Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (89.00 kb ) version to your machine and then use respective software to print the story.
Date: 15/11/2016
বেংক শাখালৈ এছবিএনৰ বাবে অহা গ্ৰাহকসকলক আঙুলিত মচ নোখোৱা চিঁয়াহী লগোৱাৰ বাবে মানস্বৰূপ পৰিচালন বিধি (এছঅপি)

আৰবিআই/২০১৬-১৭/১৩৩
ডিচিএম(পিএলজি)নং ১২৮০/১০.২৭.০০/২০১৬-১৭

১৫ নৱেম্বৰ,২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া, ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী খণ্ডৰ বেংক/বিদেশী বেংক/ক্ষুদ্ৰ বিত্ত বেংক/আঞ্চলিক গ্ৰামীণ বেংক/স্থানীয় এলেকা বেংক/সকলো সমবায় বেংক

মহাশয়/মহাশয়া,

বেংক শাখালৈ এছবিএনৰ বাবে অহা গ্ৰাহকসকলক আঙুলিত মচ নোখোৱা চিঁয়াহী লগোৱাৰ বাবে মানস্বৰূপ পৰিচালন বিধি (এছঅপি)

অনুগ্ৰহ কৰি আমাৰ চাৰ্কুলাৰ ডিচিএম(পিএলজি)নং ১২২৬/১০.২৭.০০/২০১৬-১৭ দিনাংক ৮ নৱেম্বৰলৈ মন কৰক। বিভিন্ন মহলৰ পৰা প্ৰাপ্ত উপভোক্তাৰ মতামত অনুভৱ কৰা হৈছে যে এনে নিৰ্দিষ্ট বেংকনোটবোৰ বিনিময়ৰ কাৰণে মানস্বৰূপ পৰিচালন বিধি (এছঅপি) এটা কাৰ্যকৰী কৰিবলাগে। সেইমতে বেংকবিলাকক নিম্নোক্ত ব্যৱস্থাৱলী গ্ৰহণ কৰিবলৈ কোৱা হল-

১। এছবিএনবিলাক বিনিময় কৰাৰ বেলিকা সংশ্লিষ্ট বেংক শাখা আৰু ডাকঘৰবিলাকে তজনী আঙুলিত মচ নোখোৱা চিঁয়াহী লগাব যাতে এবাৰ পুৰণি নোট বিনিময় কৰা গ্ৰাহকসকলক চিনাক্ত কৰিব পৰা যায়।

২। এই মচ নোখোৱা চিঁয়াহী ভাৰতীয় বেংক সংস্থা (আইবিএ)ই বেংক আৰু আৰবিআইৰ পৰামৰ্শ মতে যোগান ধৰিব।

৩। প্ৰথমে মহানগৰবোৰত এই পদ্ধতি আৰম্ভ কৰা হব আৰু পাছত অন্য অঞ্চললৈ সম্প্ৰসাৰিত কৰা হব।

৪। প্ৰতিটো বেংক শাখাক ৫ মিলিলিটাৰ চিঁয়াহীৰ একোটাকৈ বটল যোগান ধৰা হব। আঙুলিত লগাব পৰাকৈ বটলৰ সাফৰত একোডাল ব্ৰাশ্ব লগোৱা থাকিব।

৫। গ্ৰাহকক নোট দিয়াৰ আগতে কেশ্বিয়াৰ বা বেংকে দায়িত্ব দিয়া অন্য এজন কৰ্মচাৰীয়ে মচ নোখোৱা চিঁয়াহী লগাই দিব যাতে চিঁয়াহী উঠোৱাৰ আগতে নোট বিনিময়ৰ সময়খিনিত শুকাই যায়।

৬। পুনৰ যাতে গ্ৰাহকসকলে চেলু উলিয়াব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বাওঁহাতৰ তজনী বা আঙুলিত যাতে মচ নোখোৱা চিঁয়াহী লগোৱা নহয়।

আপোনাৰ বিশ্বাসী

(পি. বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt