Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (62.00 kb ) version to your machine and then use respective software to print the story.
Date: 21/11/2016
বৰ্তমানৰ ৫০০ আৰু ১০০০ টকীয়া বেংক নোটৰ বৈধমুদ্ৰা বৈশিষ্ট্য় প্ৰত্যাহাৰ – সংশোধনী

আৰ বি আই/২০১৬-১৭/১৪৬
ডিচিএম (পিএলজি) নং ১৩২৩/১০.২৭.০০/২০১৬-১৭

২১ নৱেম্বৰ, ২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া,
ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী বেংক/বিদেশী বেংক/আঞ্চলিক গ্ৰামীণ বেংক/
চহৰীয়া সমবায় বেংক/ৰাজ্যিক সমবায় বেংকসমূহ/জিলা কেন্দ্ৰীয় সমবায় বেংক

মহাশয়/মহাশয়া

বৰ্তমানৰ ৫০০ আৰু ১০০০ টকীয়া বেংক নোটৰ বৈধমুদ্ৰা বৈশিষ্ট্য় প্ৰত্যাহাৰ – সংশোধনী

অনুগ্ৰহ কৰি শিৰোনাম বিষয়ক আমাৰ Circular No.DCM (plg) No. 1226/10.27.00/2016-17 dated November 8, 2016 ৰ উল্লেখ লওক।

২. পৰ্যালোচনা কৰি, বেংক একাউণ্টৰ পৰা টকা উঠোৱাৰ সীমাত কেতবোৰ সালসলনি ঘটোৱা হৈছে যিবিলাক নিম্নোক্ত ধৰণৰ-

১. কৃষকৰ বাবে

কৃষকসকলক তেওঁলোকৰ ঋণ একাউণ্ট (কিষাণ ক্ৰেডিট কাৰ্ড সীমাকে ধৰি) বা জমা একাউণ্টৰ পৰা প্ৰতি সপ্তাহত নগদ ২৫,০০০ টকালৈকে উঠাবলৈ অনুমতি দিব পাৰে যদিহে তেনে একাউণ্ট সম্পূৰ্ণকৈ কেৱাইচি সন্মত হয়।

২. এ পি এম চি মাৰ্কেট/মন্দীত পঞ্জীভুক্ত বেপাৰীৰ বাবে

বৰ্তমানে কেতবোৰ চৰ্তসাপেক্ষে সকলো কাৰেণ্ট একাউণ্ট ধাৰকক এসপ্তাহত তেওঁলোকৰ কাৰেণ্ট একাউণ্টৰ নগদ ৫০,০০০ টকা পৰ্যন্ত উঠাবলৈ অনুমতি দিয়া আছে আৰু এতিয়া এইখিনি এ পি এম চি মাৰ্কেট/মন্দীত পঞ্জীভুক্ত বেপাৰীসকললৈকো সম্প্ৰসাৰিত কৰা হৈছে। এতিয়া বেপাৰীসকলেও তেওঁলোকৰ কাৰণ্টে একাউণ্টৰ পৰা ৫০,০০০ টকা পৰ্যন্ত নগদ উঠাব পাৰিব যদিহে তেওঁলোকৰ একাউণ্ট সম্পূৰ্ণ কেৱাইচিসন্মত আৰু তিনি মাহ বা ততোধিক সময়ৰ বাবে পৰিচালনক্ষম হৈ আছে।

৩. প্ৰাপ্তি স্বীকাৰ কৰে যেন।

আপোনাৰ বিশ্বাসী

(পি. বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt