আৰ বি আই/২০১৬-১৭/১৪৭
ডিচিএম (পিএলজি) নং ১৩৪১/১০.২৭.০০/২০১৬-১৭
২২ নৱেম্বৰ, ২০১৬
অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া,
ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী বেংক/বিদেশী বেংক/আঞ্চলিক গ্ৰামীণ বেংক/
চহৰীয়া সমবায় বেংক/ৰাজ্যিক সমবায় বেংকসমূহ
মহাশয়/মহাশয়া
বৰ্তমানৰ ৫০০ আৰু ১০০০ টকীয়া নিৰ্দিষ্ট বেংক নোট (এছ বি এন)ৰ বিধিগ্ৰাহ্য বৈশিষ্ট্য় প্ৰত্যাহাৰ – জালিয়াতি প্ৰথা
আমাৰ দৃষ্টিগোচৰ হৈছে যে খনচেৰেক ঠাইত একাংশ শাখা বিষয়াই এচাম অসাধু ব্যক্তিৰ পৰোক্ষ লিপ্ততাৰে এছবিএন নগদেৰে বিনিময় কৰোতে /একাউণ্টত এছবিএন জমাভুক্তিৰ বেলিকা জালিয়াতি প্ৰথাক প্ৰশ্ৰয় দিছে।
২. সেয়ে বৰ্ধিত সতৰ্কতা আৰু এনে দুষ্কাৰ্যত জড়িত বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি এই ধৰণৰ জালিয়াতি প্ৰথা বন্ধ কৰিবলৈ বেংকবিলাকক দিহা দিয়া হল।
৩. এছবিএনৰ বিনিময় আৰু গ্ৰাহকৰ একাউণ্টত এনে নোট জমা কৰাৰ ক্ষেত্ৰত ইতিমধ্যে দিয়া নিৰ্দেশবোৰ কঠোৰভাৱে পালন কৰাটো বেংকবিলাকে নিশ্চিত কৰিব। এই উদ্দেশ্যে বেংক শাখাবোৰে তলত দিয়া ধৰণে তথ্যপাতিবোৰ ৰাখিব লাগিব -
(ক) ১০ নৱেম্বৰ, ২০১৬ৰ পৰা আগলৈ প্ৰতিটো জমা বা ঋণ গ্ৰাহকৰ একাউণ্টত জমা কৰা নিৰ্দিষ্ট বেংকনোটৰ মুদ্ৰাবৰ্গৰ ভিত্তিত বিৱৰণ আৰু জমাকৃত অনা-এছবিএন নোটবোৰৰ মুঠ মূল্য।
(খ) অনা-গ্ৰাহক আৰু নিয়মীয়া গ্ৰাহকে বিনিময় কৰা এছবিএনৰ ক্ষেত্ৰত গ্ৰাহক-ভিত্তিক আৰু মুদ্ৰাবৰ্গভিত্তিক তথ্য।
স্পল্পকালীন জাননীত এনে সবিশেষবোৰ দেখুৱাব পৰাকৈ বেংকবোৰ সাজু থাকিব লাগিব।
৪. প্ৰাপ্তি স্বীকাৰ কৰে যেন।
আপোনাৰ বিশ্বাসী
(পি. বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক |