আৰবিআই/২০১৬-১৭/১১৬
ডিপিএছএছ (চিঅ) আৰ টি জি এছ নং ১২১২/০৪.০৪.০০২/২০১৬-১৭
১০ নৱেম্বৰ, ২০১৬
অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া, ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী খণ্ডৰ বেংক/বিদেশী বেংক/ক্ষুদ্ৰ বিত্ত বেংক/আঞ্চলিক গ্ৰামীণ বেংক/স্থানীয় এলেকা বেংক/সকলো সমবায় বেংক
মহাশয়/মহাশয়া
প্ৰদান প্ৰণালীসমূহ (আৰ টি জি এছ, এন ই এফ টি, চেক ক্লিয়েৰিং, আৰ ই পি অ, চি বি এল অ আৰু কল মাৰ্কেটবোৰ) শনিবাৰ ১২ নৱেম্বৰ আৰু ৰবিবাৰ ১৩ নৱেম্বৰ,২০১৬ত খোলা থাকিব
বেংকসমূহে ৰাজহুৱা লেনদেনৰ বাবে শনিবাৰ ১২ নৱেম্বৰ আৰু ৰবিবাৰ ১৩ নৱেম্বৰত খোলা ৰখা হেতুকে প্ৰদান প্ৰণালীসমূহ (আৰ টি জি এছ, এন ই এফ টি, চেক ক্লিয়েৰিং, আৰ ই পি অ, চি বি এল অ আৰু কল মাৰ্কেটবোৰ) খোলা ৰাখিবলৈ সিদ্ধান্ত লোৱা হৈছে।
সকলো অংশগ্ৰহণকাৰী/সদস্য বেংকক নিয়মীয়া কৰ্মদিনৰ দৰে ১২ নৱেম্বৰ আৰু ১৩ নৱেম্ব,২০১৬ত নিজ নিজ গ্ৰাহকৰ বাবে ওপৰৰ প্ৰদান প্ৰণালীবোৰ পৰিচালনা সূচল কৰি ৰাখিবলৈ কোৱা হল। এই দিনকেইটাত ওপৰৰ প্ৰণালী আগবঢ়োৱাৰ বিষয়ে ৰাইজৰ মাজত পৰ্যাপ্ত প্ৰচাৰ কৰিবলৈকো কোৱা হল।
আপোনাৰ বিশ্বাসী
(নন্দ এছ ডাৱে)
মুখ্য মহা প্ৰৱন্ধক |