আৰ বি আই/২০১৬-১৭/১৪১ ডিচিএম (পিএলজি) নং ১৩০৪/১০.২৭.০০/২০১৬-১৭
২০ নৱেম্বৰ, ২০১৬
অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া, ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী বেংক/বিদেশী বেংক/আঞ্চলিক গ্ৰামীণ বেংক/ চহৰীয়া সমবায় বেংক/ৰাজ্যিক সমবায় বেংকসমূহ/জিলা কেন্দ্ৰীয় সমবায় বেংকসমূহ
মহাশয়/মহাশয়া
৫০০ টকীয়া আৰু ১০০০ টকীয়া বেংকনোটৰ বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ – সীমাৰ সংশোধন
অনুগ্ৰহ কৰি আমাৰ Circular No.DCM (plg) No. 1272/10.27.00/2016-17 dated November 13, 2016 ৰ অনুচ্ছেদ ১ মন কৰক যাৰ অধীনত ৰিকেলিব্ৰেটেড এটিএমৰ পৰা টকা উঠোৱাৰ সীমা দৈনিক ২০০০ টকাৰ পৰা ২৫০০ টকা কৰা হয় আৰু ৰিকেলিব্ৰেট নকৰা পৰ্যন্ত বেংকৰ অন্যান্য এটিএমৰ পৰা উঠোৱাৰ সীমা দৈনিক ২০০০ টকা কৰা হৈছিল।
২. এটিএমবিলাকৰ ৰিকেলিব্ৰেচন প্ৰক্ৰিয়াৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে আৰু যথেষ্ট অগ্ৰগতি হৈছে। পৰ্যালোচনাৰ অন্তত এই সীমা পৰৱৰ্ত্তী নিৰ্দেশনা পৰ্যন্ত অপৰিৱৰ্তিত ৰাখিবলৈ সিদ্ধান্ত লোৱা হৈছে। ৰিকেলিব্ৰেট নকৰা পৰ্যন্ত বেংকবিলাকে অনা-ৰিকেলিব্ৰেটেড এটিএমবিলাকৰ যোগেদি ৫০ টকীয়া আৰু ১০০ টকীয়া বেংকনোট বিতৰণ কৰি থাকিব।
৩. প্ৰাপ্তি স্বীকাৰ কৰিব
আপোনাৰ বিশ্বাসী
(সুমন ৰয়) মহা প্ৰৱন্ধক
su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt