আৰবিআই/২০১৬-১৭/১৩৫
ডিবিআৰ.আৰআৰবি.বিচি.নং৩৬/৩১.০১.০০২/২০১৬-১৭
১৬ নৱেম্বৰ,২০১৬
অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া, ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী খণ্ডৰ বেংক/বিদেশী বেংক/ক্ষুদ্ৰ বিত্ত বেংক/আঞ্চলিক গ্ৰামীণ বেংক/স্থানীয় এলেকা বেংক/সকলো সমবায় বেংক
মহাশয়/মহাশয়া,
নিৰ্দিষ্ট বেংকনোটৰ বৈধমুদ্ৰা বৈশিষ্ট্য আয়কৰ আইন,১৯৬২ৰ ১১৪(খ)ৰ প্ৰাৱধান মানি চলা
অনুগ্ৰহ কৰি শিৰোনাম বিষয়ক আমাৰ চাৰ্কুলাৰ ডিচিএম (পিএলজি) নং ১২২৬/১০.২৭.০০/২০১৬-১৭ৰ দিনাংক ৮ নৱেম্বৰ,২০১৬ মন কৰক। আয়কৰ আইন,১৯৬২ৰ ১১৪(খ)ৰ প্ৰাৱধানসমূহ মানি চলাৰ ক্ষেত্ৰত বেংকসমূহক তলৰ ধৰণে পৰামৰ্শ দিয়া হ’ল-
(১) নিজ নিজ বেংক একাউণ্টত ৫০,০০০ টকাৰ অধিক নগদ জমা দিয়া যিকোনো ব্যক্তিয়ে বেংক একাউণ্টত আগতে পিএএন সংলগ্ন কৰা নহলে পেন কাৰ্ডৰ এটা প্ৰতিলিপি দাখিল কৰিব লাগিব।
(২) ইয়াৰ উপৰিও একে আয়কৰ আইনত অন্য লেনদেনৰ বাবেও পিএএন দাখিলৰ আৱশ্যকতা আছে, সেইখিনিও বেংকে পূৰাব লাগিব।
২. বেংকসমূহক সেয়ে ওপৰোল্লেখিত কথাখিনি গুৰুত্ব সহকাৰে লবলৈ আৰু আয়কৰ আইন,১৯৬২ৰ ১১৪(খ)ৰ প্ৰাৱধানসমূহ কটকটীয়াকৈ পালন কৰাটো নিশ্চিত কৰিবলৈ কোৱা হ’ল। আয়কৰ আইন,১৯৬২ৰ সংশ্লিষ্ট প্ৰাৱধান প্ৰতিলিপি সমলগ্ন কৰা হ’ল।
আপোনালোকৰ বিশ্বাসী
(পি. বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক
সংলগ্ন – ওপৰত উল্লেখ মতে |