Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (408.00 kb ) version to your machine and then use respective software to print the story.
Date: 08/11/2016
বৰ্তমানৰ ৫০০ টকীয়া আৰু ১০০০ টকীয়া বেংক নোটৰ বৈধ মুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ

আৰবিআই/২০১৬-১৭/১১২
ডিচিএম (পিএলজি) নং ১২২৬/১০.২৭.০০/২০১৬-১৭

৮ নৱেম্বৰ, ২০১৬

অধ্যক্ষ, পৰিচালন সঞ্চালক, মুখ্য কাৰ্যবাহী বিষয়া,
ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী খণ্ডৰ বেংক/বিদেশী বেংক/আঞ্চলিক গ্ৰামীণ বেংক/
চহৰীয়া সমবায় বেংক/ৰাজ্যিক সমবায় বেংক

মহাশয়/মহাশয়া,

বৰ্তমানৰ ৫০০ টকীয়া আৰু ১০০০ টকীয়া বেংক নোটৰ বৈধ মুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ

ভাৰত চৰকাৰে জাৰি কৰা ৰাজপত্ৰিত অধিসূচনা নং ২৬৫২ দিনাংক ৮ নৱেম্বৰ,২০১৬ৰ ব্যৱস্থানুযায়ী বৰ্তমানৰ শৃংখলাত ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা ৫০০ টকা আৰু ১০০০ টকা মুদ্ৰাবৰ্গৰ বেংক নোটসমূহ (ইয়াৰ পাছত উল্লেক কৰা নিৰ্দিষ্ট বেংক নোটবোৰ), অধিসূচনাখনত সন্নিৱিষ্ট পৰ্যন্ত ৯ নৱেম্বৰ,২০১৬ৰ বৈধ মুদ্ৰা হৈ নাথাকিব। বিভিন্ন আকাৰ আৰু আৰ্হিৰে দেশৰ সাংস্কৃতিক ঐতিহ্য আৰু বৈজ্ঞানিক সাফল্যক প্ৰতিফলিত কৰি মহাত্মা গান্ধী (নতুন) শৃংখলাত এলানি নতুন নোট জাৰি কৰা হব। বেংক শাখাসমূহ প্ৰাথমিক এজেন্সি হব যাৰ জৰিয়তে ৰাইজ আৰু অন্যান্য গোটে নিৰ্দিষ্ট বেংক নোটবোৰ অন্য বৈধ মুদ্ৰাবৰ্গৰ বেংকনোটেৰে সলনি কৰিব বা তেওঁলোকৰ একাউণ্টত নিৰ্দিষ্ট বেংক নোটবোৰ ৩০ ডিচেম্বৰ,২০১৬লৈকে জমাভুক্ত কৰিব পাৰিব। সেয়ে এই কামত বেংকবোৰে সৰ্বোচ্চ অগ্ৰাধিকাৰ দিব লাগিব।

ৰাইজ আৰু অন্যান্য গোটক বৰ্তমানৰ ৫০০ টকীয়া আৰু ১০০০ টকীয়া নোটবোৰ সলাই লোৱাৰ সুচলাৰ্থে বেংকবিলাকে নিম্নোক্ত ব্যৱস্থাৱলী গ্ৰহণ কৰিব লাগিব –

২. নৱেম্বৰ,২০১৬ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী-

ক. ৯ নৱেম্বৰ,২০১৬ (বুধবাৰ) সকলো বেংকৰ বাবে অনা-ব্যৱসায় কৰ্মদিন হব। অৱশ্যে এই চাৰ্কুলাৰ মতে আঁচনিখন ৰূপায়ণৰ বাবে প্ৰস্তুতি চলাবলৈ সেইদিনা শাখাসমূহত কাম-কাজ চলিব।

খ. এটিএম, কেশ্ব ডিপজিট মেচিন, কেশ্ব ৰিচাইক্লাৰ, মুদ্ৰা বিতৰক মেচিন, অন্য যিকোনো নগদ বিতৰণ যন্ত্ৰ, চিআইটি কোম্পানী আৰু বিজিনেছ কৰেছপণ্ডেণ্টৰ হাতত মজুত থকা নিৰ্দিষ্ট বেংকনোটবোৰ ততালিকে প্ৰত্যাহাৰ কৰিব লাগিব। হোৱাইট লেবেল এটিএমবোৰৰ পৰা যিবিলাকৰ উদ্যোক্তা বেংকবোৰে নিজে নিৰ্দিষ্ট বেংকনোটবোৰ প্ৰত্যাহাৰ কৰিব লাগিব।

গ. বেংকবিলাকে তেওঁলোকৰ শাখাসমূহ, বিজিনেছ কৰেছপণ্ডেণ্টৰ পৰা নিৰ্দিষ্ট বেংকনোট উলিয়াই দিয়াটো বন্ধ কৰিব লাগিব ৯ নৱেম্বৰ,২০১৬ৰ পৰাই।

ঘ. সকলো এটিএম, কেশ্ব ডিপজিট মেচিন, কেশ্ব ৰিচাইক্লাৰ আৰু নগদ প্ৰাপ্তি আৰু প্ৰদানৰ বাবে ব্যৱহৃত আন সকলো যন্ত্ৰ ৯ নৱেম্বৰ আৰু ১০ নৱেম্বৰ,২০১৬ত বন্ধ থাকিব।

ঙ. সকলো এটিএম আৰু নগদ বিতৰক যন্ত্ৰ ১১ নৱেম্বৰ,২০১৬ত পুনৰ কাৰ্যক্ষম কৰাৰ পূৰ্বে ১০০ টকা আৰু ৫০ টকা মুদ্ৰাবৰ্গৰ নোট উলিয়াই দিব পৰাকৈ ৰিকনফিগাৰ কৰিব লাগিব। অৱশ্যে মহাত্মা গান্ধী (নতুন) শৃংখলাৰ নোটবোৰ এটিএম আৰু নগদ বিতৰক যন্ত্ৰযোগে উলিয়াই দিয়াৰ ক্ষেত্ৰত বেংকবোৰে বাৰতীয় ৰিজাৰ্ভ বেংকৰ সুকীয়া নিৰ্দেশলৈ অপেক্ষা কৰিব লাগিব যদিও ৯ নৱেম্বৰ,২০১৬ৰ পৰা সেইবোৰ কাউণ্টাৰৰ পৰা দিব পৰা যাব।

চ. বেংকিং বিনিময় আইন,১৯৪৯ৰ অধীনত সংজ্ঞাপ্ৰাপ্ত প্ৰতিটো বেংকিং কোম্পানীয়ে আৰু প্ৰতিটো কোষাগাৰে ৮ নৱেম্বৰ,২০১৬ৰ ব্যৱসায় সামৰাৰ পৰত তেওঁলোকৰ হাতত থকা নিৰ্দিষ্ট বেংকনোটৰ সবিশেষ দেখুৱাই, সংলগ্ন পত্ৰ-১ত নিৰ্দেশিত ফৰমেটত ১০ নৱেম্বৰ,২০১৬ৰ দিনৰ ১ বজাৰ পূৰ্বে, বেংকটোৰ মুখ্য কাৰ্যালয়ৰ ক্ষেত্ৰাধিকাৰ থকা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সংশ্লিষ্ট আঞ্চলিক কাৰ্যালয়লৈ সম্পূৰ্ণ ৰিটাৰ্ণ পঠিয়াব লাগিব। এটিএম, কেশ্ব ডিপজিট মেচিন, কেশ্ব ৰিচাইক্লাৰ্চ, মুদ্ৰা বিতৰক যন্ত্ৰ, চিআইটি কোম্পানী, বিজিনেছ কৰেছপণ্ডেণ্ট আদিৰ পৰা প্ৰত্যাহাৰ কৰা নিৰ্দিষ্ট বেংক নোটৰ সবিশেষ ৰিটাৰ্ণত থাকিব লাগিব।

ছ. এই বিশেষ নোটবোৰ লিংক কৰা কাৰেন্সি চেষ্ট/আৰবিআইত তত্কালে জমা কৰোৱা ব্যৱস্থা সাখাবোৰে লব লাগিব আৰু তেনে ৰাশি নিজৰ একাউণ্টত জমাভুক্ত কৰিব লাগিব।

জ. শাখাবোৰে নিজৰ নগদ চাহিদা নিৰূপণ কৰিব আৰু লিংক থকা/ওচৰৰ কাৰেন্সি চেষ্ট/আৰবিআইৰ পৰা বৈধ মুদ্ৰাবৰ্গৰ বেংক নোট লব।

ঝ. কেশ্ব ডিপজিট মেচিন/কেশ্ব ৰিচাইক্লাৰ্চে ৩০ ডিচেম্বৰ,২০১৬লৈকে নিৰ্দিষ্ট বেংক নোটবোৰ লৈ থাকিব লাগিব।

ঞ. নিৰ্দিষ্ট বেংক নোটবোৰৰ বৈধ মুদ্ৰা বৈশিষ্ট্য (সংলগ্ন-পত্ৰ ২ মতে) প্ৰত্যাহাৰ আৰু মহাত্মা গান্ধী (নতুন) শৃংখলাৰ বেংকনোটৰ লক্ষ্যণীয় বৈশিষ্ট্যসমূহৰ (সংলগ্ন-পত্ৰ ৩ মতে) বিষয়ে জনসাধাৰণক শিক্ষিত কৰা তথ্য সামগ্ৰীবোৰ পৰ্যাপ্ত পৰিমাণে ছপা/কপি কৰিব লাগিব আৰু ৰাইজৰ মাজত বিতৰণ/বেংকিং কক্ষ/এটিএম কিয়স্কত চকুত পৰাকৈ আঁৰিব লাগিব।

ট. বেংকবোৰ বিনিময় কাউণ্টাৰত কাম কৰা কৰ্মচাৰীসকলক চিনাক্ত কৰি আঁচনিখনৰ বিষয়ে বিশদ বুজাই আৰু অনুসৰণ কৰিবলগীয়া পদ্ধতিৰ বিষয়ে সষ্টম কৰিব। বিনিময় কাউণ্টাৰত কৰ্মৰত কৰ্মচাৰীক (সংলগ্ন পত্ৰ ৪ত দিয়া এফএকিউৰ প্ৰতিলিপি একোটা দিব।

ঠ. কামৰ হেঁচা চম্ভালিব পৰাকৈ আৰু সময় মতে জালনোট ধৰা পেলোৱাৰ বাবে পৰ্যাপ্ত সংখ্যক নোট কাউণ্টিং মেচিন, ইউ ভি লেস্প, নোট চৰ্টিং মেচিন যোগাৰ কৰিব লাগিব। আমাৰ চাৰ্কুলাৰ নং ডিচিএম (এফএনভিডি) নং ১১৩৪/১৬.০১.০৫/২০১৬-১৭ দিনাংক ২৭ অক্টোবৰ,২০১৬ যোগে ইতিমধ্যে কোৱা মতে বেংকিং কক্ষ, ৰাজহুৱা এলেকা কাউণ্টাৰবোৰত চিচি টিভি কেমেৰাৰে নিৰীক্ষণ কৰি সম্পূৰ্ণ ৰেকৰডিং সংৰক্ষিত কৰিব লাগিব।

৩. ১০ নৱেম্বৰ,২০১৬ত লবলগীয়া ব্যৱস্থাৱলী-

ক. বেংক শাখাবোৰে ১০ নৱেম্বৰ,২০১৬ত স্বাভাৱিক কাম-কাজ আৰম্ভ কৰিব।

খ. নিৰ্দিষ্ট বেংক নোটৰ বিনিময়/গ্ৰহণৰ বাবে সূচল ব্যৱস্থা কৰাত বেংকবোৰে সৰ্বোচ্চ অগ্ৰাধিকাৰ দিব লাগিব আৰু ৰাইজৰ দাবী পূৰণ হোৱাকৈ অতিৰিক্ত কাউণ্টাৰ খুলি, আৱশ্যক মতে অধিক সময়ৰ বাবে খোলা ৰাখিব লাগিব। এই কামৰ বাবে সৰ্বাধিক সংখ্যক কৰ্মচাৰীক নিয়োজিত কৰিব লাগিব। অতিৰিক্ত কামৰ হেঁচা চম্ভালিবৰ কাৰণে বেংকে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীকো অস্থায়ী কালৰ বাবে নিয়োজিত কৰিব পাৰে।

গ. বিনিময় সুবিধাৰ ব্যৱস্থা

দফা ১ৰ উপদফা(১)ত উল্লেখিত বেংকিং কোম্পানী আৰু চৰকাৰী কোষাগাৰৰ বাদে ব্যক্তি একোজনৰ হাতত থকা নিৰ্দিষ্ট বেংক নোটবোৰ, ৰিজাৰ্ভ বেংকৰ ইছ্যু অফিচ বা ৰাজহুৱা খণ্ডৰ বেংক, বেচৰকাৰী খণ্ডৰ বেংক, বিদেশী বেংক, আঞ্চলিক গ্ৰামীণ বেংক, চহৰীয়া সমবায় বেংক আৰু ৰাজ্যিক সমবায় বেংকৰ যিকোনো শাখাত ৩০ ডিচেম্বৰ,২০১৬কে ধৰি আৰু পৰ্যন্ত সলাই লব পাৰিব, নিম্নোক্ত চৰ্ত সাপেক্ষে-

১. মুঠ ৪০০০ টকা বা কম মূল্যৰ নিৰ্দিষ্ট বেংক নোটবোৰ ৰিজাৰ্ভ বেংকে নিৰ্ধাৰণ কৰা ফৰমেটৰ ৰিকুইজিশ্যন শ্লিপত আৰু নিজৰ পৰিচয় প্ৰমাণ দাখিল কৰি একোজন ব্যক্তিয়ে সমপৰিমাণৰ সলাই লব পাৰিব; এই অধিসূচনা জাৰিৰ ১৫ দিনৰ পাছত নিৰ্দিষ্ট বেংক নোট সলোৱাৰ সৰ্বোচ্চ সীমা পুনৰীক্ষণ কৰা হব আৰু আৱশ্যক মতে উপযুক্ত আদেশ জাৰি কৰা হব।

২. একোজন ব্যক্তিয়ে নিজৰ একাউণ্ট থকা বেংকত যিকোনো পৰিমাণ আৰু মূল্যৰ নিৰ্দিষ্ট বেংকনোট জমাভুক্ত কৰিব পাৰিব; অৱশ্যে কেৱাইচি পৰিপূৰণ নকৰা একাউণ্টত ৫০০০০ টকা পৰ্যন্ত নিৰ্দিষ্ট বেংকনোট জমা কৰিব পাৰিব।

৩. একোজন ব্যক্তিয়ে নিজৰ একাউণ্টত জমাভুক্ত কৰিবলৈ বিচৰা নিৰ্দিষ্ট বেংকনোটৰ সমপৰিমাণৰ ৰাশি যিকোনো বেংকত জমা কৰিব পাৰিব, প্ৰচলিত বেংকিং পদ্ধতি মতে আৰু বৈধ পৰিচয় প্ৰমাণ দাখিল কৰি।

৪. নিৰ্দিষ্ট বেংকনোটৰ সমপৰিমাণৰ ৰাশি দাখিলকৰ্তাই যিকোনো বেংকত তৃতীয় পক্ষত একাউণ্টত জমাভুক্ত কৰিব পাৰিব, যদিহে যাচকে প্ৰচলিত বেংকিং প্ৰথা অনুসৰণ কৰে আৰু সংলগ্ন পত্ৰ৫ মতে প্ৰকৃত যাচক ব্যক্তিৰ বৈধ পৰিচয় প্ৰমাণ দাখিল কৰে।

৫. অধিসূচনা জাৰিৰ পৰা ২৪ নৱেম্বৰ,২০১৬ৰ ব্যৱসায় সময়ছোৱা পৰ্যন্ত এটা সপ্তাহত ২০,০০০ টকাৰ মুঠ সীমাৰে একোদিনত কাউণ্টাৰৰ পৰা ১০,০০০ টকা উলিওৱাটো সীমাবদ্ধ কৰা হব; তাৰ পিছত এই সীমা পুনৰীক্ষণ কৰা হব।

৬. চেক, ডিমাণ্ড ড্ৰাফ্ট, ক্ৰেডিট বা ডেবিট কাৰ্ড, মোবাইল ৱালেট, ইলেকট্ৰনিক ফাণ্ড ট্ৰেন্সফাৰ আদি নগদবৰ্জিত প্ৰণালীৰে একাউণ্ট পৰিচালনাৰ ক্ষেত্ৰত কোনো সীমাবদ্ধতা নাথাকে।

৭. এটিএমৰ পৰা টকা উলিওৱাটো ১৮ নৱেম্বৰ,২০১৬ পৰ্যন্ত দৈনিক ২০০০ টকাত সীমিত থাকিব আৰু ১৯ নৱেম্বৰ,২০১৬ৰ পৰা এই সীমা ৪০০০ টকালৈ বৃদ্ধি কৰা হব।

৮. ৩০ ডিচেম্বৰ,২০১৬ৰ ভিতৰত বা তাৰ আগতে নিজৰ একাউণ্টত নিৰ্দিষ্ট বেংক নোট বিনিময় বা জমা কৰিবলৈ সমৰ্থ নোহোৱা ব্যক্তিসকলক ৰিজাৰ্ভ বেংকৰ নিৰ্দিষ্ট কাৰ্যালয় বা অন্য সূচলতাত পিছত ঘোষণা কৰিব লগা তাৰিখলৈ জমা কৰিবলৈ সুবিধা দিয়া হব।

৯. বিজিনেছ কৰেছপণ্ডেণ্টবোৰকো বেংক শাখাৰ দৰে বৈধ পৰিচয় প্ৰমাণ আৰু ৰিকুইজিশ্যন শ্লিপ সাপেক্ষে প্ৰতি ব্যক্তিক ৪০০০ টকা পৰ্যন্ত নিৰ্দিষ্ট বেংক নোট বিনিময় কৰিবলৈ অনুমতি দিব পাৰে। ইয়াৰ বাবে বেংকে ইয়াৰ ঐচ্ছিক ক্ষমতা প্ৰয়োগ কৰি বিচিবোৰৰ নগদ ৰখাৰ সীমা বৃদ্ধি কৰিব পাৰে।

৪. ৰিপোৰ্টিং পদ্ধতি

৫০০ আৰু ১০০০ টকীয়া বেংকনোট বিনিময় কৰা প্ৰতিটো বেংক সাখাই ১০ নৱেম্বৰ,২০১৬ৰ পৰা ৩০ ডিচেম্বৰ,২০১৬ পৰ্যন্ত (বা আৰবিআইয়ে পৰৱৰ্ত্তী কালত ঘোষণা কৰা তাৰিখ) প্ৰতিদিনৰ ব্যৱসায় সামৰণিত ইমেইল বা ফেক্সযোগে সংলগ্নপত্ৰ ৬ মতে বিনিময় কৰা নিৰ্দিষ্ট বেংকনোটৰ সবিশেষ উল্লেখ কৰি নিয়ন্ত্ৰণকাৰী কাৰ্যালয়লৈ প্ৰবিৱৰণ পঠিয়াব লাগিব আরু সংশ্লিষ্ট নিয়ন্ত্রক কার্যালয়ে এইবোৰৰ সর্বমুঠ হিচাপসংলগ্ন পত্ৰ ৬ৰ মতে ইমেইলযোগে আৰ বি আই কেন্দ্ৰীয় কাৰ্যালয়ৰ পত্ৰমুদ্ৰা ব্যৱস্থাপনা বিভাগক দৈনিক ভিত্তিত জনাই থাকিব লাগিব।

৫. আঁচনিখনৰ আধাৰ আৰ্হি আৰু উল্লেখিত প্ৰক্ৰিয়া কঠোৰভাৱে অনুসৰণ কৰাকৈ বেংকবোৰে নিজৰ শাখাবোৰক বিস্তৃত নিৰ্দেশ দিব। শাখাৰ কৰ্মচাৰী বিশেষকৈ টেলাৰসকলক বিশেষভাৱে প্ৰশিক্ষিত কৰিব লাগিব। ইয়াৰ বাবে আমাৰ ৱেবছাইট (www.rbi.org.in) আৰু ভাৰত চৰকাৰৰ ৱেবছাইটৰ তথ্যাৱলী ব্যৱহাৰ কৰিব পাৰে। কৰ্মচাৰীক সংলগ্ন পত্ৰ ৪ মতে এফএকিউ সমৰ্থ কৰাই লব।

৬. বেংবোৰে তথ্য সামগ্ৰীবোৰৰ প্ৰতিলিপি কৰিও (সংলগ্ন পত্ৰ ২,৩,৪) ৰাইজৰ মাজত বিলাব পাৰে।

৭. বেংকে বিচি, এটিএম ছুইচ অপাৰেটৰ আৰু চি আই টিবোৰক আঁচনিখনৰ বিষয়ে যাৱতীয় নিৰ্দেশনাত দিব লাগিব।

৮. বেংবোৰে মহা-প্ৰৱন্ধক পৰ্যায়ৰ এজন বিষয়াৰ নেতৃত্বত গঠিত নিৰীক্ষণ কোষৰ যোগেদি দৈনিক ভিত্তিত আঁচনিখনৰ ৰূপায়ণৰ অগ্ৰগতি নিৰীক্ষণ কৰিব আৰু সেই বিষয়াজনে নডেল অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিব। নডেল অফিচাৰজনৰ যোগাযোগৰ সবিশেষ আৰ বি আইৰ সংশ্লিষ্ট আঞ্চলিক কাৰ্যালয়ক জনাব লাগিব আৰু এটা প্ৰতিলিপি আৰ বি আইৰ মুম্বাইস্থিত মুখ্য কাৰ্যালয়লৈ তলত দিয়া মতে ইমেইলযোগে পঠিয়াব লাগিব।

৯. আঁচনিখনৰ ৰূপায়ণ নিৰীক্ষণ আৰু বেংক তথা ৰাইজক আৱশ্যকীয় দিহা দিয়াৰ উদ্দেশ্যে আৰ বি আইয়ে ইয়াৰ কেন্দ্ৰীয় কাৰ্যালয়ত এটা নিয়ন্ত্ৰণ কক্ষ খুলিছে। নিয়ন্ত্ৰণ কক্ষৰ ইমেইল আই ডি আৰু টেলিফোন নম্বৰ হল-
ই-মেইল-
টেলিফোন নং- ০২২ ২২৬০২৮০৪/০২২ ২২৬০২৯৪৪

১০. অনুগ্ৰহ কৰি প্ৰাপ্তি স্বীকাৰ কৰিব।

আপোনাৰ বিশ্বাসী,

(পি বিজয় কুমাৰ)
মুখ্য মহা-প্ৰৱন্ধক

সংলগ্ন - ওপৰৰ মতে।

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt