Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (89.00 kb ) version to your machine and then use respective software to print the story.
Date: 14/11/2016
এটিএমৰ ব্যৱহাৰ – কাষ্টমাৰ চাৰ্জ মুকুব

আৰবিআই/২০১৬-১৭/১৩২
ডিপিএছএছ.চিঅ.পিভি. নং ১২৪০/০২.১০.০০৪/২০১৬-১৭

১৪ নৱেম্বৰ,২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া, ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী খণ্ডৰ বেংক/বিদেশী বেংক/ক্ষুদ্ৰ বিত্ত বেংক/আঞ্চলিক গ্ৰামীণ বেংক/স্থানীয় এলেকা বেংক/সকলো সমবায় বেংক

মহাশয়/মহাশয়া,

এটিএমৰ ব্যৱহাৰ – কাষ্টমাৰ চাৰ্জ মুকুব

সঞ্চয় বেংক একাউণ্ট গ্ৰাহকসকলক তেওঁলোকৰ নিজা বেংকৰ এটিএম আৰু অন্য বেংকৰ এটিএমযোগে কৰা লেনদেনৰ বাবে কেতবোৰ বাধ্যতামূলক বিনামূলীয়া লেনদেনৰ যুক্তিযুক্ততা সম্পৰ্কীয় আমাৰ চাৰ্কুলাৰ ডিপিএছএছ.চিঅ.পিভি. নং ৩১৬/০২.১০.০০২/২০১৪-১৫ দিনাংক ১৪ আগষ্ট,২০১৪ৰ প্ৰসঙ্গলৈ আহে যেন। বৰ্তমানৰ ৫০০ আৰু ১০০০ টকীয়া নোটৰ বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ বিষয়ক চাৰ্কুলাৰ ডিচিএম (পিএলজি)নং১২২৬/১০.২৭.০০/২০১৬-১৭ দিনাংক ৮ নৱেম্বৰ,২০১৬ আৰু সমবিষয়ক এটিএম বন্ধ তথা ৩০ ডিচেম্বৰ,২০১৬লৈ টকা উলিওৱাৰ মাচুল মুকুব সম্পৰ্কীয় চাৰ্কুলাৰ আৰবিআই/২০১৬-১৭/১১১/ডিপিএছএছ.চিঅ.পিডি নং ০২.১০.০০২/২০১৬-১৭ৰ প্ৰতিও মনোযোগ আকৰ্ষণ কৰা হল।

২. এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হৈছে যে সঞ্চয় বেংক গ্ৰাহকে নিজা বেংকৰ এটিএম বা অন্য বেংকৰ এটিএমযোগে টকা উলিওৱাৰ ক্ষেত্ৰত, মাহটোত যিমানবাৰেই নুলিয়াওক লাগে, তেওঁলোকৰ সকলো লেনদেনক (বিত্তীয় আৰু অনাবিত্তীয় লেনদেনসহ) বেংকে মাচুল মুকুব কৰিব লাগিব।

৩. এই মুকুবব্যৱস্থা ১০ নৱেম্বৰ,২০১৬ৰ পৰা ৩০ ডিচেম্বৰ,২০১৬ৰ ভিতৰত এটিএমযোগে কৰা লেনদেনৰ ক্ষেত্ৰত প্ৰযোজ্য হব।

৪. প্ৰদান আৰু বন্দোবস্তি প্ৰণালী আইন,২০০৭ (২০০৭ৰ আইন ৫১) ধাৰা ১৮ সহিতে ধাৰা ১০(২)ৰ অধীনত এই নিৰ্দেশ জাৰি কৰা হল।

আপোনাৰ বিশ্বাসী

(নন্দ এছ ডাৱে)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt