৭/১৪৮
ডিচিএম (পিএলজি) নং ১৩৪৫/১০.২৭.০০/২০১৬-১৭

২২ নৱেম্বৰ, ২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া,
ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী বেংক/বিদেশী বেংক/আঞ্চলিক গ্ৰামীণ বেংক/
চহৰীয়া সমবায় বেংক/ৰাজ্যিক সমবায় বেংকসমূহ

মহাশয়/মহাশয়া

ৰবিশস্য বতৰৰ বাবে নগদ পোৱাকৈ সাজু ৰখা – বেংকসমূহলৈ দিহা

আপোনালোক আটায়ে জ্ঞাত যে ৰবি শস্যৰ বতৰ ইতিমধ্যে আৰম্ভ হৈছে আৰু কৃষিকৰ্ম বাধাহীনভাৱে চলি থকাটো নিশ্চিত কৰিবলৈ কৃষকসকলক পৰ্যাপ্ত বিত্তীয় সমৰ্থন আগবঢ়োৱাটো অৱশ্যকৰণীয় কৰ্তব্য।

২. কৃষকসকলক প্ৰতি সপ্তাহত ১০ হাজাৰ কোটি টকা হাৰত শস্য ঋণ মঞ্জুৰ আৰু প্ৰদানৰ বাবে ডি চি চি বি বিলাকক প্ৰায় ৩৫,০০০ কোটি টকাৰ প্ৰয়োজন হব বুলি প্ৰাক্-কলন কৰা হৈছে। পি এ চি এছ আৰু কৃষকসকলক আৱশ্যকীয় ঋণ দিব পৰাকৈ ডি চি চি বি বিলাকক সামৰ্থ্য কৰিবৰ কাৰণে নাবাৰ্ডে ২৩,০০০ কোটি টকা নিজা কেশ্ব ক্ৰেডিট লিমিট ব্যৱহাৰ কৰিব।

৩. ইয়াৰ সৰহভাগ ঋণ কৃষিকৰ্মমূলক খা-খৰচৰ সুবিধা হোৱাকৈ নগদ আকাৰে প্ৰদান কৰা হব যেতিয়া আমি এই সন্দৰ্ভত দিহা দিও যে কাৰেন্সি চেষ্ট থকা বেংকবোৰে ডি চি চি বি আৰু আৰ আৰ বিবোৰক পৰ্যাপ্ত নগদ যোগান ধৰাটো নিশ্চিত কৰিব। সকলো বাণিজ্যিক বেংকৰ (আৰ আৰ বিকে ধৰি) গ্ৰাণীণ শাখাবোৰত পৰ্যাপ্ত নগদ যোগান নিশ্চিত কৰিব লাগিব। তদুপৰি এ পি এম চিস্থিত বেংক শাখাবোৰকো নিয়াৰিকৈ শস্য সংগ্ৰহ সূচল কৰিবলৈ পৰ্যাপ্ত নগদ যোগান ধৰিব লাগিব।

আপোনাৰ বিশ্বাসী

(পি. বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt