| বৰ্তমানৰ ৫০০ আৰু ১০০০ টকীয়া বেংকনোটৰ বৈধ মুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ নগদ উলিওৱাৰ সীমা |
আৰবিআই/২০১৬-১৭/১২৪
ডিচিএম (পিএলজি) নং ১২৫৬/১০.২৭.০০/২০১৬-১৭
১১ নৱেম্বৰ, ২০১৬
অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া, ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী খণ্ডৰ বেংক/বিদেশী বেংক/ক্ষুদ্ৰ বিত্ত বেংক/আঞ্চলিক গ্ৰামীণ বেংক/স্থানীয় এলেকা বেংক/সকলো সমবায় বেংক
মহাশয়,
বৰ্তমানৰ ৫০০ আৰু ১০০০ টকীয়া বেংকনোটৰ বৈধ মুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ নগদ উলিওৱাৰ সীমা
অনুগ্ৰহ কৰি শিৰোনাম বিষয়ক আমাৰ চাৰ্কুলাৰ ডিচিএম (পিএলজি) নং ১২৫৬/১০.২৭.০০/২০১৬-১৭ দিনাংক ১০ নৱেম্বৰ,২০১৬ৰ উল্লেখ কৰক আৰু এই সন্দৰ্ভত নিম্নোক্ত অতিৰিক্ত নিৰ্দেশাৱলী চাই লওক-
২. চৰকাৰী বিভাগসমূহক ব্যতিক্ৰমী ক্ষেত্ৰত, নগদ আৱশ্যকতাৰ বিষয়ে যুক্তিযুক্ত লিখিত প্ৰমাণ উপস্থাপন কৰিব পাৰিলে নিৰ্দ্ধাৰিত ১০,০০০ টকাতকৈ অধিক ৰাশি উলিয়াবলৈ মহা-প্ৰৱন্ধক বা উচ্চতৰ মৰ্যাদাৰ বিষয়াৰ ঐচ্ছিক সিদ্ধান্ত অনুসাৰে অনুমতি দিব পাৰে।
আপোনাৰ বিশ্বাসী
(পি বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক |
|