আৰবিআই/২০১৬-১৭/১১৪
ডিবিআৰ নং এল ই জি.বি.চি.৩১/০৯.০৭.০০৫/২০১৬-১৭
৯ নৱেম্বৰ, ২০১৬
অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া, ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী খণ্ডৰ বেংক/বিদেশী বেংক/ক্ষুদ্ৰ বিত্ত বেংক/আঞ্চলিক গ্ৰামীণ বেংক/স্থানীয় এলেকা বেংক/সকলো সমবায় বেংক
মহাশয়/মহাশয়া
বেংকসমূহ ৰাইজৰ বাবে শনিবাৰ ১২ নৱেম্বৰ,২০১৬ আৰু ৰবিবাৰ ১৩ নৱেম্বৰ,২০১৬ত খোলা থাকিব
বেংকিং লেনদেন কৰিবৰ কাৰণে ৰাইজৰ পৰা আহিব পৰা সম্ভৱা দাবী জোৰা মাৰিবৰ কাৰণে, সিদ্ধান্ত লোৱা হল যে শনিবাৰ ১২ নৱেম্বৰ,২০১৬ আৰু ৰবিবাৰ ১৩ নৱেম্বৰ,২০১৬ দিন দুটাত ৰাজহুৱা লেনদেনৰ বাবে বেংকসমূহ খোলা থাকিব। সকলো বেংকিং লেনদেন সম্পন্ন কৰাৰ কাৰণে ১২ নৱেম্বৰ,২০১৬ আৰু ১৩ নৱেম্বৰ,২০১৬ত বেংকসমূহক তেওঁলোকৰ শাখাসমূহ খোলা ৰাখিবলৈ কোৱা হল।
এই দিনকেইটাত আগবঢ়োৱা বেংকিং সেৱাৰ বিষয়ে ৰাইজক জ্ঞাপন কৰিবলৈ বেংকসমূহক পৰামৰ্শ দিয়া হল।
আপোনাৰ বিশ্বাসী
(ৰাজিন্দৰ কুমাৰ)
মুখ্য মহা-প্ৰৱন্ধক |