Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (103.00 kb ) version to your machine and then use respective software to print the story.
Date: 14/11/2016
নিৰ্দিষ্ট বেংক নোটৰ বৈধ মুদ্ৰা বিশিষ্ট প্ৰত্যাহাৰ – জমা আৰু নগদ উলিওৱাৰ বাবে বিতৰণস্থানৰ সম্প্ৰসাৰণ

আৰবিআই/২০১৬-১৭/১৩১
ডিচিএম (পিএলজি) নং ১২৭৪/১০.২৭.০০/২০১৬-১৭

১৪ নৱেম্বৰ,২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া, ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী খণ্ডৰ বেংক/বিদেশী বেংক/ক্ষুদ্ৰ বিত্ত বেংক/আঞ্চলিক গ্ৰামীণ বেংক/স্থানীয় এলেকা বেংক/সকলো সমবায় বেংক

মহাশয়,

নিৰ্দিষ্ট বেংক নোটৰ বৈধ মুদ্ৰা বিশিষ্ট প্ৰত্যাহাৰ – জমা আৰু নগদ উলিওৱাৰ বাবে বিতৰণস্থানৰ সম্প্ৰসাৰণ

অনুগ্ৰহ কৰি শিৰোনাম বিষয়ক আমাৰ চাৰ্কুলাৰ ডিচিএম (পিএলজি)নং ১২২৬/১০.২৭.০০/২০১৬-১৭ দিনাংক ৮ নৱেম্বৰ,২০১৬লৈ মন কৰক। নিৰ্দিষ্ট বেংক নোটবোৰৰ বিনিময় আৰু জমাৰ লগতে সেইবিলাকৰ বিপৰীতে নগদ উলিওৱাৰ বাবে থকা বৰ্তমানৰ সূচলতাবোৰ বহলোৱাৰ উদ্দেশ্যে, ৰাইজে এই সূচলতাবোৰ যিমান বেছি সম্ভৱ লব পৰাকৈ নিম্নোক্ত ব্যৱস্থাবোৰ গ্ৰহণ কৰিবলৈ বেংকবোৰক কোৱা হল-

অতিৰিক্ত সূচলতা

(১) চলিত একাউণ্ট ধাৰকসকলক (বিগত তিনি মাহ বা ততোধিক সময়ৰ বাবে পৰিচালিত হৈ থকা) প্ৰতি সপ্তাহত ৫০,০০০ টকালৈকে উলিওৱাৰ সুবিধা দিব লাগে। এনে উপস্থাপকক ঘাইকৈ ২০০০ টকীয়া নোট বিতৰণ কৰা হব।

(২) বেংকসমূহে তেওঁলোকৰ মাইক্ৰ-এটিএম (বালমিত্ৰ আদি) গাঁও পঞ্চায়ত, আৰক্ষী থানা আৰু সামৰিক চকী, চৰকাৰী বিভাগ আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ কাৰ্যালয়, পেট্ৰল পাম্প আৰু অন্যান্য সুৰক্ষিত স্থানবোৰত ওচৰত বহুৱাব। এইবিলাকৰ বাবে বৃহত্ পৰিমাণৰ নগদ আৱশ্যক হোৱা হেতুকে বেংকবোৰে মাইক্ৰ-এটিএমৰ উৰ্দ্ধতম সীমা কমেও ৫০,০০০ টকালৈ বৃদ্ধি কৰিব আৰু সঘনাই সেইবোৰত নগদ ভৰ্ত্তি কৰাই থকাৰ ব্যৱস্থা গ্ৰহণ কৰিব।

(৩) আওহতীয়া/বেংকবিহীন অঞ্চলবোৰত বসবাস কৰা জনসাধাৰণক বিনিময়/জমা/উলিওৱাৰ সুবিধা প্ৰদানৰ অৰ্থে বেংকবিলাকে চলমান ভেন ব্যৱহাৰৰ কথা চিন্তা কৰিব পাৰে।

(৪) চাহ/কফি আৰু অন্যান্য বাগিচা কৰ্মী, চেনী সমবায়, দুগ্ধপাম আৰু তেনে ধৰণৰ ঘন প্ৰদান অৱস্থানসমূহৰ অন্যান্য কৰ্মী-গোটবোৰক, তেওঁলোকৰ একাউণ্টত জমা আৰু উলিওৱাৰ ক্ষেত্ৰত উন্নত সুবিধা প্ৰদানৰ উদ্দেশ্যে তেনেবোৰ স্থানত বেংকবিলাকে শিবিৰ ভিত্তিক একাউণ্ট খুলিব লাগিব।

(৫) আমি পুনৰ দোহাৰিছে যে ওপৰঞ্চি কামৰ হেঁচা জোৰা মাৰিবৰ কাৰণে বেংকবিলাকে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক হ্ৰস্বকালীন ভিত্তিত কামত লগাব পাৰে।

নিৰীক্ষণ

(৬) নিৰ্দিষ্ট বেংকনোট আৰু অন্যান্য বৈধমুদ্ৰা বেংকনোট জমাৰ বাবে গ্ৰাহকক সুকীয়া সুকীয়া পে-ইন-শ্লিপ ব্যৱহাৰ কৰিবলৈ দিয়াটো বেংকবোৰে নিশ্চিত কৰিব। (কোনো জমাকৰ্তাৰ হাতত এছবিএন আৰু বৈধ মুদ্ৰাৰ নোট সানমিহলি হৈ থাকিলে তেওঁ সেইবোৰ বাচি লৈ সুকীয়া দুখন শ্লিপত জমা দিব লাগিব)। বেংকবিলাকে চিবিএছৰ ভিতৰত, গ্ৰাহক ভিত্তিত এছবিএন প্ৰাপ্তি আৰু মুদ্ৰাবৰ্গ ভিত্তিক প্ৰাপ্তিৰ ৰেকৰ্ডবোৰ ৰখাৰ কাৰণে বেংকে এটা কাৰ্যপদ্ধতি ৰূপায়ণ কৰিব লাগিব যাতে পৰৱৰ্ত্তী সত্যাসত্য নিৰূপণৰ সূচলতাৰ প্ৰতি লক্ষ্য ৰাখি ফ্লেগমতে বিনিময় বা জমা কৰিব পৰা যায়।

আপোনাৰ বিশ্বাসী

(পি বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt