Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (93.00 kb ) version to your machine and then use respective software to print the story.
Date: 02/11/2016
আচুতীয়া এটিএমযোগে ১০০ টকীয়া মুদ্ৰাবৰ্গ বেংক নোটৰ বিতৰণ

আৰবিআই/২০১৬-১৭/১০৬
ডিচিএম (চিচি)নং.১১৭০/০৩.৪১.০১/২০১৬-১৭

২ নৱেম্বৰ,২০১৬

অধ্যক্ষ আৰু পৰিচালন সঞ্চালক
মুখ্য কাৰ্যবাহী বিষয়া
সমূহ বেংক

মহাশয়/মহাশয়া,

আচুতীয়া এটিএমযোগে ১০০ টকীয়া মুদ্ৰাবৰ্গ বেংক নোটৰ বিতৰণ

অনুগ্ৰহ কৰি পত্ৰমুদ্ৰা বিতৰণ আৰু বিনিময় আঁচনি (চিডিইএছ) সম্পৰ্কীয় আমাৰ চাৰ্কুলাৰ ডিচিএম(চিচি)জি-১০/৩৩৫২/০৩.৪১.০১/২০১৫-১৬ দিনাংক ৫ মে,২০১৬ উনুকিয়াওক।

২. নিম্ন মুদ্ৰাবৰ্গ বেংক নোট বিতৰণকাৰী এটিএম সংস্থাপনৰ বাবে বেংকসমূহে লোৱা পদক্ষেপ পৰ্যালোচনাৰ পৰা পৰিলক্ষিত হৈছে যে অতি কম সংখ্যক বেংকেহে ১০০ টকীয়া বেংক নোটকে ধৰি মুদ্ৰাবৰ্গৰ পত্ৰমুদ্ৰা বিতৰণকাৰী এটিএম সংস্থাপনত নিজাববীয়া ব্যৱস্থা লৈছে।

পৰিষ্কাৰ নোট নীতিৰ উদ্দেশ্য সাধন আৰু ৰাইজক যথাৰ্থ ১০০ টকীয়া মুদ্ৰাবৰ্গৰ বেংক নোট আৱশ্যকতা পূৰণৰ উদ্দেশ্যে বেংকবিলাকে এটিএমৰ যোগেদি ১০০ টকীয়া নোট বিতৰণ বৃদ্ধি কৰা উচিত। যিবিলাক নীতি খুচুৰা ব্যৱহাৰৰ বাবে বেংকনোট বিতৰণৰ কাৰণে ব্যাপকভাৱে ব্যৱহৃত হয়।

৪. সেই দিশত বেংকবোৰক উত্সাহিত কৰাৰ অৰ্থে আচুতীয়াকৈ ১০০ টকীয়া বেংক নোট বিতৰণ কৰিব পৰাকৈ কেলিব্ৰেট কৰা ১০০ শতাংশ দেশৰ এটিএম সংস্থাপনৰ বাবে পৰীক্ষামূলক প্ৰকল্প ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। আপোনাক সেয়ে আপোনালোকৰ ১০ শতাংশ এটিএম তেনেকৈ কনফিগাৰ/কেলিব্ৰেট কৰিবলৈ কোৱা হল।

৫. যিহেতু আৱশ্যকীয় সংখ্যক যন্ত্ৰ কনফিগাৰ কৰাত জড়িত প্ৰক্ৰিয়াটো জটিল নহয়, বেংকবোৰ চাৰ্কুলাৰ জাৰিৰ ১৫ দিনৰ ভিতৰত এই কাৰ্যসম্পাদন কৰিব লাগিব আৰু আজ্ঞা মাননাৰ বিষয়ে সূচীত কৰিব লাগিব। ইয়াৰ বাবে বেংকসমূহে বৃহত্ সংখ্যক কেন্দ্ৰ/ৰাজ্যৰ প্ৰতি লক্ষ্য ৰাখি শাখাসমূহ নিজেই পচন্দ কৰিব পাৰিব। এনে এটিএমৰ অৱস্থান সম্পৰ্কীয় তথ্য আমাক সংলগ্ন ফৰমেটত জনাবলৈকে অনুৰোধ কৰা হল। দুমাহ উকলাৰ অন্তত আপোনালোকে পৰীক্ষামূলক প্ৰকল্প সন্দৰ্ভত নিজৰ মতামত আমাক জনাব পাৰিব।

৬. প্ৰাপ্তি স্বীকাৰ কৰে যেন।

আপোনালোকৰ বিশ্বাসী

(পি বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

সংলগ্ন – ওপৰত উল্লেখ মতে


এটিএমযোগে ১০০ টকা মুদ্ৰাবৰ্গৰ বেংকনোটৰ বিতৰণ

বেংকৰ নাম.....

ক্ৰমিক নং ৰাজ্য মহানগৰ/নগৰ/জিলা এটিএম অৱস্থানৰ ঠিকনা
       
       

(ই-মেইলযোগে পঠাব লগা)

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt