Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (90.00 kb ) version to your machine and then use respective software to print the story.
Date: 14/11/2016
বৰ্তমানৰ ৫০০ আৰু ১০০০ টকীয়া বেংকনোটৰ বৈধ মুদ্রা বৈশিষ্ট্য প্রত্যাহাৰ – ডিচিচিবিত আঁচনিখনৰ প্ৰযোজ্যতা

আৰবিআই/২০১৬-১৭/১৩০
ডিচিএম (পিএলজি) নং ১২৭২/১০.২৭.০০/২০১৬-১৭

১৪ নৱেম্বৰ,২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া, ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী খণ্ডৰ বেংক/বিদেশী বেংক/ক্ষুদ্ৰ বিত্ত বেংক/আঞ্চলিক গ্ৰামীণ বেংক/স্থানীয় এলেকা বেংক/সকলো সমবায় বেংক

মহাশয়,

বৰ্তমানৰ ৫০০ আৰু ১০০০ টকীয়া বেংকনোটৰ বৈধ মুদ্রা বৈশিষ্ট্য প্রত্যাহাৰ – ডিচিচিবিত আঁচনিখনৰ প্ৰযোজ্যতা

অনুগ্ৰহ কৰি শিৰোনাম বিষয়ক আমাৰ চাৰ্কুলাৰ নং ডিচিএম(পিএলজি) নং ১২২৬/১০.২৭.০০/২০১৬-১৭ দিনাংক ৮ নৱেম্বৰ,২০১৬ৰ উল্লেখ লওক। ইয়াৰ দ্বাৰা স্পষ্ট কৰি দিয়া হল যে জিলা কেন্দ্ৰীয় সমবায় বেংকসমূহে তেওঁলোকৰ বৰ্তমানে থকা গ্ৰাহকক অহা ২৪ নৱেম্বৰ,২০১৬লৈকে তেওঁলোকৰ একাউণ্টৰ পৰা এসপ্তাহত ২৪,০০০ টকা পৰ্যন্ত উলিয়াবলৈ দিব পাৰে। অৱশ্যে নিৰ্দিষ্ট বেংকনোটবোৰ (পুৰণি ৫০০ আৰু ১০০০ টকাৰ) বিপৰীতে বিনিময় লবলৈ বা সেইবিলাক তেওঁলোকৰ একাউণ্টত জমাভুক্ত হবলৈ দিব নোৱাৰিব।

২. ডিচিচিবিবোৰক তেওঁলোকৰ চাহিদাৰ ভিত্তিত নিজ নিজ একাউণ্টৰ পৰা টকা উঠোৱাৰ অনুমতি দিবলৈ সকলো বেংকক পৰামৰ্শ দিয়া হল। গ্ৰাহকে প্ৰতি সপ্তাহত টকা উঠোৱাৰ ২৪,০০০ টকাৰ সীমা, ডিচিচিবিয়ে ইয়াৰ একাউণ্টৰ পৰা বা অন্য বেংকৰ পৰা উঠোৱাৰ ক্ষেত্ৰত প্ৰযোজ্য নহব।
 
আপোনাৰ বিশ্বাসী

(পি বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

সংলগ্ন – ওপৰৰ মতে

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt