Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (88.00 kb ) version to your machine and then use respective software to print the story.
Date: 09/11/2016
৫০০ টকা আৰু ১০০০ টকা মুদ্ৰাবৰ্গৰ বৰ্তমান আৰু পুৰণি অন্য় শৃংখলাৰ বেংকনোটৰ বৈধ মুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ

আৰবিআই/২০১৬-১৭/১১৩
এ.পি.- (ডি আই আৰ শৃংখলা) চাৰ্কুলাৰ নং ১৬

৯ নৱেম্বৰ,২০১৬

প্ৰতি,

     সকলো কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তি

মহাশয়/মহাশয়া,

৫০০ টকা আৰু ১০০০ টকা মুদ্ৰাবৰ্গৰ বৰ্তমান আৰু পুৰণি অন্য় শৃংখলাৰ বেংকনোটৰ বৈধ মুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ

১. কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিসকলৰ ভাৰতৰ ৰাজপত্ৰত প্ৰকাশিত ভাৰত চৰকাৰৰ অধিসূচনা এছ.অ.৩৪০৮ (ই) দিনাংক ৮ নৱেম্বৰ,২০১৬ৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰা হল যাৰ মতে বৰ্তমানৰ আৰু পুৰণি শৃংখলাৰ ৫০০ টকীয়া আৰু ১০০০ টকীয়া নোটবোৰৰ বৈধ মুদ্ৰা বৈশিষ্ট্য ৮ নৱেম্বৰ,২০১৬ৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰত্যাহাৰ কৰা হল।

২. অৱশ্যে অধিসূচনাখনৰ দফা ১(ছ) আৰু (জ)ৰ চৰ্তমতে নিৰ্দিষ্ট বেংকনোটবোৰ ১১ নৱেম্বৰ,২০১৬ পৰ্যন্ত বৈধ মুদ্ৰা হৈ থাকিব নিম্নোক্ত আচুতীয়া লেনদেনত ব্যৱহাৰ সাপেক্ষে-

ক. আন্তৰ্জাতিক বিমান বন্দৰত আগমনকাৰী আৰু প্ৰত্যাগমনকাৰী যাত্ৰীসকলৰ বাবে যাৰ হাতত নিৰ্দিষ্ট বেংকনোটবোৰ থাকে আৰু যিখিনিৰে তেওঁলোকে বৈধ মুদ্ৰাৰে বিনিময় কৰিব পৰা মূল্য পাঁচ হাজাৰ টকাৰ অধিক হব নোৱাৰিব, আৰু

খ. বিদেশী পৰ্যটকৰ বাবে বিদেশী মুদ্ৰা বা নিৰ্দিষ্ট বেংকনোটক বৈধ মুদ্ৰাৰে বিনিময় কৰাৰ সীমা পাঁচ হাজাৰ টকাৰ অধিক হব নোৱাৰিব।

৩. কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিসকলে উপৰিউক্ত নিৰ্দেশাৱলী মানি চলিব আৰু এই চাৰ্কুলাৰ বিষয়বস্তুখিনি সংশ্লিষ্টসকলৰ দৃষ্টিগোচৰ কৰিব।

৪. এই চাৰ্কুলাৰত দিয়া নিৰ্দেশাৱলী বিদেশী বিনিময় মুদ্ৰা ব্যৱস্থাপনা আইন,১৯৯৯ (১৯৯৯ৰ ৪২)ৰ ধাৰা ১০(৪) আৰু ধাৰা ১১(১)ৰ অধীনত জাৰি কৰা হৈছে আৰু অন্য কোনো আইনত আৱশ্যক হব পৰা অনুমতি/অনুমোদনৰ পক্ষপাতিত্ব ব্যতিৰেকে কৰা হৈছে।

আপোনাৰ বিশ্বাসী

(শ্বেখৰ ভাটনাগৰ)
প্ৰভাৰী মুখ্য মহা-প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt